ETV Bharat / bharat

Shraddha murder case clue: গুৰুগ্ৰাম জংঘলৰ পৰা উদ্ধাৰ কৰা পলিথিনৰ বেগত কি পালে আৰক্ষীয়ে ?

author img

By

Published : Nov 18, 2022, 7:27 PM IST

shraddha-murder-case-important-clue-found-by-delhi-police-1-black-bag-recovered
Shraddha murder case: গুৰুগ্ৰাম জংঘলৰ পৰা ক’লা পলিথিনৰ বেগ উদ্ধাৰ আৰক্ষীৰ

দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই সম্প্ৰতি দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰি থকাৰ মাজতে শুকুৰবাৰে দিল্লী আৰক্ষীয়ে হাৰিয়ানাৰ গুৰুগ্ৰামত ডিএলএফৰ ফেজ ৩ জংঘলৰ পৰা এটা ক'লা পলিথিনৰ বেগ উদ্ধাৰ কৰে (Delhi police recovered black bag) ৷

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ: দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই সম্প্ৰতি দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে ৷ ইয়াৰ সমান্তৰালকে দিল্লী আৰক্ষীয়ে পুনাৱালাৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি শ্ৰদ্ধাৰ শৰীৰৰ অংশবোৰৰ সন্ধানো অব্যাহত ৰাখিছে (Shraddha Walker Murder Case)। শুকুৰবাৰে দিল্লী আৰক্ষীয়ে হাৰিয়ানাৰ গুৰুগ্ৰামত ডিএলএফৰ ফেজ ৩ জংঘলৰ পৰা এটা ক'লা পলিথিনৰ বেগ উদ্ধাৰ কৰে (Delhi police recovered black bag)৷

প্ৰাপ্ত তথ্য অনুসৰি হত্যাকাৰী আফতাবে গুৰুগ্ৰামৰ এটা কল চেণ্টাৰত কাম কৰিছিল ৷ গতিকে সঘনাই গুৰুগ্ৰামলৈ আহ যাহ চলিছিল আফতাবৰ (Shradha Murder Evidence Gurugram Forests )৷ হত্যাকাণ্ডৰ পিছতো আফতাবে গুৰুগ্ৰামলৈ প্ৰায়েই অহা যোৱা কৰাৰ কথা নুই কৰিব নোৱাৰি ৷ সেইবাবে দিল্লীৰ আৰক্ষীৰ এটা দলে শুকুৰবাৰে গুৰুগ্ৰামত উপস্থিত হৈ ডিএলএফ পৰ্যায় 3-ৰ এখন জংঘলত অভিযান চলাইছিল ৷

এই অভিযানত দিল্লী আৰক্ষীয়ে জংঘলৰ পৰা এটা ক’লা পলিথিনৰ বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (police searching for evidence gurugram) ৷ আফতাবে শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰা এই পলিথিনৰ মোনাটোত ভৰাই জংঘলত পেলাই থৈ গৈছে বুলি আৰক্ষীয়ে অনুমান কৰি বেগটো উদ্ধাৰ কৰি পৰীক্ষাৰ বাবে লৈ যায় ৷

Shraddha murder case: গুৰুগ্ৰাম জংঘলৰ পৰা ক’লা পলিথিনৰ বেগ উদ্ধাৰ আৰক্ষীৰ

১৮ মে'ত, বিবাহক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল । এই কাজিয়াই পাছত ভয়ংকৰ ৰূপ লয় আৰু পুনাৱালাই শ্ৰদ্ধাক হত্যা কৰে । হত্যা কৰাৰ পিছদিনাই, পুনাৱালাই এখন কটাৰী আৰু এটা ৩০০ লিটাৰৰ ৰেফ্ৰিজেৰেটৰ ক্ৰয় কৰে ।পুনাৱালাই হোটেল মেনেজমেণ্ট অধ্যয়ন কৰিছিল আৰু চোকা চুৰি ব্যৱহাৰৰ প্ৰশিক্ষণ লৈছিল ।

তেওঁ মাংস কেনেদৰে কাটিব লাগে তাৰ ওপৰতো দুসপ্তাহৰ প্ৰশিক্ষণ লৈছিল । সেই প্ৰশিক্ষণেৰে পুনাৱালাই ৱাকাৰৰ শৰীৰটো ৩৫ টাকৈ টুকুৰা কৰিছিল । ইয়াৰ পাছত তেওঁ দুদিন ধৰি শ্ৰদ্ধাৰ শৰীৰটো কাটিছিল । শ্ৰদ্ধাক চিনিব নোৱাৰাকৈ তেওঁৰ মুখৰ অংশ জ্বলাই দিছিল আফতাবে ৷

পুনাৱালাই ৰেফ্ৰিজেৰেটৰত শৰীৰৰ টুকুৰাবোৰ পেক কৰি ৰাখিছিল (Shraddha murder accused Aftab PoonaWalla) । কিছু সময়ৰ পাছত, তেওঁ বৰফত পৰিণত হোৱা টুকুৰাবোৰ ট্ৰেত থৈ গভীৰভাৱে ফ্ৰীজ কৰিবলৈ লৈ যায় । সেই সময়ত প্ৰচণ্ড দুৰ্গন্ধ ওলোৱাৰ বাবে পুনাৱালাই ধূপ কাঠি আৰু ৰূম ফ্ৰেচনাৰ ব্যৱহাৰ কৰিছিল ।

আৰক্ষীয়ে জনোৱা মতে পুনাৱালাই ফ্ৰীজত ৰখা শৰীৰৰ টুকুৰাবোৰ উলিয়াই সেইবোৰ পলিথিনেৰে বান্ধি জংঘললৈ লৈ যায় । হত্যাকাৰী পুনাৱালাই পুৱতি নিশা প্ৰায় ২ মান বজাতে জংঘললৈ যায় আৰু কেইঘণ্টামান পিছত পুনৰ ঘূৰি আহে । প্ৰায় ২০ দিন ধৰি এনেদৰেই একেটা কামকে কৰিলে পুনাৱালাই ।

আনকি এই জঘন্য ঘটনা সংঘটিত কৰিবলৈ আফতাবে ইণ্টাৰনেটত বিভিন্ন অপৰাধমূলক শ্ব’ৰ লগতে কেনেদৰে মৃতদেহটো নিষ্কাশণ কৰিব পাৰে ইণ্টাৰনেটৰ পৰা শিকিছিল ৷ তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীয়ে উদ্ধাৰ কৰা মোনাটোত শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰা আছে নে নাই অথবা অভিযুক্ত আফতাবে ব্যৱহাৰ কৰা অস্ত্ৰ আছে নেকি সেয়া অনুসন্ধানৰ পিছতহে গম পোৱা যাব ৷

লগতে পঢ়ক: Aaftab Amin Poonawala: ফুড ব্ল'গাৰ আফতাব কেনেকৈ হ'ল হত্যাকাৰী..!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.