ETV Bharat / bharat

সাম্প্ৰদায়িক সংঘৰ্ষ : আগৰতলাৰ নন্দন নগৰত 144 ধাৰা জাৰি

author img

By

Published : Jul 5, 2022, 9:30 PM IST

Tension prevailed at Thanda Kali Bari of Agartala
আগৰতলাৰ নন্দন নগৰত 144 ধাৰা জাৰি

আগৰতলাত সাম্প্ৰদায়িক উত্তেজনা । চহৰখনৰ এটা উপকণ্ঠ অঞ্চলৰ নন্দন নগৰৰ থাণ্ডা কালীবাৰী অঞ্চলত সৃষ্টি হৈছে এক উত্তেজনাপূৰ্ণ পৰিস্থিতি (Tension prevailed at Thanda Kali Bari of Agartala) । এটা হিন্দুত্ববাদী গোটে শিৱৰ মন্দিৰ স্থাপনৰ বাবে মুছলমান লোকৰ কবৰস্থান বেদখল কৰাৰ অভিযোগ পাচতেই সৃষ্টি হয় এই পৰিস্থিতিৰ ।

নিউজ ডেস্ক, ৫ জুলাই : আগৰতলাত তীব্ৰ সাম্প্ৰদায়িক উত্তেজনা । চহৰখনৰ নন্দন নগৰৰ থাণ্ডা কালীবাৰী অঞ্চলত সৃষ্টি হৈছে এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ (Tension prevailed at Thanda Kali Bari of Agartala) । এটা হিন্দুত্ববাদী গোটে শিৱ মন্দিৰ স্থাপনৰ বাবে মুছলমান লোকসকলে ব্যৱহাৰ কৰা কবৰস্থান বেদখল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগৰ পাচতেই সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ।

অভিযোগ অনুসৰি মুছলমান সম্প্ৰদায়ৰ লোকসকলে হিন্দুত্ববাদী গোটটোৱে ৰাতিটোৰ ভিতৰতে কবৰস্থানখনত এটা শিৱ মন্দিৰ স্থাপন কৰা প্ৰত্যক্ষ কৰে (Hindutva group installed a shiva mandir in graveyard) । উক্ত ঘটনাৰ প্ৰতিবাদত মুছলমান লোকসকলে পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে । ফলত কেইবাঘণ্টা ধৰি পথটোৰে যোগাযোগ ব্যাহত হৈ পৰে । পৰিপ্ৰেক্ষিত সদৰ দণ্ডাধীশে অঞ্চলটোৰ আশেপাশে ১৪৪ ধাৰা জাৰি কৰে (Sadar sub-divisional Magistrate imposed section 144) ।

"... থাণ্ডা কালিবাৰী অঞ্চলৰ ওচৰৰ নন্দানগৰত সাম্প্ৰদায়িক বিভেদৰ তীব্ৰ উত্তেজনা আৰু শান্তি ভংগৰ আশংকা সন্দৰ্ভত নিউ কেপিটেল কমপ্লেক্সৰ ছাব ডিভিজনেল আৰক্ষী বিষয়াৰ পৰা এক প্ৰতিবেদন পোৱা গৈছে (Report from Sub-Divisional Police Officer of New Capital Complex) । তাত এইটো আশংকা কৰা হৈছে যে পৰৱৰ্তী সময়ত আইন-শৃংখলাজনিত পৰিস্থিতি অৱনতি ঘটাৰ সম্ভাৱনা আছে (possibility of further Law & Order situation) ।" সদৰ দণ্ডাধীশৰ নিৰ্দেশনাটোত এইদৰে উল্লেখ কৰা হৈছে ।

আনহাতে, সদৰ ন্যায়াধীশে আইন-শৃংখলা বজাই ৰখাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিবলৈ মহকুমা প্ৰশাসনলৈ আদেশ জাৰি কৰিছে । "প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মই একমত যে ৰাজহুৱা শান্তি বজাই ৰখাৰ বাবে নিষেধাজ্ঞাৰ জাননী জাৰিৰ তাৎক্ষণিক প্ৰয়োজন আছে । অন্যথা আইন-শৃংখলাৰ অৱনতি হ'ব পাৰে । নিৰ্দেশটো 5 জুলাইৰ 11.00 বজাৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব ।" আদেশটোত লগতে এইদৰে উল্লেখ কৰা হৈছে ।

ইফালে, আন্দোলনকাৰীসকলে মন্দিৰটো তাৰ পৰা উঠাই নিবলৈ আৰু সংখ্যালঘু লোকসকলক মাটিখিনি ঘূৰাই দিবলৈ দাবী জনাইছে । সাংবাদিকৰ সৈতে বাৰ্তালাপত এজন আন্দোলনকাৰীয়ে কয় যে তেওঁলোকে (হিন্দুত্ববাদী গোট) কবৰস্থান দখল কৰিছে য'ত মৃত্যুৰ পিছত মুছলমান লোকসকলক সমাধিস্থ কৰা হয় । তেওঁলোকে প্ৰশাসনক বিষয়টো সন্দৰ্ভত বহুবাৰ অৱগত কৰা বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক :RSS-BJPs strategy:ৰাজস্থানৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আৰ এছ এছ-বিজেপিৰ ৰণনীতিৰ বৈঠক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.