ETV Bharat / bharat

Angkita Dutta Harassment Case : বিভি শ্ৰীনিবাসক জামিন প্ৰদান ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : May 17, 2023, 4:53 PM IST

SC grants bail to BV Srinivas
SC grants bail to BV Srinivas

দেশৰ শীৰ্ষ আদালতে কৰ্ণাটকৰ কংগ্ৰেছ নেতাগৰাকীক সকাহ প্ৰদান কৰে । লগতে তেওঁক চলি থকা তদন্তত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (NCW) সৈতে সহযোগিতা কৰিবলৈ কয় (SC grants bail to BV Srinivas) ।

নিউজ ডেস্ক, ১৭ মে' : ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি বিভি শ্ৰীনিবাসক সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ । এক আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসমৰ বহিষ্কৃত নেত্ৰী অংকিতা দত্তই দাখিল কৰা নিৰ্যাতনৰ গোচৰত তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে (Angkita Dutta Harassment Case) । উল্লেখ্য, শ্ৰীনিবাসৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে (GHC denies BV Srinivas interim bail) । এই আদেশক প্ৰত্যাহ্বান জনাই তেওঁ অন্তৱৰ্তীকালীন জামিনৰ বাবে ছুপ্ৰিম কোৰ্টৰ কাষ চাপে (SC grants bail to BV Srinivas) ।

বুধবাৰে ন্যায়াধীশ বি আৰ গাভাই আৰু সঞ্জয় কৰোলক লৈ গঠিত এখন বিচাৰপীঠে এই আবেদনৰ শুনানি প্ৰদান কৰে । দেশৰ শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠখনে শ্ৰীনিবাসক সকাহ প্ৰদান কৰি তেওঁক চলি থকা তদন্তত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (National Commission for Women) সৈতে সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখ্য, যোৱা ৫ মে'ত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম যুৱ কংগ্ৰেছৰ বহিষ্কৃত নেত্ৰী অংকিতা দত্তই দাখিল কৰা অপৰাধমূলক অভিযোগত শ্ৰীনিবাসৰ আগতীয়া জামিনৰ আবেদন নাকচ কৰিছিল । অংকিতাই তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল শ্ৰীনিবাসৰ বিৰুদ্ধে (Assam Youth Congress leader Angkita Dutta case) ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত কৈছিল যে শ্ৰীনিবাসৰ অভিমত আছিল যে গোচৰটো আবেদনকাৰীক অন্তৱৰ্তীকালীন জামিনৰ বিশেষাধিকাৰ প্ৰদান কৰাৰ বাবে উপযুক্ত নহয় আৰু সেইবাবে নাকচ কৰা হয় । শ্ৰীনিবাসৰ জামিন আবেদনৰ বিৰোধিতা কৰি চৰকাৰী অধিবক্তাই যুক্তি দিছিল যে আবেদনকাৰীয়ে বেংগালুৰুৰ সত্ৰ আদালতত দুখনকৈ অন্তৱৰ্তীকালীন জামিন আবেদন দাখিল কৰিছিল । কেছ ডায়েৰীত লিপিবদ্ধ তথ্যৰ ভিত্তিত দুয়োখন আবেদন নাকচ কৰা হৈছিল বুলি চৰকাৰী অধিবক্তাই আঙুলিয়াই দিছিল ।

আনহাতে, শ্ৰীনিবাসৰ অধিবক্তাই আঙুলিয়াই দিছিল যে ভাৰতীয় দণ্ডবিধিৰ (Indian Penal Code, IPC) ধাৰা ৩৫৪-ৰ অধীনত থকাসকলক বাদ দি বিভিন্ন ধাৰাৰ অধীনত যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে আৰোপ কৰা সকলো অভিযোগ জামিনযোগ্য প্ৰকৃতিৰ । ধাৰা ৩৫৪ এগৰাকী মহিলাৰ ওপৰত আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগৰ সৈতে সম্পৰ্কিত, যাৰ উদ্দেশ্য হৈছে তেওঁৰ শালীনতা অতিক্ৰম কৰা ।

উল্লেখ্য, অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে দাখিল কৰা নিৰ্যাতন আৰু লিংগ বৈষম্যৰ অভিযোগৰ সন্দৰ্ভত তেওঁক ২ মে'ত সোধাপোছাৰ বাবে দিছপুৰ থানাত হাজিৰ হ'বলৈ কোৱা হৈছিল । জাননীখনত পূব গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত মৈত্ৰেয়ী ডেকাই শ্ৰীনিবাসক দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বলৈ কয় । লগতে জাননীখনত কোৱা হৈছিল যে যদি তেওঁ এই আদেশ পালন কৰাত বিফল হয় তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে । ইয়াৰ পূৰ্বে অসম আৰক্ষীয়েও শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল (Assam Police FIR against Srinivas) ।

লগতে পঢ়ক :Sarita Toshniwal case verdict : সৰিতা হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচ; দোষমুক্ত দীপমণি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.