ETV Bharat / bharat

SC on Manipur Naked women parade: মণিপুৰৰ অমানৱীয় ঘটনা কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়- উচ্চতম ন্যায়ালয়

author img

By

Published : Jul 31, 2023, 4:26 PM IST

Updated : Jul 31, 2023, 4:42 PM IST

supreme-court-on-manipur-and-violence-against-women
মণিপুৰৰ অমানৱীয় ঘটনা কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়- উচ্চতম ন্যায়ালয়

অধিবক্তা বনচুৰী স্বৰাজে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠন কৰা বিচাৰপীঠত দাখিল কৰা প্ৰতিবেদনৰ প্ৰত্যুত্তৰত উল্লেখ কৰে যে, মণিপুৰত যি জঘন্য ঘটনা ঘটিছিল সেয়া কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয় ৷ মণিপুৰত যি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে এই সংঘৰ্ষত মহিলাসকলৰ বিৰুদ্ধে উদ্ভৱ হ’ব পৰা হিংসাৰ ঘটনা ৰোধ কৰি তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো কৰাটো আমাৰ কৰ্তব্য ৷

নেশ্যনেল ডেস্ক, 31 জুলাই : মণিপুৰত যোৱা 4 মে’ত দুগৰাকী মহিলাক বিৱস্ত্ৰ কৰি সমদল উলিওৱা অমানৱীয় ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে খোদ উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক কঠোৰ পদক্ষেপ ল’বলৈ নিৰ্দেশনা দিছিল ৷ অন্যাথা উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ এই ঘটনাৰ বিৰুদ্ধে পদক্ষেপ ল’ব বুলি সদৰী কৰিছিল ৷

উচ্চতম ন্যায়ালয়ে সোমবাৰে এই মণিপুৰৰ ঘটনা সন্দৰ্ভত পৰিলক্ষিত কৰি কয় যে, সমগ্ৰ দেশতে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে আৰু এয়া আমাৰ সমাজ জীৱনক এক বাস্তৱলৈ পৰিণত হৈছে ৷ কিন্তু মণিপুৰত যি জঘন্য ঘটনা ঘটিছিল সেয়া কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয় ৷ আনহাতে এজন পৰামৰ্শদাতাই পশ্চিম বংগত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰো উদ্ধৃতি দিয়ে ৷

অধিবক্তা বনচুৰী স্বৰাজে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠত দাখিল কৰা এক প্ৰতিবেদন অনুসৰি পশ্চিম বংগ আৰু ছত্তিশগড়তো নাৰী নিৰ্যাতনৰ যি ঘটনা সংঘটিত হৈছিল সেয়া মণিপুৰৰ ঘটনাৰ দৰেই আছিল ৷

মুখ্য ন্যায়াধীশগৰাকীয়ে বনচুৰী স্বৰাজৰ প্ৰত্যুত্তৰত কয় যে, "আমি মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত সঠিকভাৱে পৰ্যালোচনা কৰি আছো ৷ আমি পৰৱৰ্তী সময়ত আপোনাৰ কথা শুনিম..." তেতিয়া স্বৰাজে জোৰ দি কৈছিল যে উচ্চতম ন্যায়ালয়ে সমগ্ৰ ভাৰতৰ কন্যাসকলক সুৰক্ষিত কৰিব লাগে ৷ মণিপুৰত যি ঘটনা সংঘটিত ঘটিছিল তাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ ৷"

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে উল্লেখ কৰে যে, সম্প্ৰতি আমি মণিপুৰৰ নিকৃষ্ট ঘটনাৰ সন্দৰ্ভত পৰ্যালোচনা কৰি আছো ৷ মণিপুৰত যি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে এই সংঘৰ্ষত মহিলাসকলৰ বিৰুদ্ধে উদ্ভৱ হ’ব পৰা হিংসাৰ ঘটনা ৰোধ কৰি তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো কৰাটো আমাৰ কৰ্তব্য ৷

মুখ্য ন্যায়াধীশে লগতে উল্লেখ কৰে, "আমাৰ একমাত্ৰ উত্তৰ টো হ'ল: মণিপুৰৰ দৰে দেশৰ এটা অংশত যি ঘটনা সংঘটিত ঘটিছে তাক ক্ষমা কৰিব নোৱাৰি... ইয়াৰ সমান্তৰালকে মহিলাৰ বিৰুদ্ধে আন কেইবাটাও অপৰাধৰ ঘটনা পোহৰলৈ আহিছে ৷ এতিয়া আমাৰ বাবে প্ৰশ্নটো হ'ল আমি মণিপুৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিম, সেই বিষয়ে আপোনালোকে আদালতক সহায় কৰক অথবা তদন্তৰ পৰিকাঠামো নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আমাক সহযোগিতা কৰক ৷

স্বৰাজে জুলাইত প্ৰতিবেদনত উল্লেখ কৰিছিল যে, মণিপুৰৰ ঘটনাৰ পিচতে পশ্চিমবংগত 40-50 জন পুৰুষৰ এটা দলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী এগৰাকীক বিৱস্ত্ৰ কৰিছিল তেওঁৰ লগত যৌন উৎপীড়ন ঘটনা সংঘটিত কৰি গাঁৱত তেওঁক লৈ নগ্ন পেৰেড কৰিছিল ৷ এই ঘটনা মণিপুৰৰ সৈতে একে ধৰণৰ ঘটনা ৷ কিন্তু এই ক্ষেত্ৰত কোনো এজাহাৰ পঞ্জীয়ন কৰা হোৱা নাই বুলি হেঁচা প্ৰয়োগ কৰিছিল স্বৰাজে ৷

স্বৰাজে দাবী উত্থাপন কৰিছিল যে পশ্চিমবংগৰ ক্ষেত্ৰতো এই ঘটনা সমানেই গুৰুতৰ, কিয়নো ভোটাৰসকলক শিকনি দিবলৈ মহিলাৰ বিৰুদ্ধে হিংসাত্মক কাৰ্য ব্যৱহাৰ কৰা হৈছিল ৷ অধিবক্তাগৰাকীয়ে জোৰ দি কৈছিল যে মণিপুৰত আদালতে যি প্ৰণালী অনুসৰণ কৰি আছে, সেই অনুশীলন পশ্চিমবংগ, ৰাজস্থান, ছত্তিশগড় আৰু কেৰালাতো অনুসৰণ কৰা হওক ৷

লগতে পঢ়ক: PIL on Manipur issue : মণিপুৰকলৈ দাখিল কৰা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ শীৰ্ষ ন্যায়ালয়ৰ

Last Updated :Jul 31, 2023, 4:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.