Shootout For 10 Rupees : সুৰাৰ বটলৰ দাম 10 টকা বেছিকৈ লোৱাৰ বাবেই গুলীচালনা

author img

By

Published : Jan 14, 2023, 4:49 PM IST

Shootout For 10 Rupees

10 টকাৰ বাবেই ঝাৰখণ্ডত সংঘটিত হ’ল এক গুলীচালনাৰ ঘটনা ৷ সুৰাৰ বটলত লিখিত দামতকৈ বিক্ৰেতাই দহ টকা বেছিকৈ বিচৰাৰ বাবেই তৰ্কৰ সূত্ৰপাত হৈ গুলীচালনাৰ ঘটনা সংঘটিত হ’ল (Shootout For 10 Rupees)৷

নিউজ ডেস্ক, 14 জানুৱাৰী : মাত্ৰ 10 টকাৰ বাবে সংঘটিত হ’ল এক গুলীচালনাৰ ঘটনা ৷ ঘটনাটো সংঘটিত হয় ঝাৰখণ্ডৰ চেইনপুৰত (Shootout For 10 Rupees)৷ যোৱা শুকুৰবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্তৰ অন্তত পোহৰলৈ আহে ঘটনাৰ মূল কাৰণ ৷

তদন্তৰ সময়ত আৰক্ষীয়ে বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে ৷ পাৰস্পৰিক বিবাদৰ বাবে যোৱা শুকুৰবাৰে সন্ধিয়া চেইনপুৰ বজাৰৰ এখন সুৰাৰ দোকানত গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছিল ৷ উক্ত গুলীচালনাত ৰাজু আৰ্য নামৰ এজন লোক মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তেওঁৰ সম্পৰ্কীয় ভাই ৰঞ্জিৎ আৰ্যৰ পেটত দুটাকৈ গুলীৰে আঘাত কৰে ৷

সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰিছে বহু তথ্য ৷ আৰক্ষীয়ে গুলীচালনাৰ সৈতে জড়িত কেইবাজনো লোকক সন্দেহজনকভাৱে আটক কৰিছে আৰু তেওঁলোকক জেৰা অব্যাহত ৰাখিছে ৷ চেইনপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উদয় কুমাৰ গুপ্তাই কয় যে আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও অঞ্চলত অভিযান চলাই আছে ৷

এম আৰ পিতকৈ ১০ টকা অধিক বিচৰাক লৈ বিতৰ্কৰ সূত্ৰপাত : দৰাচলতে গোটেই ঘটনাটো মাত্ৰ ১০ টকাৰ বাবেই সংঘটিত হৈছিল ৷ জানিব পৰা মতে চনু চোনি নামৰ এজন যুৱক সুৰা ক্ৰয় কৰাৰ বাবে চেইনপুৰ বজাৰলৈ গৈছিল ৷ চনু আৰু তেওঁৰ বন্ধুবৰ্গই ক্ৰয় কৰা সুৰাৰ বটলটোত দাম লিখা আচিল 170 টকা, কিন্তু বিক্ৰেতাই 180 টকা বিচাৰিছিল (Firing for 10 rupees in Jharkhand)৷

ইয়াৰ পিছতে চনু চোনিয়ে বিক্ৰেতাৰ সৈতে তৰ্কাতৰ্কি আৰম্ভ কৰে ৷ বিবাদৰ মাজতে ৰাজু আৰ্য আৰু ৰঞ্জিৎ আৰ্যই চনুক আঁতৰ কৰাৰ চেষ্টা কৰি প্ৰহাৰ কৰিছিল ৷ ইয়াৰ পিচতে চনু ঘৰলৈ উভতি গৈ তেওঁৰ বন্ধুবৰ্গৰ সৈতে অস্ত্ৰ-শস্ত্ৰ লৈ পুনৰ উভতি আহে৷ চনু চোনিয়ে ৰাজু আৰ্যৰ মূৰত গুলীওৱাৰ লগতে ৰঞ্জিৎ আৰ্যৰ পেটতো গুলীয়ায় ৷

ৰাজু আৰ্য আৰু ৰঞ্জিৎ আৰ্যক আক্ৰমণৰ পিচত চনু চোনি আৰু তেওঁৰ বন্ধুসকলে শূণ্যলৈ গুলীচালনা কৰি পলাই যাবলৈ সক্ষম হয় । চেইনপুৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত ব্যৱসায়ীসকলে বজাৰ বন্ধ কৰি দিছে । ব্যৱসায়ীসকলে গুলীচালনাৰ ঘটনাত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে । একে সময়তে, গুলীচালনাত আহত দুয়োজন ব্যৱসায়ীৰ অৱস্থা সংকটজনক হৈ আছে (Firing for money in Jharkhand)।

আঘাতপ্ৰাপ্ত ব্যৱসায়ী ৰাজু আৰ্যৰ মূৰত গুলী লাগিছে, গুলীটো পালামুৰ এটা ব্যক্তিগত নাৰ্চিং হোমত উলিয়াই অনা হৈছে আৰু তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে । ৰঞ্জিতক চিকিৎসাৰ বাবে আৰআইএমএছলৈ প্ৰেৰণ কৰা হৈছে । গুলীচালনাৰ ঘটনাৰ অভিযুক্ত চনু চোনি পালামুৰ বহুতো অপৰাধমূলক ঘটনাত জড়িত ।

উল্লেখ্য যে, চনু চোনি ঝাৰখণ্ড আৰু বিহাৰৰ কেইবাটাও গহনা ডকাইতিৰ ঘটনাৰ অভিযুক্ত আৰু কেইমাহমান আগতে কাৰাগাৰৰ পৰা ওলাই আহিছিল ।

লগতে পঢ়ক: Fake bomb call to Delhi IGI : প্ৰেমিকাৰ বাবেই বিমানবন্দৰলৈ কৰিছিল ভুৱা ফোন, গ্ৰেপ্তাৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.