ETV Bharat / bharat

Student murdered in Delhi, ৰাখী বন্ধন উপলক্ষে ভনীয়েকলৈ মিঠাই আনিবলৈ যাওতেই হত্যা

author img

By

Published : Aug 12, 2022, 10:54 PM IST

Updated : Aug 13, 2022, 11:00 AM IST

Friend killed friend in Delhi
ভনীয়েকৰ বাবে ৰাশি বন্ধনৰ মিঠাই আনিবলৈ গৈছিল ককায়েক

ভগ্নীৰ হাতৰ পৰা ৰাখী পিন্ধি ককায়েক যুৱৰাজে মিঠাই আনিবলৈ বুলি ঘৰৰ সমীপৰে এখন মিঠাইৰ দোকানলৈ গৈছিল ৷ কিন্তু ঘৰলৈ ঘূৰি আহিল যুৱৰাজৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা নিঠৰ দেহ (Youth murder over love affair in Delhi)) ৷

নেশ্যনেল ডেস্ক, 12 আগষ্ট: দিল্লীত ৰাখী বন্ধনৰ(Raksha Bandhan) পবিত্ৰ দিনটোতেই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ভগ্নীৰ হাতৰ পৰা ৰাখী পিন্ধি ককায়েক যুৱৰাজে মিঠাই আনিবলৈ বুলি ঘৰৰ সমীপৰে এখন মিঠালৈ দোকানলৈ গৈছিল ৷ কিন্তু ঘৰলৈ ঘূৰি আহিল যুৱৰাজৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা নিঠৰ দেহ (Delhi Murder case) ৷

দিল্লীৰ শ্বাহাদাৰা জিলাৰ যুৱৰাজে তেওঁৰ ভগ্নী আৰু পিতৃ-মাতৃৰ লগত বাস কৰিছিল ৷ দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল যুৱৰাজে ৷ শুকুৰবাৰে পুৱা মিঠাই আনিবলৈ যাওঁতেই তিনি বন্ধুৱে কথা পাতি থকা দেখি সেই আড্ডাত ভাগ লৈছিল যুৱৰাজে ৷ যুৱৰাজৰ এজন বন্ধুৰ সেই অঞ্চলৰে এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল ৷ সেই সম্পৰ্কে তিনি বন্ধুৰে কথা পাতি থকাৰ মাজতে চাৰিওৰে মাজত তৰ্কযুদ্ধৰ সৃষ্টি হয় ৷

লগেলগে তিনি বন্ধুৱে হাতত এখন ছুৰী লৈ প্ৰথমে যুৱৰাজৰ বাওঁ উৰুত আঘাত কৰিছিল ৷ তাৰ পিছতেই যুৱৰাজৰ সমস্ত শৰীৰত চুৰিকাঘাত কৰে তিনি বন্ধুৱে ৷ এই ঘটনা সংঘটিত কৰিয়েই তাৰ পৰা পলাই যায় তিনি অভিযুক্ত ৷

এই ঘটনাৰ পিছতে অঞ্চলটোত হুৱা-দুৱা লাগে ৷ স্থানীয় লোকে যুৱৰাজৰ পৰিয়ালক ঘটনা সন্দৰ্ভত অৱগত কৰিছিল ৷ যুৱৰাজৰ পৰিয়ালে আহি তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পুত্ৰক উদ্ধাৰ কৰে ৷ অত্যাধিক ৰক্তক্ষৰণ হোৱাৰ ফলত যুৱৰাজৰ ঘটনাস্থলীতেই মৃত্যু হয় (Murdered by best friend over love affair in Delhi)৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱৰাজৰ পৰিয়ালে স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে এজন নাবালকক আটক কৰি জেৰা আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Labour shot dead: কাশ্মীৰত সন্দেহজনক সন্ত্ৰাসবাদীৰ গুলীত নিহত বিহাৰৰ শ্ৰমিক

Last Updated :Aug 13, 2022, 11:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.