ETV Bharat / bharat

শশীকলাসহ পৰিয়ালৰ AIADMKত পুনৰ প্ৰৱেশ নিষেধ !

author img

By

Published : Jun 17, 2021, 9:43 PM IST

sasikala not allowed into AIADMK
শশীকলাৰ AIADMKত পুনৰ প্ৰৱেশ নিষেধ

এক বিবৃতিযাগে চেন্নাইৰ বিল্লুপুৰম জিলাৰ AIADMK দলৰ সচিব তথা প্ৰাক্তন মন্ত্ৰী শ্বনমুগাম (Shanmugham)য়ে কয় যে, AIADMKত দলটোৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভানেত্ৰী ভি.কে. শশীকলা (V. K. Sasikala)ৰ যোগদান কৰাত বাধা প্ৰদান কৰি তেওঁৰ বিৰুদ্ধে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৷

নেশ্যনেল ডেস্ক,17 জুন : অল ইণ্ডিয়া আন্না ড্ৰাবিড়া মুনেত্ৰা কাঝাগাম (AIADMK) দলৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদিকা ভি.কে. শশীকলা (V. K. Sasikala)ৰ বিৰুদ্ধে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছে দলটোৱে ৷ দলটোৰ নেতা চি. ভে. শ্বনমুগাম (C.Ve. Shanmugham)য়ে বৃহস্পতিবাৰে কয় যে, শশীকলা আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্যকে পুনৰ দলটোত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা নহয় ৷

প্ৰাক্তন মন্ত্ৰী শ্বনমুগামে কয় যে, শশীকলাই পুনৰ দলত যোগদানৰ আশা কৰিলেও, তেওঁৰ সেই আশাক কোনেও সমৰ্থন নকৰে ৷ শশীকলাৰ ষড়যন্ত্ৰৰ বাবে প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতা (Jayalalitha)ই কাৰাগাৰৰ শাস্তি খাবলগীয়া হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

AIADMK দলৰ কোনো নেতাই শশীকলাক পুনৰ দলত গ্ৰহণ নকৰে ৷ শশীকলাক দলত পুনৰ গ্ৰহণ কৰাক লৈ দলৰ নেতালৈ ধমকিসূচক ফোন আহিছিল ৷ দলীয় নেতাই ইতিমধ্যে এই ফোনকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি শ্বনমুগামে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.