ETV Bharat / bharat

সবৰিমালা মন্দিৰত প্ৰৱেশৰ বাবে ভক্তক প্ৰয়োজন হ’ব ক’ভিড পৰীক্ষাৰ প্ৰমাণপত্ৰ

author img

By

Published : Dec 20, 2020, 8:18 PM IST

২৬ ডিচেম্বৰৰ পিছত ভক্তৰ বাবে দ্বাৰ মুকলি হ’ব সবৰিমালা মন্দিৰৰ ৷ আৰ টি পিচিআৰ পৰীক্ষাৰ লগতে ভক্তসকলে লগত আনিব লাগিব কোভিড ১৯ পৰীক্ষাৰ ফলাফল ৷ শ্ৰাবণকোৰ দেৱাশ্ৰম ব’ৰ্ডে সদৰী কৰে এই কথা ৷ তদুপৰি কেৰালা উচ্চ ন্যায়ালয়ে দেওবাৰৰ পৰা ৫,০০০ তীৰ্থযাত্ৰীক মন্দিৰত প্ৰৱেশৰ অনুমতি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

Sabarimala: COVID-negative certificate after RT-PCR test must for devotees
শবৰীমালা: ভক্তৰ বাবে প্ৰয়োজন হ’ব কৰ’ণা পৰীক্ষাৰ প্ৰমাণপত্ৰ

থিৰুৱনন্তপুৰম,২০ ডিচেম্বৰ: ২৬ ডিচেম্বৰৰ পিছত ভক্তৰ বাবে মুকলি হ’ব সবৰিমালা মন্দিৰৰ দ্বাৰ ৷ আৰ টি পিচিআৰ পৰীক্ষাৰ লগতে ভক্তসকলে লগত আনিব লাগিব কোভিড ১৯ পৰীক্ষাৰ ফলাফল ৷ শ্ৰাবণকোৰ দেৱাশ্ৰম ব’ৰ্ডে সদৰী কৰে এই কথা ৷ তদুপৰি কেৰালা উচ্চ ন্যায়ালয়ে দেওবাৰৰ পৰা ৫,০০০ তীৰ্থযাত্ৰীক মন্দিৰত প্ৰৱেশৰ অনুমতি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

টিডিবিৰ অধ্যক্ষ এন বাসুৱে প্ৰকাশ কৰা অনুসৰি, ভক্তসকলে মন্দিৰ দৰ্শনৰ ৪৮ ঘণ্টা পূৰ্বে এই প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব লাগিব ৷ 31 ডিচেম্বৰৰ পৰা ২০২১ চনৰ ১৯ জানুৱাৰী পৰ্যন্ত মকৰবিলক্কু উৎসৱৰ পৰিপ্ৰেক্ষিতত যি সকল ভক্তৰ হাতত এই প্ৰমাণপত্ৰ নাথাকে, তেওঁলোকক মন্দিৰ দৰ্শনৰ অনুমতি দিয়া নহ’ব ৷ বাসুৱে প্ৰকাশ কৰা অনুসৰি চৰকাৰে সবৰিমালা মন্দিৰৰ বাবে 50 কোটি টকাৰ পেকেজ আগবঢ়াইছে ৷

ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰতিগৰাকী ভক্তৰ যাৱতীয় নথিপত্ৰ পৰীক্ষাৰ অন্ততহে মন্দিৰত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ’ব ৷ সোমবাৰৰ পৰা শুকুৰবাৰলৈ ২,০০০ ভক্তক মন্দিৰ দৰ্শনৰ অনুমতি দিয়া হৈছিল ৷ যদিও সপ্তাহৰ অন্তত ৩,০০০ ভক্তক মন্দিৰ দৰ্শন কৰিবলৈ দিয়া হয় ৷

লগতে পঢ়ক : পৰিষদৰ সকলো কামতে বিৰোধীৰ ভূমিকা পালন কৰি যাম : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.