ETV Bharat / bharat

Sanatan Dharma controversy : উদয়ানিধিৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ওপৰত শুনানি উচ্চতম ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 4:07 PM IST

উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা কেবিনেট মন্ত্ৰী উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে সনাতন ধৰ্ম নিৰ্মূল শীৰ্ষক মন্তব্যৰ বাবে এজাহাৰ বিচাৰি আবেদনৰ ওপৰত জাননী জাৰি কৰে ।

Sanatan Dharma controversy
উদয়ানিধিৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ওপৰত শুনানি উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক,২২ ছেপ্টেম্বৰ : সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰে । মাদ্ৰাজৰ এগৰাকী অধিবক্তাই ষ্টেলিনৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ বাবে আবেদন জনাইছিল । লগতে ষ্টেলিন আৰু তেওঁৰ অনুগামীসকলৰ বিৰুদ্ধে সনাতন ধৰ্ম/হিন্দু ধৰ্মৰ বিৰুদ্ধে আৰু কোনো ঘৃণামূলক ভাষণ নিদিবলৈ আদেশ বিচাৰি আবেদন দাখিল কৰিছিল । সেই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে সনাতন ধৰ্মৰ ওপৰত কৰা মন্তব্যৰ বাবে উদয়ানিধি ষ্টেলিনক জাননী জাৰি কৰে ।

ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত এখন বিচাৰপীঠে আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা দামা শেশাদ্ৰী নাইডুক প্ৰশ্ন কৰে তেওঁ কিয় উচ্চ ন্যায়ালয়লৈ গৈ বিষয়টো উত্থাপন নকৰে । নাইডুৱে জোৰ দি কয় যে এগৰাকী সাংবিধানিক কৰ্মকৰ্তাই এনেধৰণৰ কথা কোৱা অনুচিত আৰু দ্বিতীয়তে শিক্ষাৰ্থীসকলক কোনো ধৰ্মৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য কৰিব নালাগে । নাইডুৱে এই বিষয়টো ঘৃণামূলক ভাষণৰ গোচৰৰ অন্তুৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় । বিচাৰপীঠে আবেদনকাৰীৰ অধিবক্তাক কয় যে তেওঁ শীৰ্ষ আদালতক এখন আৰক্ষী চকীলৈ ৰূপান্তৰ কৰিছে ।

উল্লেখ্য যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অধিবক্তাজনে গৃহ সচিব আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (চিবিআই)ৰ সঞ্চালকক ২ ছেপ্টেম্বৰত অনুষ্ঠিত সনাতন ধৰ্ম নিৰ্মূল সন্মিলন আৰু তামিলনাডুৰ মন্ত্ৰী ইউ ষ্টেলিনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল আৰু তৎক্ষণাৎ তদন্তৰ নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । আবেদনখনত উদয়ানিধি ষ্টেলিন, পিটাৰ আলফনছে, এ ৰাজা আৰু থল থিৰুমাভালভান আৰু তেওঁলোকৰ অনুগামীসকলৰ বিৰুদ্ধে সনাতন ধৰ্ম/হিন্দু ধৰ্মৰ বিৰুদ্ধে আৰু কোনো ঘৃণামূলক ভাষণ নিদিবলৈ আদেশ বিচৰা হৈছে ।

২ ছেপ্টেম্বৰত অনুষ্ঠিত সনাতন ধৰ্ম নিৰ্মূল সন্মিলন শীৰ্ষক বৈঠকত ৰাজ্যৰ মন্ত্ৰীসকলৰ অংশগ্ৰহণ সংবিধানৰ ২৫ আৰু ২৬ অনুচ্ছেদৰ অসাংবিধানিক উলংঘন বুলি ঘোষণা কৰিবলৈ বি জগন্নাথে এই আবেদন দাখিল কৰে ।

লগতে পঢ়ক :Udhayanithi Stalin on Amit Shah's Remark : হিন্দীক ভাৰতৰ একত্ৰীকৰণ শক্তি বুলি কৰা অমিত শ্বাহৰ দাবীক তীব্ৰ সমালোচনা উদয়ানিধি ষ্টালিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.