ETV Bharat / bharat

Shoe Thrown at SP Leader: সমাজবাদী পাৰ্টীৰ নেতা স্বামী প্ৰসাদ মৌৰ্যৰ ওপৰত জোতা নিক্ষেপ

author img

By

Published : Aug 21, 2023, 10:56 PM IST

সমাজবাদী পাৰ্টীৰ নেতা স্বামী প্ৰসাদ মৌৰ্যৰ ওপৰত যুৱকে নিক্ষেপ কৰে জোতা ৷ অযোধ্যাৰ বিখ্যাত সিদ্ধ পীঠ হনুমানগড়ীৰ প্ৰধান পুৰোহিত ৰাজু দাসে কয়, পৰৱৰ্তী নম্বৰ অখিলেশ যাদৱৰ ৷

Shoe Thrown at SP Leader
সমাজবাদী পাৰ্টীৰ নেতা স্বামী প্ৰসাদ মৌৰ্যৰ ওপৰত জোতা নিক্ষেপ

নিউজ ডেস্ক, ২১ আগষ্ট: উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত সোমবাৰে অনুষ্ঠিত হোৱা পিছপৰা শ্ৰেণী সন্মিলনত প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ দল সমাজবাদী পাৰ্টীৰ নেতা স্বামী প্ৰসাদ মৌৰ্যৰ ওপৰত এজন যুৱকে জোতা নিক্ষেপ কৰে ৷ ইয়াৰ পাচতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি । ক্ষুব্ধ সমৰ্থকে দৌৰি গৈ জোতা নিক্ষেপ কৰা যুৱকজনক আটক কৰি তীব্ৰ প্ৰহাৰ কৰে । অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে কোনোমতে যুৱকজনক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰি নিজৰ জিম্মাত লয় ।

জোতা নিক্ষেপ কৰা যুৱকজন আকাশ ছাইনী বুলি জানিব পৰা হৈছে । এই ঘটনাৰ পিচত অযোধ্যাৰ পুৰোহিত ৰাজু দাসে ইয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে বিষয়টো অধিক গভীৰ কৰি তোলে ৷ তেওঁ হিন্দু ধৰ্ম আৰু সনাতন ধৰ্মক অপমান কৰি নিজকে মহান বুলি ভবাসকলৰ লগত এনে ঘটনা ঘটি থাকিব বুলি উল্লেখ কৰে । তেওঁ লগতে কয়, "এতিয়াও অখিলেশ যাদৱৰ ওপৰত এই জোতা নিক্ষেপ কৰিবলৈ বাকী আছে ।"

উল্লেখ্য যে, ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত সোমবাৰে এছ পিৰ কাৰ্যসূচীত পিছপৰা সমাজৰ সৈতে জড়িত মহাপুৰুষসকলৰ ওপৰত এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীৰ আয়োজন কৰে বিজনুৰ নূৰপুৰৰ বিধায়ক ৰাম আৱতাৰ ছাইনীয়ে । এই অনুষ্ঠানত সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱও জড়িত বুলি জানিব পৰা গৈছে । কিন্তু অখিলেশ যাদৱ অহাৰ আগতেই এজন যুৱকে স্বামী প্ৰসাদ মৌৰ্যৰ ওপৰত জোতা নিক্ষেপ কৰে ৷ আৰক্ষীয়ে যুৱকজনক সমাজবাদী পাৰ্টীৰ কৰ্মীৰ পৰা বচাই বিভূতিখণ্ড থানালৈ লৈ যায় ।

স্বামী প্ৰসাদ মৌৰ্যই কিছুদিনৰ পৰা হিন্দু ধৰ্মৰ ওপৰত বিভিন্ন মন্তব্য কৰি আহিছিল । যাৰ বাবে তেওঁ শাসকীয় দল বিজেপিৰ লগতে বহু ধৰ্মীয় নেতাৰ লক্ষ্য হৈ পৰিছিল ৷ তেওঁ ৰামচৰিত মানসৰ পদক লৈ প্ৰশ্ন উত্থাপন কৰি বহু অসংযত মন্তব্যও কৰিছে ।

লগতে পঢ়ক: Manipur Violence: ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জনৰ বাসগৃহত পেট্ৰ'ল বোমা নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.