ETV Bharat / bharat

ASI Survey in Gyanvapi Masjid : জ্ঞানবাপী মছজিদ চৌহদত এএছআই জৰীপৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Aug 4, 2023, 7:51 PM IST

অঞ্জুমান ইণ্টেজামিয়া মছজিদ সমিতি নামৰ এক মুছলমান সংস্থাই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ক কয় যে জ্ঞানবাপী মছজিদত এএছআইৰ জৰীপৰ উদ্দেশ্য হৈছে ইতিহাস ৰচনা কৰা আৰু ই অতীতৰ ঘা পুনৰায় সজীৱ কৰি তুলিব ।

ASI Survey in Gyanvapi Masjid
ASI Survey in Gyanvapi Masjid

নিউজ ডেস্ক, ৪ আগষ্ট : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপক (এএছআই) জ্ঞানবাপী মছজিদ চৌহদৰ বৈজ্ঞানিক জৰীপ কৰাৰ অনুমতি দিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । লগতে এইটোও কয় যে উক্ত স্থানত কোনো খনন কাৰ্য চলোৱা উচিত নহয় । উল্লেখ্য যে জ্ঞানবাপী মছজিদ সমিতিক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা হুজেফা আহমদীয়ে মছজিদ চৌহদত এএছআইৰ জৰীপত তীব্ৰ আপত্তি দৰ্শাইছিল ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে প্ৰশ্ন কৰে যে আমি এই পৰ্যায়ত উচ্চ ন্যায়ালয়ৰ আদেশত কিয় হস্তক্ষেপ কৰিব লাগে । দেশৰ শীৰ্ষ ন্য়ায়ালয়ে কয়, "আমি উচ্চ ন্যায়ালয়ৰ দৃষ্টিভংগীৰ সৈতে একমত... আমি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা পুনৰাবৃত্তি কৰি কওঁ যে তাত কোনো খনন নহ'ব ।"

আনহাতে, শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে সমগ্ৰ জৰীপটো অনা-আক্ৰমণাত্মক ধৰণে সম্পন্ন কৰিব লাগে আৰু একে সময়তে মছজিদৰ দেৱাল বা গাঁথনিৰ কোনো খনন বা ক্ষতি হ'ব নালাগে । উল্লেখ্য, অঞ্জুমান ইণ্টেজামিয়া মছজিদ সমিতি নামৰ এক মুছলমান সংস্থাই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ক কয় যে জ্ঞানবাপী মছজিদত এএছআইৰ জৰীপৰ উদ্দেশ্য হৈছে নতুন ইতিহাস ৰচনা কৰা আৰু অতীতৰ ঘা পুনৰ সজীৱ কৰা ।

মছজিদ পৰিচালনা সমিতিৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা হুজেফা আহমদীয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত যুক্তি দৰ্শায় যে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ (এএছআই) দ্বাৰা ইতিহাস বিকৃত কৰা, উপাসনা স্থান আইন উলংঘা কৰা আৰু ভাতৃত্ববোধ আৰু ধৰ্মনিৰপেক্ষতাক প্ৰভাৱিত কৰাৰ বাবে এই কাৰ্য কৰা হৈছে ।

বিচাৰপীঠে কয়, "আপুনি একেটা ভিত্তিতে প্ৰতিটো অন্তৰ্ৱৰ্তীকালীন আদেশৰ বিৰোধিতা কৰিব নোৱাৰে আৰু শুনানিৰ সময়ত আপোনাৰ আপত্তিৰ সিদ্ধান্ত লোৱা হ'ব ।" আনহাতে, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জৰীপ আদেশৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি আহমদীয়ে কয় যে এএছআই জৰীপৰ উদ্দেশ্য হৈছে ইতিহাসক বিকৃত কৰি ৫০০ বছৰ আগতে কি ঘটিছিল সেয়া জানিবলৈ বিচৰা । ই অতীতৰ ঘাবোৰ পুনৰ সজীৱ কৰি তুলিব ।

আহমদীয়ে লগতে কয় যে জৰীপটোৱে উপাসনা স্থান (বিশেষ ব্যৱস্থা) আইন, ১৯৯১ উলংঘা কৰে, যিয়ে ১৯৪৭ চনৰ পৰা থকা ধৰ্মীয় স্থানবোৰৰ চৰিত্ৰৰ পৰিৱৰ্তন নিষিদ্ধ কৰে । উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে মছজিদ সমিতিয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে । উক্ত আদেশত জ্ঞানবাপী মছজিদত এএছআই জৰীপৰ অনুমতি দিছে । উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে জ্ঞানবাপী সমিতিয়ে জিলা আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰিছিল ।

লগতে পঢ়ক :PM Modi Degree Hearing : প্ৰধানমন্ত্ৰী মোদী ডিগ্ৰী গোচৰৰ পুনৰীক্ষণ আবেদন; ১৮ আগষ্টত শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.