ETV Bharat / bharat

Allah Hu Akbar Slogan in AMU: গণৰাজ্য দিৱস উদযাপনৰ মাজতে শ্ল’গানক লৈ বিৰ্তকত আলিগড় মুছলিম বিশ্ববিদ্যালয়

author img

By

Published : Jan 26, 2023, 10:12 PM IST

Allah Hu Akbar Slogan in AMU
গণৰাজ্য দিৱস উদযাপনৰ মাজতে শ্ল’গানক লৈ বিৰ্তকত আলিগড় মুছলিম বিশ্ববিদ্যালয়

দেশৰ ৭৪ সংখ্যাক গণৰাজ্য দিৱস উদযাপনত সকলো ব্যস্ত হৈ থকা সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই সকলোৰে মাজত আলোড়নৰ সৃষ্টি কৰিছে ৷ গণৰাজ্য দিৱস উদযাপনৰ সময়ত ধৰ্মীয় শ্ল'গান দিয়া এই ভিডিঅ'টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে ঠায়ে ঠায়ে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে । এই ভিডিঅ’টো আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (Aligarh Muslim University) ৷

গণৰাজ্য দিৱস উদযাপনৰ মাজতে শ্ল’গানক লৈ বিৰ্তকত আলিগড় মুছলিম বিশ্ববিদ্যালয়

নিউজ ডেস্ক, ২৬ জানুৱাৰী: আলিগড় মুছলিম বিশ্ববিদ্যালয়ত(Republic Day celebrations in AMU) দেশৰ ৭৪ সংখ্যাক গণৰাজ্য দিৱস উদযাপনৰ সময়ত ধৰ্মীয় শ্ল'গান দিয়াৰ এটা ভিডিঅ' এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ঠায়ে ঠায়ে এই ভিডিঅ’টোক লৈ প্ৰতিবাদ আৰম্ভ হোৱাও দেখা গৈছে(Viral Video of Aligarh Muslim University) । আলিগড় আৰক্ষীয়েও এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত এজন ছাত্ৰই নাৰা-ই-তকবীৰ, আল্লা হু আকবৰৰ শ্ল'গান দিছে(Allah Hu Akbar Slogan in AMU) ৷ জানিব পৰা মতে, বিশ্ববিদ্যালয়খনত দেশৰ ৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ(Republic Day 2023) কাৰ্যসূচী উদযাপনৰ পাছত এনচিচিৰ এজন ছাত্ৰই এই শ্ল’গান দিছিল ৷ সম্প্ৰতি ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে এই ভিডিঅ'টো ভাইৰেল হোৱাৰ লগতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইফালে শ্ল’গান দিয়া ছাত্ৰজনক চিনাক্ত কৰাৰ বাবে ইতিমধ্যে আলিগড় মুছলিম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে ৷

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ(Aligarh Muslim University) প্ৰক্টৰ ৱাছিম আলীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত দেশৰ গণৰাজ্য দিৱস সম্পূৰ্ণ গৌৰৱ আৰু মৰ্যাদাৰে উদযাপন কৰা হয় বুলি উল্লেখ কৰি বিশ্ববিদ্যালয়ৰ ১০০ বছৰীয়া ইতিহাসত এইটো প্ৰথম ঘটনা বুলি উল্লেখ কৰে ৷ তেওঁ এয়া কোনো ছাত্ৰৰ বদমাচিও হ’ব পাৰে বুলি সন্দেহ কৰাৰ লগতে বিশ্ববিদ্যালয়খনে এই ঘটনাক গুৰুত্বসহকাৰে লোৱাৰ কথা সদৰী কৰে ।

গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পাছত সকলো বাহিৰলৈ ওলাই অহাৰ সময়ত ভিৰৰ মাজত এই শ্ল’গান দিয়াৰ কথা জানিবলৈ দিয়ে প্ৰক্টৰ ৱাছিম আলীয়ে ৷ শ্ল'গান দিয়া ছাত্ৰজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে ৷ তেওঁ লগতে আলিগড় মুছলিম বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও এই ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে ইয়াৰ বাবে বিহিত সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

ইফালে চিটি এছপি কুলদ্বীপ সিং গুণৱতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে এবিভিপিৰ সদস্য় যোগেন্দ্ৰ বাৰ্মাই ভিডিঅ'টো মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ টুইট কৰি এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । বিজেপিৰ প্ৰাক্তন মিডিয়া ভাৰপ্ৰাপ্ত বিষয়া নিশিথ শৰ্মাই আলিগড়ৰ এছএছপি কলানিধি নাইথানি আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক টুইট কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক: Teacher refused to sing national anthem: ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ অস্বীকাৰ এগৰাকী শিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.