ETV Bharat / bharat

Sinde government cabinet expansion: ১৩ জুলাইত সিন্দে চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ !

author img

By

Published : Jul 11, 2022, 2:13 PM IST

shinde government cabinet expansion is likely to take place on july 13
১৩ জুলাইত সিন্দে চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ: দীপক কেচৰকাৰৰ ভৱিষ্যতবাণী

বহু বিতৰ্ক, বহু সংঘাটৰ মাজেৰে গঠিত হোৱা সিন্দে চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা(Sinde government cabinet likely to be expanded) । সিন্দে গোটৰ এজন সদস্য দীপক কেচৰকাৰে কৰিছে এই ভৱিষ্যতবাণী(Cabinet expansion of Sinde government on July 13) । মুম্বাইৰ এক সংবাদ মাধ্যমৰ আগত কেচৰকাৰে উল্লেখ কৰে এই কথা ।

নেশ্যনেল ডেস্ক,১১ জুলাই: প্ৰায় এসপ্তাহ পূৰ্বে গঠিত হোৱা একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰৰ কেবিনেট শীঘ্ৰে সম্প্ৰসাৰিত হোৱাৰ দিশে(Sinde government cabinet likely to be expanded) । ১৩ জুলাইত হয়তু সম্প্ৰসাৰিত হ'ব পাৰে সিন্দে চৰকাৰৰ কেবিনেট(Cabinet expansion of Sinde government on July 13) । সিন্দে গোটৰ অন্যতম সদস্য দীপক কেচৰকাৰে কৰিছে এই ভৱিষ্যতবাণী । মুম্বাইৰ এটা সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে কেচৰকাৰে (Maharashtra political crisis) ৷

যদিও মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰিছে; কিন্তু বৰ্তমানো ৰাজ্যখনত গঠন কৰা হোৱা নাই কেবিনেট । গতিকে দুটা পৰ্যায়ত সিন্দে চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা ঘনীভূত । প্ৰথম পৰ্যায়ত সিন্দে গোটৰ ৫ ৰ পৰা ৬ গৰাকী বিধায়কে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত BJP ৰ পৰা ৮ৰ পৰা ১০ গৰাকী বিধায়কে মন্ত্ৰিত্বৰ শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে ৭ আৰু ৮ জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈছিল । ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল দুয়ো । আৰু সেই ভ্ৰমণকালতে অমিত শ্বাহৰ সৈতে কেবিনেট সম্প্ৰসাৰণৰ বিষয়ে দুয়ো আলোচনা কৰিছিল বুলি জানিব পৰা গৈছে । এই বিষয়টোক লৈ ৰাজনৈতিক মহলতো আলোচনা কৰা হৈছে আৰু সোমবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পাছতেই কেবিনেট সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰে কেচৰকাৰে ।

ইফালে শিৱসেনা দলৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে বিদ্ৰোহী বিধায়কসকলক পান্ধৰপুৰৰ পৰা পদত্যাগ কৰিবলৈ আৰু পুনৰ নিৰ্বাচনৰ সন্মুখীন হ'বলৈ প্ৰত্যাহ্বান জনাইছিল । লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছিল যে শিৱসেনাৰ ধনু আৰু কাড় কোনেও কাঢ়ি নিব নোৱাৰে । এই সন্দৰ্ভতো কেচৰকাৰে মন্তব্য আগবঢ়াই কয় যে আইনসভাত তেওঁলোকৰ শক্তি অধিক । গতিকে ধনু আৰু কাড়ৰ চিহ্ন সিন্দে গোটৰ ওচৰত থাকিব ।

লগতে পঢ়ক: Tourist bus falls into gorge in Gujarat: যাত্ৰীবাহী বাছ বাগৰি মৃত্যু দুজনৰ, আহত ৪৬ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.