ETV Bharat / bharat

RSS-BJPs strategy:ৰাজস্থানৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আৰ এছ এছ-বিজেপিৰ ৰণনীতিৰ বৈঠক

author img

By

Published : Jul 5, 2022, 3:57 PM IST

bhagwat
RSS-BJPs strategy meeting for Rajasthan election: ৰাজস্থানৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আৰ এছ এছ- বিজেপিৰ ৰণনীতিৰ বৈঠক

অহা বছৰ ৰাজস্থানত অনুষ্ঠত হ'ব বিধানসভাৰ নিৰ্বাচন । সেই উদ্দেশ্য়ে বৃহস্পতিবাৰে আৰম্ভ হ'ব আৰ এছ এছ-বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী কমিটীৰ পৰামৰ্শ-ৰণনীতি বৈঠক (RSS-BJPs ideological fountainhead consultations and strategy meetings in Rajasthan)।

নেচনেল ডেস্ক,৫জুলাই: অহা বছৰ ৰাজস্থানত অনুষ্ঠত হ'ব বিধানসভা নিৰ্বাচন । এই নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ-বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী কমিটীৰ বৃহস্পতিবাৰে পৰামৰ্শ আৰু ৰণনীতি সম্পৰ্কীয় এক বৈঠক আৰম্ভ হ'ব (RSS-BJPs ideological fountainhead consultations and strategy meetings in Rajasthan)। বৃহস্পতিবাৰৰ পৰা ঝুনঝুনুত প্ৰান্ত প্ৰচাৰক বা স্থানীয় প্ৰচাৰকসকলৰ এখন তিনিদিনীয়া বৈঠকো আৰম্ভ হ'ব ।

শেহতীয়াকৈ উদয়পুৰত দৰ্জী কানহাইয়া লালক পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক থকা দুজন লোকে ভয়ংকৰভাৱে হত্যা কৰাৰ পিছত ৰাজ্যখন এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে । সেইবাবে এই বৈঠকখনে গুৰুত্ব লাভ কৰিছে । বৈঠকখনত ৰাজস্থানৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে । তদুপৰি আগন্তুক বৈঠকত আৰ এছ এছৰ শতবাৰ্ষিকী উদযাপনৰ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হ'ব । কিয়নো ২০২৫ বৰ্ষত সংগঠনটোৰ ১০০ বছৰ পূৰ্ণ হ'ব ।

উক্ত বৈঠকত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোচাবালে আৰু আৰ এছ এছৰ দ্বাৰা নিৰ্ধাৰিত ৪৫ খন প্ৰদেশৰ মুখ্য প্ৰচাৰকসকলে বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে (RSS chief Mohan Bhagwat, General Secretary Dattatreya Hosabale will participate)। ইপিনে, বিজেপিৰ পৰা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু শিৱপ্ৰকাশেও বৈঠকত অংশগ্ৰহণ কৰিব (BLSanthosh and Shivprakash will participate)। উল্লেখ্য় যে আৰ এছ এছে ইয়াৰ সাংগঠনিক উদ্দেশ্যৰ বাবে দেশখনক ১১ টা অঞ্চলত বিভক্ত কৰিছে আৰু ৪৫ খন প্ৰদেশত বিভক্ত কৰিছে ।

ইপিনে, আৰ এছ এছ নেতা ইন্দ্ৰেশ কুমাৰৰ নিৰ্দেশনাত সংগঠনটোৰ মুছলিম ৰাষ্ট্ৰীয় মঞ্চই কেইবাঠাইতো কানহাইয়া লালৰ বাবে শোক সমাৱেশৰ আয়োজন কৰিছে । মঞ্চই দেশখনত সৌহাৰ্দ্য বজাই ৰাখিবলৈ আন মুছলমান সংগঠনৰ সৈতে আলোচনাও কৰিছে । ইপিনে, ধৰ্মীয় উগ্ৰবাদৰ বিৰুদ্ধে এটা অভিযান আৰম্ভ কৰাৰ কথাও চিন্তা কৰিছে মুছলিম ৰাষ্ট্ৰীয় মঞ্চই ।

লগতে পঢ়ক:কানহায়া লাল হত্যাকাণ্ড: গৃহমন্ত্ৰী অমিত শ্বাহৰে NIA ৰ মুৰব্বীৰ বৈঠক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.