ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত মোখ্যম আঘাত

author img

By

Published : Jun 30, 2021, 1:45 PM IST

ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma)ই 2018 চনৰ নিৰ্বাচনত পশ্চিম ত্ৰিপুৰা জিলাৰ অন্তৰ্গত ১ নং চিমনা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল । তেওঁ বিধানসভাৰ অধ্যক্ষ ৰেৱতী মোহন দাস (Assembly Speaker Rebati Mohan Das) ক পদত্যাগ পত্ৰ অৰ্পণ কৰে ৷

Snubbed IPFT MLA resigns, likely to join TIPRA
ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত মুখ্যম আঘাট

আগৰতলা, 30 জুন : ত্ৰিপুৰাৰ ৰাজনীতিত শাসকীয় বিজেপি মিত্ৰজোঁটৰ চৰকাৰক মুখ্যম আঘাট হানি মঙলবাৰে ইণ্ডিজেনাছ পি’পলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura)ৰ বিধায়ক ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma)ই দলৰ পৰা পদত্যাগ কৰে ৷ ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma)ই ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পৃথক ৰাজ্য টিপ্ৰালেণ্ডৰ আন্দোলনক নেতৃত্ব প্ৰদান কৰিছিল ৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে টিপ্ৰালেণ্ডৰ দাবীয়ে তেওঁক নিজৰ দলটোক ক্ষমতালৈ অনাত সহায় কৰিছিল ৷ কিন্তু দেখিবলৈ পোৱা গ’ল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পিছত এই দাবী আন এক নিৰ্বাচনী ইছ্যুলৈহে পৰিণত হৈছিল আৰু এই বিষয়টোক লৈ পি’পলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura)ৰ নেতৃত্ব ভিন্ন স্থিতিত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছিল ।

ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma)ই 2018 চনৰ নিৰ্বাচনত পশ্চিম ত্ৰিপুৰা জিলাৰ অন্তৰ্গত ১ নং চিমনা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল । তেওঁ বিধানসভাৰ অধ্যক্ষ ৰেৱতী মোহন দাস (Assembly Speaker Rebati Mohan Das) ক পদত্যাগ পত্ৰ অৰ্পণ কৰে ৷ দেৱবাৰ্মাই তেওঁৰ পদত্যাগ পত্ৰৰ প্ৰতিলিপি ইণ্ডিজেনাছ পি’পলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura)ৰ প্ৰমুখ এন চি দেৱবাৰ্মা আৰু মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Biplab Deb) লৈ প্ৰেৰণ কৰিছিল ।

Snubbed IPFT MLA resigns, likely to join TIPRA
ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত মুখ্যম আঘাট

ইণ্ডিজেনাছ পি’পলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura)ৰ বিধায়ক ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma)ই দলটোৰ পৰা পদত্যাগৰ পাছত ইণ্ডিজিনিয়াছ প্ৰ'গ্ৰেছিভ ৰিজিঅ'নেল এলায়েঞ্চ (TIPRA)ত যোগদান কৰাৰ সম্ভাৱনাই দেখা দিছে ৷

উল্লেখ্য য়ে, বিগত কেইবামাহ ধৰি ইণ্ডিজেনাছ পি’পলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura)ৰ বিধায়কসকলৰ মাজত সৃষ্ট অসন্তুষ্টিৰ বিভিন্ন গুজৱে ৰাজ্য়খনৰ ৰাজনৈতিক ক্ষেত্ৰখনক তোলপাৰ লগাই আহিছিল ৷ শেহতীয়াকৈ হৈ যোৱা ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ পাছত দলটোৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা মতানৈক্য অধিক হোৱা পৰিলক্ষিত হৈছিল । ফলস্বৰূপে ত্ৰিপুৰাৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত শক্তিশালীৰূপত আত্মপ্ৰকাশ কৰা দলটোৱে জনজাতীয় অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনত নিজৰ ভেঁটি সম্পূৰ্ণৰূপে হেৰুৱায় পেলাবলগীয়া হৈছিল ।

তদুপৰি, প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ উত্থানৰ ফলত ইণ্ডিজিনিয়াছ প্ৰ'গ্ৰেছিভ ৰিজিঅ'নেল এলায়েঞ্চে (TIPRA) সকলো আঞ্চলিক ৰাজনৈতিক দলক একত্ৰিত কৰাৰ চেষ্টা কৰিছিল, যাৰ ফলত ইণ্ডিজেনাছ পি’পলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura)ৰ দুৰ্গসমূহত তীব্ৰ খহনীয়াই দেখা দিছিল । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদ(TTAADC) ৰ নিৰ্বাচনৰ পূৰ্বে ইণ্ডিজিনিয়াছ প্ৰ'গ্ৰেছিভ ৰিজিঅ'নেল এলায়েঞ্চ (TIPRA)ৰ সৈতে মিত্ৰতা কৰা স্বত্বেও, দলটোৱে অন্তিম এঘাৰ ঘন্টাত প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ নেতৃত্বক ওফৰাই বিজেপিৰ সৈতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ।

উল্লেখ্য যে, ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma)ই বিজেপিৰ শীৰ্ষ নেতৃত্বক লৈ অসন্তুষ্টি প্ৰকাশ কৰি অহা পৰিলক্ষিত হৈছিল । তাৰোপৰি কা বিৰোধী আন্দোলনৰ সময়ত মুকলিকৈ বিধায়কসকলক তেওঁলোকৰ সমষ্টিত প্ৰৱেশত বাধা তথা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত একত্ৰিত হোৱাত হকাবধা দিয়া বুলি ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma)ই গুৰুতৰ অভিযোগ তুলিছিল । অৱশ্যে ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma) ই ব্যক্তিগত কাৰণতহে এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰে ৷ ইফালে দেৱবাৰ্মাৰ পদত্যাগৰ পাছতে ইণ্ডিজেনাছ পি’পলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা (Indigenous People’s Front of Tripura)ৰ শক্তি সদনত সাতগৰাকীলৈ হ্ৰাস পাইছে ৷ ৰাজ্যখনৰ ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুযায়ী, 2023 চনৰ বিধানসভা নিৰ্বাচন (Assembly Elections)ৰ পূৰ্বে দলটোৰ অধিক সংখ্যক বিধায়কে পক্ষ সলনি কৰাৰো সম্ভাৱনা অধিক ৷

লগতে পঢ়ক : গুজৰাটত বিজেপিৰ জয়ৰ আঁৰৰ ৰহস্য় কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.