ETV Bharat / bharat

Cyclone Tej : আহি আছে 'তেজ', উত্তৰ-পূৰ্বাঞ্চলতো পৰিব তেজৰ প্ৰভাৱ

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 11:40 AM IST

আৰৱ সাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ 'তেজ' গুজৰাটৰ কাষেৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে । ওমান আৰু য়েমেনৰ দক্ষিণ উপকূলৰ ফালে ই গতি কৰিব । অহা ২৪ ঘণ্টাৰ ভিতৰত ঘূৰ্ণীবতাহৰ ৰূপ ভয়ংকৰ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে ।

Cyclone Tej
আহি আছে 'তেজ'

নেশ্যনেল ডেস্ক,২২ অক্টোবৰ : ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহ 'তেজ' সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে । আইএমডিয়ে কোৱা মতে দেওবাৰে দুপৰীয়াৰ পূৰ্বে আৰৱ সাগৰৰ ওপৰত ঘূৰ্ণীবতাহ 'তেজ' তীব্ৰতৰ হৈ অতি তীব্ৰ ঘূৰ্ণীবতাহ (ভিএছচি)ত পৰিণত হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কয় যে ২১ অক্টোবৰৰ নিশা ১১:৩০ বজাত দক্ষিণ-পশ্চিম আৰৱ সাগৰৰ ওপৰত ই কেন্দ্ৰীভূত হৈছে, যি অতি তীব্ৰ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে ।

  • Depression over westcentral Bay of Bengal lay centered at 0230 IST of 22nd Oct about 610 km south of Paradip (Odisha), 760 km south of Digha (West Bengal), and 980 km SSW of Khepupara (Bangladesh). Likely to further intensify into a deep depression during next 24 hours. pic.twitter.com/RMqkmvHGUI

    — India Meteorological Department (@Indiametdept) October 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আইএমডিয়ে এক্সৰ এটা পোষ্টত এই বিষয়টো সন্দৰ্ভত কৈছিল যে আৰৱ সাগৰৰ এই ঘূৰ্ণীবতাহে ২৫ অক্টোবৰৰ পুৱতি নিশা আল ঘাইদা (য়েমেন) আৰু ছালালাহ (ওমান)ৰ মাজত এই ঘূৰ্ণীবতাহ পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগে কয় যে বংগোপসাগৰৰ ডব্লিউএমএল এক ঘূৰ্ণীবতাহত কেন্দ্ৰীভূত হয় । পশ্চিমবংগৰ দিঘাৰ পৰা ৭৮০ কিলোমিটাৰ দক্ষিণে ওড়িশাৰ পাৰদ্বীপৰ পৰা প্ৰায় ৬২০ কিলোমিটাৰ দক্ষিণে ইয়াৰ প্ৰভাৱ বাংলাদেশৰ পুপাৰাৰ পৰা ৯০০ কিলোমিটাৰ এছএছডব্লিউত দেখা যায় । প্ৰথমে ২০ অক্টোবৰত আৰৱ সাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্ন চাপ হিচাপে ইয়াক চিনাক্ত কৰা হৈছিল যি অৱশেষত ঘূৰ্ণীবতাহৰ ৰূপ লয় ।

  • VSCS Tej lay centered at 0230 IST of 22nd Oct over SW Arabian Sea about 260 km ESE of Socotra (Yemen), 630 km SSE of Salalah (Oman), and 650 km SE of Al Ghaidah (Yemen). Very likely to intensify further into an Extremely Severe Cyclonic Storm in the forenoon of 22nd Oct. pic.twitter.com/Vs9KVhxTqX

    — India Meteorological Department (@Indiametdept) October 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ২৪ আৰু ২৫ অক্টোবৰত ধাৰাসাৰ বৰষুণৰ পৰা কোনো কোনো স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে । দক্ষিণ অসমৰ কোনো কোনো অঞ্চলত ২৫ অক্টোবৰত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে ।

ওড়িশাৰ উপকূলীয় জিলাসমূহ ২৩, ২৪ আৰু ২৫ অক্টোবৰত বহু ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । পশ্চিমবংগৰ উপকূলীয় জিলাসমূহতো ২৪ আৰু ২৫ অক্টোবৰত বহু ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Gaganyaan Mission : গগনযানৰ টেষ্ট ভেহিকল উৎক্ষেপণ সাময়িকভাৱে স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.