ETV Bharat / bharat

Seema Haidar Sent Rakhi to PM Modi : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাখী প্ৰেৰণ সীমা হাইদৰৰ; বহু নেতালৈও প্ৰেৰণ ৰাখী

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 8:02 PM IST

সীমা গোলাম হাইদৰৰ এটা নতুন ভিডিঅ' পোহৰলৈ আহিছে, য'ত তেওঁক ৰাখী প্ৰেৰণ কৰা দেখা গৈছে । তেওঁ এই ৰাখী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি আন বহু নেতালৈ প্ৰেৰণ কৰিছে ।

Seema Haidar Sent Rakhi to PM Modi
Seema Haidar Sent Rakhi to PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাখী প্ৰেৰণ সীমা হাইদৰৰ

নিউজ ডেস্ক, ২২ আগষ্ট : পাকিস্তানৰ পৰা আহি ভাৰতৰ বোৱাৰী হোৱা সীমা গোলাম হাইদৰ নামৰ তিনি সন্তানৰ মাতৃগৰাকী সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে । তেওঁক নাগৰিকত্ব প্ৰদানৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত বৰ্তমান নিৰন্তৰ আলোচনা চলি আছে । আনহাতে, তেওঁৰ ভাৰতত প্ৰৱেশ আৰু নাগৰিকত্ব বিষয়টো আদালতৰ মজিয়াতো গৈ উপনীত হৈছে ।

ইয়াৰ মাজতে তেওঁৰ বিভিন্ন ভিডিঅ' ভাইৰেল হৈ পৰিছে । শেহতীয়াকৈ তেওঁৰ এনে ধৰণৰ আন এটা ভিডিঅ' পোহৰলৈ আহিছে । উক্ত ভিডিঅ'টোত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, আৰএছএছৰ মুৰব্বী মোহন ভাগৱত আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ৰাখী প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি কৰি থকা গৈছে ।

আনহাতে, ভিডিঅ'টোত সীমাই কৈছে যে তেওঁৰ সকলো ভাতৃৰ কান্ধৰ ওপৰত দেশৰ দায়িত্ব আছে । সেয়ে তেওঁ ৰাখী বন্ধনৰ পূৰ্বেই ৰাখী পোষ্ট কৰি আছে যাতে তেওঁলোকে সময়মতে ৰাখী পাব পাৰে । ভিডিঅ'টোত সীমা গোলাম হাইদৰে জয় শ্ৰীৰাম ধ্বনি উচ্চাৰণ কৰা শুনা গৈছে । ইয়াৰ পিছত তেওঁক সকলোলৈকে ৰাখী প্ৰেৰণ কৰা দেখা গৈছে । ভিডিঅ'টোত ৰক্ষাবন্ধন সম্পৰ্কীয় এটা গানো চলি আছে ।

উল্লেখ্য যে সীমা হাইদৰ এতিয়াও নিৰাপত্তা সংস্থাৰ সন্দেহৰ আৱৰ্তত আছে । তেওঁৰ এটা ভঙা মোবাইল আছে । যিটোৰ ওপৰত নিৰাপত্তা সংস্থাবোৰে বৰ্তমান অনুসন্ধান কৰি আছে । অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে গোচৰটো সন্দৰ্ভত কোনো অভিযোগনামা দাখিল কৰা নাই যদিও উত্ৰ প্ৰদেশ এটিএছকে ধৰি কেইবাটাও কেন্দ্ৰীয় নিৰাপত্তা তদন্ত সংস্থাই গোচৰটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ।

তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে প্ৰকৃত সত্যটো ওলাই পৰিব বুলি আশা কৰা হৈছে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সীমাই হৰিয়লী তীজ উদযাপন কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈছিল । তাত ভজনো চলি আছিল । এই সময়ছোৱাত তেওঁ ভগৱান কৃষ্ণকো উপাসনা কৰিছিল ।

লগতে পঢ়ক :Congress Working Committee Reconstituted : কংগ্ৰেছত নাৰীক অধিক ক্ষমতা প্ৰদান; চিডব্লিচিত ১৫ গৰাকী মহিলা সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.