ETV Bharat / bharat

Snowfall in lahul spiti : বৰফৰ শুভ্ৰ আচ্ছাদনৰ মাজত হিমাচল প্ৰদেশ

author img

By

Published : Nov 14, 2022, 10:41 PM IST

Updated : Nov 15, 2022, 2:52 PM IST

Snowfall in lahul spiti
বৰফৰ শুভ্ৰ আচ্ছাদ্দনৰ মাজত হিমাচল প্ৰদেশ

ক্ৰমাৎ হ্ৰাস পাইছে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ তাপমাত্ৰা (Cold wave in Himachal) ৷ বৰফৰ শুকুলা আচ্ছাদনে আৱৰি ধৰিছে এতিয়া পাহাৰীয়া ৰাজ্যখন (Snowfall in lahul spiti Himachal) ৷ ব্যাহত হৈ পৰিছে জন-জীৱন ৷

নেশ্যনেল ডেস্ক, 14 নৱেম্বৰ : ক্ৰমাৎ হিমাচল প্ৰদেশত বতৰ তাৰতম্য ঘটিছে ৷ পাহাৰীয়া অঞ্চল হিমাচল প্ৰদেশৰ কিছু কিছু ঠাইত তুষাৰপাত পৰা আৰম্ভ হৈছে (Snowfall in lahul spiti Himachal) । একে সময়তে, তুষাৰপাতৰ লগতে হিমাচল প্ৰদেশৰ নিম্ন অংশত বৃষ্টিপাত দেখা গৈছে ।

ফলত ইয়াৰ তাপমাত্ৰা নিম্নগামী হৈছে ৷ সোমবাৰে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বেছিভাগ ঠাইত বৰষুণ আৰু তুষাৰপাতৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰিছে (Yellow alert in Himachal today) ।

বৰফৰ শুভ্ৰ আচ্ছাদ্দনৰ মাজত হিমাচল প্ৰদেশ

লাহৌল স্পিতিত তুষাৰপাত-ছিমলাত বৰষুণ : সোমবাৰে পুৱা লাহৌল স্পিতিত দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ বৰফৰ আচ্ছাদন (Snowfall in lahul spiti)৷ আনহাতে ছিমলাকে ধৰি পাহাৰীয়া ৰাজ্যখনৰ তলৰ অংশত বৰষুণ হোৱা পৰিলক্ষিত হৈছে (Rain in Shimla)।

অৱশ্যে বতৰ বিজ্ঞান বিভাগে পূৰ্বেই কাংৰা, চম্বা, চিৰমৌৰ, চোলান, মাণ্ডি, ছিমলা আৰু কিন্নৌৰত বৰষুণ আৰু তুষাৰপাতৰ আগজাননী দিছিল । হিমাচলৰ ৰাজধানী ছিমলাত পুৱাৰে পৰা আকাশ ডাৱৰীয়া হৈ আছিল আৰু পৰৱৰ্তী সময়ত মৃদু বৰষুণো হৈছিল ।

হিমাচলত তাপমাত্ৰা হ্ৰাস : বৰষুণ আৰু তুষাৰপাতৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ তাপমাত্ৰা যথেষ্ট হ্ৰাস পাইছে ৷ তুষাৰপাতৰ লগতে মৃদু বৰষুণৰ বাবেও শীতৰ প্ৰকোপ বৃদ্ধি পাইছে পাহাৰীয়া জিলাখনত (Rainfall in Himachal) ৷ ফলত ব্যাহত হৈ পৰিছে জন-জীৱন ৷

মঙলবাৰেও বতৰ একে থাকিব : ইফালে লাহৌল স্পিতিতো দেওবাৰে নিশাৰ পৰাই তুষাৰপাত আৰম্ভ হৈছে । একে সময়তে, ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ পৰিমাণো কিছু বৃদ্ধি পাইছে ৷ এই বৰষুণৰ বাবেই লাহৌল স্পিতিৰ তাপমাত্ৰা ক্ৰমাৎ হ্ৰাস পাইছে (Cold wave in Himachal) ৷

বতৰ বিজ্ঞান বিভাগে জাৰি কৰা তথ্য অনুসৰি, মঙলবাৰেও পাহাৰীয়া ৰাজ্যখনত বতৰ প্ৰায় একে থাকিব (Himachal weather update) ৷ অৱশ্যে 15 নৱেম্বৰৰ পিছৰ পৰা ৰাজ্যখনত বতৰ কিছু পৰিষ্কাৰ হ’ব ।

লগতে পঢ়ক : Free roaming of dolphins : ভাটে সাগৰত জাক জাক ডলফিনৰ জলকেলি

Last Updated :Nov 15, 2022, 2:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.