Initiative for women empowerment: ঘৰুৱা হিংসাৰ ভুক্তভোগী মহিলাক সবলীকৰণৰ বাট দেখুৱাইছে নৰ্থ ইষ্ট নেটৱৰ্কে

By

Published : Feb 19, 2023, 12:14 PM IST

thumbnail

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে ঘৰুৱা হিংসাৰ ঘটনা (Domestic violence in Assam) ৷ আমাৰ সমাজ জীৱনক মেৰুদণ্ডহীন কৰি তুলিব পৰা এক ব্যাধি হ’ল গাৰ্হস্থ্য হিংসা ৷ সম্প্ৰতি আমাক ৰাজ্যখনত গাৰ্হস্থ্য হিংসাৰ বলি হোৱা পৰিলক্ষিত হৈছে বহু যুৱতী-মহিলা ৷ তাৎপৰ্যপূৰ্ণভাৱে, ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনাই পাইছে শীৰ্ষ স্থান । 

গাৰ্হস্থ্য হিংসাৰ এনে এক ভয়ানক ছবি পোহৰলৈ অহাৰ সময়তে এনে মহিলাসকলৰ ক্ষেত্ৰত আশাৰ পোহৰ হিচাপে ধৰা দিছে বেচৰকাৰী অনুষ্ঠানে ৷ ৰাজ্যখনত গাৰ্হস্থ্য হিংসাৰ বলি হৈ অহা মহিলাসকলক স্বাৱলম্বী তথা সবলীকৰণৰ ক্ষেত্ৰত আশাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে ৰাজ্যৰ এটি বেচৰকাৰী অনুষ্ঠানে ৷ ৰাজ্যখনত নিৰ্যাতনৰ চিকাৰ হোৱা মহিলাসকলৰ কাষত সাহস, প্ৰেৰণা হিচাপে থিয় দিছে নৰ্থ ইষ্ট নেটৱৰ্কৰ গ্ৰামীণ মহিলা কেন্দ্ৰই ( North east network )৷

গ্ৰামীণ মহিলা কেন্দ্ৰই পাৰিবাৰিক নিৰ্যাতন সম্বন্ধীয় এক সমীক্ষা চলাইছিল কামৰূপ, দৰং, গোলাঘাট জিলাত ৷ তিনিবছৰ ধৰি ৩২৩ গৰাকী নিৰ্যাতনৰ বলি হোৱা মহিলাৰ ওপৰত চলোৱা হৈছিল এই সমীক্ষা । সমীক্ষাৰ যোগেদি ৭৬ শতাংশ মহিলা স্বামীৰ দ্বাৰা আৰু ৩২ শতাংশ মহিলা শাহুৰ দ্বাৰা নিৰ্যাতনৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছিল । এই মহিলাসকলৰ ভিতৰত ৮৫ শতাংশ শাৰীৰিক নিৰ্যাতন, ৯১ শতাংশ মানসিক নিৰ্যাতন, ১৯ শতাংশ যৌন নিৰ্যাতন আৰু ৬৬ শতাংশ আৰ্থিক নিৰ্যাতনৰ বলি হোৱাৰ ভয়ানক তথ্য উন্মোচিত হৈছিল সমীক্ষটোৰ জৰিয়তে ৷ 

উল্লেখ্য যে, এই মহিলাসকলৰ ভিতৰত ৪১ শতাংশ মহিলা আছিল ১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত আৰু ৫২ শতাংশ‌ মহিলা আছিল ৩১ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত বুলি সমীক্ষটোত প্ৰকাশ পায় (North east network for women empowerment)। তাৰ পিচতেই 2018 বৰ্ষত অসমৰ কামৰূপ, দৰং, গোলাঘাট জিলাত গ্ৰামীণ মহিলা কেন্দ্ৰ স্থাপন কৰি নাৰী সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি আছে বেচৰকাৰী অনুষ্ঠানটোৱে ৷ ৰাজ্যৰ তিনিখন জিলাত বৰ্তমান ১০০০ গৰাকীৰো অধিক এনেধৰণৰ নিৰ্যাতনৰ বলি হোৱা মহিলাক গ্ৰামীণ মহিলা কেন্দ্ৰই দেখুৱাবলৈ সক্ষম হৈছে স্বাৱলম্বী তথা সবলীকৰণৰ‌ বাট ৷ 

গ্ৰামীণ মহিলা কেন্দ্ৰত মহিলাসকলক বোৱা-কটাৰ পৰা আৰম্ভ কৰি বিভিন্ন কৃষি কৰ্মৰো প্ৰশিক্ষণ দিয়া হয় বুলি জানিবলৈ দিয়ে নৰ্থ ইষ্ট নেটৱৰ্কৰ বিষয়ববীয়া তথা নাৰী অধিকাৰ কৰ্মী ৰশ্মিৰেখা বৰাই ৷  লগতে নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক আইন সম্বন্ধীয় সহায়-সাহায্যও প্ৰদান কৰা হয় বুলিও জানিবলৈ দিয়ে । সম্প্ৰতি ধেমাজি জিলাত নতুনকৈ কেন্দ্ৰ স্থাপনৰ যো-জা চলাইছে নৰ্থ ইষ্ট নেটৱৰ্কে ৷ একবিংশ শতিকাত বিজ্ঞানৰ জয়জয়কাৰ সময়তো ৰাজ্যৰ নাৰী নিৰ্যাতন সম্বন্ধীয় এনে চিত্ৰই উন্মোচিত কৰিছে দেশ-ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷ 

লগতে পঢ়ক : Maha shivratri 2023: মহা শিৱৰাত্ৰি উপলক্ষে লোকে লোকাৰণ্য পামহিৰ ভীমাশংকৰ মন্দিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.