ETV Bharat / bharat

একনাথ সিন্দে শিবিৰক ভালুকৰ লগত তুলনা সঞ্জয় ৰাউতৰ

author img

By

Published : Jul 10, 2022, 7:18 PM IST

Sanjoy Raut
একনাথ সিন্দে শিবিৰক ভালুকৰ লগত তুলনা সঞ্জয় ৰাউতৰ

শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলক সঞ্জয় ৰাউতে সমালোচনা কৰিবলৈ এৰা নাই (Sanjoy Raut slams rebel MLA of Shiv Sena)। এইবাৰ বিদ্ৰোহীসকলক আইনাত চাই থকা এটা ভালুকৰ লগত তুলনা কৰিলে ৰাউতে । ৰাজ্যপালৰ ভূমিকাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে সঞ্জয় ৰাউতে ।

নেশ্যনেল ডেস্ক, ১০ জুলাই : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ (Maharashtra political crisis) কথা আপোনালোক নিশ্চয় অৱগত । কেনেদৰে মহাৰাষ্ট্ৰৰ বিসম্বাদৰ ৰাজনীতিয়ে কিছুদিন আগলৈ সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । বিসম্বাদৰ বিজয় হ'ল আৰু অৱশেষত একনাথ সিন্দে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ'ল (Eknath Shinde became CM of Maharashtra)। কিন্তু এতিয়াও ৰাজ্যখনৰ শিৱসেনা আৰু প্ৰাক্তন শিৱসেনা তথা বৰ্তমানৰ বিজেপি নেতাসকলৰ মাজত বাকযুদ্ধ অব্যাহত আছে ।

পূৰ্বৰ দৰেই শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে বিদ্ৰোহী বিধায়কসকলক নিৰন্তৰ সমালোচনা অব্যাহত ৰাখিছে (Sanjoy Raut slams rebel MLA of Shiv Sena)। এইবাৰ পুনৰ টুইটযোগে বিসম্বাদী নেতাসকলক সমালোচনা কৰিলে ৰাউটে । টুইটত বিসম্বাদী শিবিৰক লক্ষ্য কৰি তেওঁ কয় যে কোনোৱে আইনাত নিজকে চাবলৈ লাজ পায় ।

  • जेंव्हा स्वतःला आरशात पाहताना भीती आणि लाज वाटते.. https://t.co/bAPoUgzad1

    — Sanjay Raut (@rautsanjay61) July 10, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

সঞ্জয় ৰাউতে টুইটযোগে আইনাত চাই থকা এটা ভালুকৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু বিসম্বাদী বিধায়কসকলক ভালুকটোৰ সৈতে তুলনা কৰিছে । ইফালে শিৱসেনাৰ এগৰাকী কট্টৰ সমৰ্থক সঞ্জয় ৰাউতে কেতিয়াও বিৰোধীক সমালোচনা কৰাৰ সুযোগ এৰি দিয়া (Sanjoy Raut criticized rebel Shiv Sena leader)। তেওঁ বিভিন্ন মাধ্যমৰ জৰিয়তে বিদ্ৰোহী বিধায়কসকলক নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখিছে ।

বিসম্বাদ আৰম্ভ হোৱাৰ পাছতে শিৱসেনাত তীব্ৰ সংকটৰ ছাঁ পৰিছিল । সেই সময়ত দলটোক উদ্ধাৰ কৰিবলৈ শিৱসেনাই বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছিল । ৰাইজৰ মাজত সজাগতা সভাৰ আয়োজন কৰিছিল । য'ত বিসম্বাদী বিধায়কসকলক তীব্ৰ সমালোচনা কৰিছিল সঞ্জয় ৰাউতে ।

  • विठ्ठल...विठ्ठल...विठ्ठल...
    विठ्ठल...विठ्ठल... विठ्ठल.. pic.twitter.com/q2jdxdv3oA

    — Sanjay Raut (@rautsanjay61) July 10, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আনকি একনাথ সিন্দেৰ চৰকাৰ অবৈধ আখ্যাও দিছে ৰাউতে । এই ক্ষেত্ৰত ৰাজ্যপালৰ ভূমিকাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে সঞ্জয় ৰাউতে । সঞ্জয় ৰাউতে ৰাজ্যপালক স্বতন্ত্ৰ নোহোৱা আৰু সংবিধান মানি নচলাৰ বাবেও সমালোচনা কৰিছিল ।

ইফালে আছাদী একাদশী উপলক্ষে ৰাউতে দেওবাৰে হিন্দু দেৱতা বিত্থাল আৰু বালাচাহেব ঠাকৰেৰ এখন ফটোও টুইট কৰিছে (Sanjoy Raut tweet on Ashadi Ekadashi)। টুইটটোত বালাচাহেব ঠাকৰেক বিত্থালৰ লগত তুলনা কৰাও দেখা গৈছে ।

লগতে পঢ়ক :ভাৰতত নিষিদ্ধ হ'ব পেট্ৰ'ল: নীতিন গাডকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.