ETV Bharat / bharat

Blast in Kerala : কেৰালাৰ সন্মিলন কেন্দ্ৰত বিস্ফোৰণ, এজন লোক নিহত

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 1:01 PM IST

কালামাচেৰীৰ এটা সন্মিলন কেন্দ্ৰত বিস্ফোৰণটো সংঘটিত হয় । সন্মিলন কেন্দ্ৰটোত এক অনুষ্ঠান চলি আছিল । য'ত ২৩০০ ৰো অধিক লোকে পঞ্জীয়ন কৰিছিল ।

Blast in Kerala
কেৰালাৰ সন্মিলন কেন্দ্ৰত বিস্ফোৰণ

নেশ্যনেল ডেস্ক,২৯ অক্টোবৰ : কেৰালাৰ কালামাচেৰীত ভয়ংকৰ বিস্ফোৰণ । আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে পুৱা কালামাচেৰীৰ এক সন্মিলন কেন্দ্ৰত সংঘটিত বিস্ফোৰণত এগৰাকী লোক নিহত হয় । বিস্ফোৰণটোত কেইবাজনো লোক আহত হয় । জামৰা আন্তৰ্জাতিক সন্মিলন কেন্দ্ৰত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । বিস্ফোৰণৰ সময়ত কেন্দ্ৰটোত এক সন্মিলন চলি আছিল । এই প্ৰতিবেদন লিখাৰ সময়লৈ মৃত লোকজনক চিনাক্ত কৰা হোৱা নাই ।

আৰক্ষীয়ে জনোৱা মতে বিস্ফোৰণটোত প্ৰায় ২৩ গৰাকী লোক আহত হয় । আহতসকলক ততাতৈয়াকৈ কালামাচেৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় । ইফালে, বিস্ফোৰণৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । সন্মিলনখনত প্ৰায় ২,৩০০ গৰাকী লোকে পঞ্জীয়ন কৰিছিল বুলি সন্দেহ কৰা হৈছে । সন্মিলনৰ কাৰ্যসূচীটো ৩ দিন পূৰ্বে আৰম্ভ হৈছিল আৰু দেওবাৰে সন্ধিয়াৰ ভিতৰত সমাপ্ত হোৱাৰ কথা আছিল ।

আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণ সম্পৰ্কে তেওঁলোকৰ ওচৰলৈ পুৱা প্ৰায় ৯ মান বজাত এটা ফোন আহিছিল । লগে লগে আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হয় । আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু প্ৰভাৱিত স্থানৰ পৰা লোকসকলক স্থানান্তৰ কৰা হয় । সন্মিলন কেন্দ্ৰৰ ভিতৰত একাধিক স্থানত জুই লাগিছিল । সূত্ৰৰ মতে, কেন্দ্ৰটোত জুই বিয়পি পৰাৰ লগে লগে অনুষ্ঠানৰ অতিথিসকল আতংকিত হৈ পৰে ।

খবৰ পোৱাৰ পাচতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপণৰ চেষ্টা চলায় । আনহাতে বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই সন্মিলনৰ বাবে পঞ্জীয়ন কৰা ২,৩০০ গৰাকী লোকৰ ভিতৰত কিমানজন উপস্থিত আছিল সেয়া স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক : Accident in Hanumangarh : অভাৰটেক কৰিবলৈ যোৱাই হ’ল কাল; থিতাতে মৃত্যু 7 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.