ETV Bharat / bharat

3rd Galwan clash anniversary : লাডাখ খণ্ডত জ্যেষ্ঠ সামৰিক বিষয়া মোতায়েন

author img

By

Published : Jun 15, 2023, 3:36 PM IST

লাডাখ সীমান্তৰ গালৱান সংঘৰ্ষৰ ৩ বছৰ সম্পূৰ্ণ । প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত শীৰ্ষ সামৰিক বিষয়াসকলে অঞ্চলটোত প্ৰস্তুতি অধিক শক্তিশালী কৰাৰ বাবে কাৰ্যকৰী আলোচনা কৰিছে ।

3rd Galwan clash anniversary
লাডাখ খণ্ডত জ্যেষ্ঠ সামৰিক বিষয়া মোতায়েন

নেশ্যনেল ডেস্ক,১৫ জুন : ২০২০ চনৰ আজিৰ দিনটোতে গালৱান উপত্যকাত ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । য'ত ভাৰতীয় সেনাৰ ২০ গৰাকীকৈ জোৱান শ্বহীদ হয় । সেই ঘটনাৰ আজি ৩ বছৰ সম্পূৰ্ণ । দেশজুৰি সেই শোকাৱহ ঘটনাক আজি স্মৰণ কৰা হৈছে । শ্বহীদৰ স্মৃতিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

ইফালে ভাৰত-চীনৰ সীমান্ত সমস্যাক লৈ দুয়োখন দেশৰ সেনা আৰু চৰকাৰৰ মাজত আলোচনাও অব্যাহত আছে । ইফালে গালৱান সংঘৰ্ষৰ তৃতীয় বৰ্ষপূৰ্তিৰ দিনটোতে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত শীৰ্ষ সামৰিক বিষয়াসকলে অঞ্চলটোত প্ৰস্তুতি অধিক শক্তিশালী কৰাৰ বাবে কাৰ্যকৰী আলোচনা কৰে । কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ১৪ কৰ্পৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰছিম বালি আৰু ৱান ষ্ট্ৰাইক কৰ্পৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল সঞ্জয় মিত্ৰৰ লগতে তাত নিয়োজিত অন্যান্য সেনাৰ মাজত এই বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত চীনৰ সীমান্তৱৰ্তী খণ্ডত বাহিনীৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয় । নৰ্ডাৰ্ণ আৰ্মী কমাণ্ড লাডাখ খণ্ডৰ দায়িত্বত আছে আৰু মথুৰাত মুখ্য কাৰ্যালয় থকা ৱান ষ্ট্ৰাইক কৰ্পৰ ৰূপত এটা নতুন গঠন প্ৰদান কৰা হৈছে যাৰ উপাদানবোৰ দেশৰ উত্তৰ অংশত বিয়পি আছে ।

২০২০ চনৰ এপ্ৰিল-মে' মাহত পূব লাডাখ খণ্ডত চীনা আক্ৰমণৰ পাছত চৰকাৰ আৰু বাহিনীৰ দ্বাৰা সেনাৰ পুনৰ্গঠন কৰা হৈছিল । ২০২০ চনৰ পৰা পূব লাডাখৰ বিপৰীতে এলএচিৰ কাষত চীনা সামৰিক বাহিনীৰ ৫০,০০০ তকৈও অধিক সৈন্য মোতায়েন কৰা হৈছে । ভাৰতে চীনাসকলৰ দ্বাৰা ভৱিষ্যতৰ যিকোনো সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ অঞ্চলটোত একাধিক নতুন গোট স্থাপন কৰিছে আৰু এনে ধৰণৰ যিকোনো পদক্ষেপ প্ৰতিহত কৰাৰ প্ৰয়াস কৰিছে ।

অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নো ত্বৰান্বিত কৰা হৈছে আৰু উমলিং লা পাছত পূৱ লাডাখত বিশ্বৰ সৰ্বাধিক উচ্চতাত পথ নিৰ্মাণ কৰা হৈছে । এই পথটোৱে পূৰ্বৰ স্থানসমূহকো সংযোগ কৰিছে ।

লগতে পঢ়ক :Bus accident near Srinagar : তীৰ্থযাত্ৰী ভৰ্তি বাছ দুৰ্ঘটনাগ্ৰস্ত, ১৫ যাত্ৰী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.