SBI MCLR: 15 জুলাইৰ পৰা এছবিআইৰ ঋণৰ হাৰৰ প্ৰান্তিক ব্যয় বৃদ্ধি

author img

By

Published : Jul 15, 2022, 1:18 PM IST

sbi

বৃহস্পতিবাৰে ভাৰতীয় ষ্টেট বেঙ্কে (State Bank of India decided to increase MCLR) ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা জাননী অনুসৰি, এবছৰৰ ম্যাদৰ বাবে বেঙ্কটোৱে এমচিএলআৰ (MCLR) বৰ্তমানৰ 7.40 শতাংশৰ পৰা 7.50 শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ।

নিউজ ডেস্ক, ১৫ জুলাই : ষ্টেট বেংকৰ পৰা ঋণ লোৱাৰ কথা ভাবিছে নেকি ? তেনেহ'লে অলপ চিন্তা কৰিব লাগিব পাৰে আপুনি । কিয়নো সুতৰ হাৰৰ প্ৰান্তিক ব্যয় বৃদ্ধি কৰিছে দেশৰ সৰ্ববৃহৎ বেংকটোৱে।

দেশৰ সৰ্ববৃহৎ ঋণদাতা ষ্টেট বেঙ্ক অব ইণ্ডিয়াই চলিত বৰ্ষৰ 15 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ঋণৰ ওপৰত ঋণৰ সুতৰ হাৰৰ প্ৰান্তিক ব্যয় (MCLR) 10 বেছিছ পইণ্ট বা 0.10 শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে (SBI increases MCLR on loans 10 basis points) ।

বৃহস্পতিবাৰে ভাৰতীয় ষ্টেট বেঙ্কে ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা জাননী অনুসৰি (SBI website released notice increase MCLR), এবছৰৰ ম্যাদৰ বাবে বেঙ্কটোৱে এমচিএলআৰ বৰ্তমানৰ 7.40 শতাংশৰ পৰা 7.50 শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

আনহাতে, ছয় মাহৰ ম্যাদৰ বাবে এমচিএলআৰ 7.35 শতাংশৰ পৰা 7.45 শতাংশলৈ বৃদ্ধি কৰা হ'ব (For six month tenor MCLR increased to 7.45) । দুবছৰৰ ম্যাদত এমচিএলআৰ ৭.৬০ শতাংশৰ পৰা ৭.৭০ শতাংশলৈ বৃদ্ধি কৰা হ'ব । একেদৰে তিনি বছৰৰ ম্যাদত এই শতাংশ 7.7 শতাংশৰ পৰা 7.8 শতাংশলৈ বৃদ্ধি কৰা হ'ব (for three years tenors MCLR increased to 7.8) বুলি জনাইছে ষ্টেট বেংক অব ইণ্ডিয়াৰ সূত্ৰই ।

লগতে পঢ়ক :১ জুলাইৰ পৰা ক্ৰিপ্টো কাৰেঞ্চিত উৎসৰ ওপৰত ১ শতাংশ কৰ কৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.