ETV Bharat / bharat

Cyclonic storm Hamoon : তীব্ৰতৰ হৈছে ঘূৰ্ণীবতাহ 'হামুন', দক্ষিণ অসমতো পৰিব প্ৰভাৱ

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 1:57 PM IST

Updated : Oct 25, 2023, 8:30 AM IST

উত্তৰ-পশ্চিম বংগোপসাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ 'হামুন' তীব্ৰতৰ হৈছে । দক্ষিণ অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ ।

Cyclonic storm Hamoon
তীব্ৰতৰ হৈছে ঘূৰ্ণীবতাহ হামুন

নেশ্যনেল ডেস্ক,২৪ অক্টোবৰ : এইবাৰ ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । বংগোপসাগৰত গভীৰ চাপৰ পাছতে সৃষ্টি হৈছে এই ঘূৰ্ণীবতাহ 'হামুন'ৰ । ইৰাণে নাম দিয়া এই 'হামুন' এক পাৰ্চী শব্দ । যাৰ অৰ্থ 'আভ্যন্তৰীণ মৰুভূমি হ্ৰদ' । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে জনোৱা মতে ঘূৰ্ণীবতাহ 'হামুন' উত্তৰ-পশ্চিম বংগোপসাগৰত গভীৰ চাপৰ ফলত সৃষ্টি হৈছে ।

পৰৱৰ্তী কেইঘণ্টামানৰ ভিতৰত ই অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল'ব বুলি আশংকা কৰা হৈছে । অৱশ্যে উত্তৰ-পূবৰ ফালে আগবাঢ়ি যোৱাৰ সময়ত ঘূৰ্ণীবতাহ 'হামুন' ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । আৰু ২৫ অক্টোবৰৰ সন্ধিয়া খেপুপাৰা আৰু চিটাগঙৰ মাজত বাংলাদেশ উপকূলত 'হামুন' ঘূৰ্ণীবতাহে খুন্দা মৰাৰ সম্ভাৱনা আছে । সেই সময়ত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ৬৫-৭৫ কিলোমিটাৰ হ'ব ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ 'হামুন' উত্তৰ-পশ্চিম বিঅ'বিৰ ওপৰেৰে প্ৰতি ঘণ্টাত ২১ কিলোমিটাৰ গতিবেগেৰ উত্তৰ-পূব দিশে আগবাঢ়িছে আৰু ২৪ অক্টোবৰত একেটা অঞ্চলৰ ওপৰত ৫:৩০ বজাত খুন্দা মাৰে ।

ঘূৰ্ণীবতাহ 'হামুন'ৰ ফলত মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু দক্ষিণ অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । ২৪ ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত উত্তৰ পূবৰ ৰাজ্যসমূহত পাতলৰ পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে ।

বতৰ বিজ্ঞান বিভাগৰ মতে, ২৫ অক্টোবৰত এই অঞ্চলবোৰত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে । ২৬ অক্টোবৰৰ ভিতৰত ক্ৰমান্বয়ে ঘূৰ্ণীবতাহৰ প্ৰভাৱ হ্ৰাস হোৱাৰ লগতে উক্ত অঞ্চলবোৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হ'ব । ইফালে মাছমৰীয়াসকলক এই সময়ছোৱাত সাগৰলৈ যোৱাৰ ক্ষেত্ৰত সতৰ্ক কৰি দিয়া হৈছে ।

লগতে পঢ়ক :Cyclone Tej : আহি আছে 'তেজ', উত্তৰ-পূৰ্বাঞ্চলতো পৰিব তেজৰ প্ৰভাৱ

Last Updated : Oct 25, 2023, 8:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.