ETV Bharat / bharat

ৰাছিয়াৰ স্পুটনিক ভিক ব্যৱহাৰৰ বাবে অনুমোদন এছইচিৰ

author img

By

Published : Apr 12, 2021, 8:06 PM IST

Updated : Apr 12, 2021, 8:20 PM IST

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । ইফালে, প্ৰতিষেধকৰ নাটনিয়ে দেখা দিছে দেশত । ইয়াৰ বাবে বিষয় বিশেষজ্ঞ কমিটি (এছইচি)য়ে সোমবাৰে ৰাছিয়াৰ ক'ভিড-১৯ ৰ প্ৰতিষেধক স্পুটনিক ভিক (Sputnik V) ব্যৱহাৰত অনুমোদন জনাইছে ।

ৰাছিয়াৰ স্পুটনিক ভিক ব্যৱহাৰৰ বাবে অনুমোদন এছইচিৰ
ৰাছিয়াৰ স্পুটনিক ভিক ব্যৱহাৰৰ বাবে অনুমোদন এছইচিৰ

নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । ইফালে, প্ৰতিষেধকৰ নাটনিয়ে দেখা দিছে দেশত । ইয়াৰ বাবে বিষয় বিশেষজ্ঞ কমিটি (এছইচি)য়ে সোমবাৰে ৰাছিয়াৰ ক'ভিড-১৯ ৰ প্ৰতিষেধক স্পুটনিক ভি ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে । দেশত দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ বাবে স্পুটনিক ভিৰ অনুমোদন গ্ৰহণ কৰিবলৈ সোমবাৰে ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ (ডিচিজিআই) বিষয় বিশেষজ্ঞ সমিতি (এছইচি) ৰে মিলিত হোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহতে উন্নত পৰীক্ষণ সম্পন্ন কৰিবলৈ বাকী থকাৰ পাছতো স্পুটনিক ভিক নিয়ন্ত্ৰক অনুমোদন প্ৰদান কৰাৰ বাবে ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখীন হৈছিল ৷ চৰকাৰী অনুমতি লাভ কৰাৰ দুসপ্তাহ পাছত প্ৰায় ৪০,০০০ স্বেচ্ছাসেৱীৰ মাজত উন্নত পৰীক্ষণ সম্পন্ন কৰাৰ কথা ঘোষণা কৰে ৷ পৰীক্ষণ অব্যাহত থকাৰ জটিল পৰিস্থিতিতো সেৱা আগবঢ়াই থকা স্বাস্থ্যকৰ্মী বা শিক্ষকসকলৰ বাবে এই প্ৰতিষেধক উপলব্ধ কৰা হৈছিল ৷ বহু কেইগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই এই কথা উল্লেখ কৰিছে যে তেওঁলোকে ইতিমধ্যে এই প্ৰতিষেধক ব্যৱহাৰ কৰিছে ৷

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত কৰুণাতংক: ক’ৰণাত আক্ৰান্ত 80 গৰাকী কৰ্মচাৰী

Last Updated : Apr 12, 2021, 8:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.