ETV Bharat / bharat

Security breach in Amit Shah’s Pune visit : আৰক্ষীয়ে আটক কৰিলে অমিত শ্বাহৰ কনভয়ত সোমোৱা এজন ব্যক্তিক

author img

By

Published : Feb 19, 2023, 2:05 PM IST

শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুণে ভ্ৰমণৰ সময়ছোৱাত কনভয়টোত সোমোৱা অচিনাকি লোকজন সোমেশ ধুমল বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে (Security breach in Amit Shah convoy) ৷ ব্যক্তিগৰাকী সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত (Security lapse) ৷

Security breach in Amit Shah convoy
কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ পুণে ভ্ৰমণ

নেশ্যনেল ডেস্ক,19 ফেব্ৰুৱাৰী : কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তা ব্যৱস্থাত সুৰুঙা (Security breach in Amit Shah convoy) ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুণে ভ্ৰমণৰ সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাষ চাপিছিল এগৰাকী অজ্ঞান ব্যক্তিয়ে ৷ ইয়াকে লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুণে ভ্ৰমণ কৰিছিল ( Central minister Amit shah in Pune) ৷

ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষ চাপিবলৈ চেষ্টা কৰা লোকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে (Amit Shah pune visit) । আটকাধীন ব্যক্তিজনে নিজকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ (Chief Minister Eknath Shinde) ঘনিষ্ঠ বুলি দাবী কৰে । লোকজনৰ নাম সোমেশ ধুমল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ আৰু লোকজনক অধিক তদন্তৰ বাবে থানালৈ লৈ যোৱা হৈছে ।

Security lapse
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ঘনিষ্ঠ বুলি দাবী অচিনাকি লোকজনৰ

আটকাধীন ব্যক্তিজনে মুখ্যমন্ত্ৰী একনাথ সিন্দে (Chief Minister Eknath Shinde) আৰু সাংসদ শ্ৰীকান্ত শিণ্ডেৰ (MP Shrikant Shinde) ঘনিষ্ঠ বুলি দাবী কৰি অমিত শ্বাহৰ কনভয়ত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আৰক্ষীয়ে জনোৱা মতে, তেওঁ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি আৰক্ষীক জনাই অমিত শ্বাহৰ কাষ চাপিবলৈ চেষ্টা কৰে । লগে লগে আৰক্ষীয়ে তেওঁক আটক কৰে । কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পুণেত উপস্থিত হৈছিল অমিত শ্বাহ ।

এই ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীসকলে কটকটীয়া কৰি তোলে গৃহ মন্ত্ৰীগৰাকীৰ নিৰাপত্তা ব্যৱস্থা । কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ৰ এখন বাহনত অনুপ্ৰৱেশকাৰী কেনেকৈ প্ৰৱেশ কৰিব পাৰে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । লোকজনক গৃহমন্ত্ৰীৰ কনভয়ত প্ৰৱেশ কৰিবলৈ কোনে দিলে সেই সন্দৰ্ভত অভিযান অব্যাহত আছে বুলি জানিবলৈ পৰা গৈছে । এই ব্যক্তিজনৰ কিছু ফটোও চ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সৈতে দেখিবলৈ পোৱা গৈছে । আৰক্ষীয়ে এতিয়া আটকাধীন ব্যক্তিজনৰ সম্পূৰ্ণ পৰিচয় বিচাৰি অভিযান অব্যাহত ৰাখিছে (Union HM Security lapse) ।

অমিত শ্বাহৰ কনভয় ভংগৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ আৰক্ষী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ নিৰাপত্তা বিষয়াই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি অমিত শ্বাহৰ নিৰাপত্তা কটকটীয়া কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে । মন্ত্ৰীগৰাকীৰ পুণে ভ্ৰমণৰ সময়ত কৰ্তব্যৰত কৰ্মচাৰীসকলক সোধা-পোছা কৰিছে বিষয়াসকলে । আটকাধীন ব্যক্তিজনৰ ৰাজনৈতিক সংযোগৰ লগতে পূৰ্বসূৰী তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : Initiative for women empowerment: ঘৰুৱা হিংসাৰ ভুক্তভোগী মহিলাক সবলীকৰণৰ বাট দেখুৱাইছে নৰ্থ ইষ্ট নেটৱৰ্কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.