ETV Bharat / bharat

FM Nirmala Sitharaman : ভাৰতীয় টকাৰ মূল্য এতিয়াও স্থিৰ

author img

By

Published : Oct 16, 2022, 2:23 PM IST

Nirmala Sitharaman
ভাৰতীয় টকাৰ মূল্য এতিয়াও স্থিৰ

"ভাৰতীয় অৰ্থনীতিৰ মৌলিক বিষয়বোৰ ভাল, সূক্ষ্ম-অৰ্থনৈতিক মৌলিক বিষয়বোৰ ভাল । বৈদেশিক মুদ্ৰা সংৰক্ষণ ভাল... মুদ্ৰাস্ফীতিও এক নিয়ন্ত্ৰণযোগ্য স্তৰত আছে ।" বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এনেদৰে কয় (Finance Minister Nirmala Sitharaman) ।

নিউজ ডেস্ক, ১৬ অক্টোবৰ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতীয় টকাৰ মূল্য এনে এক সময়ত স্থিৰ হৈ আছে, যেতিয়া ডলাৰ শক্তিশালী হৈছে (Sitharaman demanded Indian rupee holding ground) । ভাৰতৰ অৰ্থনীতিৰ মৌলিকতা শক্তিশালী আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ তুলনাত মুদ্ৰাস্ফীতি কম বুলিও তেওঁ দাবী কৰে ।

আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ বাৰ্ষিক সভাত অংশগ্ৰহণ কৰি ৱাশ্বিংটন চহৰ ভ্ৰমণ সমাপ্ত কৰাৰ পিছত শনিবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সীতাৰমণে লগতে কয় যে মুদ্ৰাস্ফীতি এক নিয়ন্ত্ৰণযোগ্য স্তৰত আছে (Finance Minister Nirmala Sitharaman)।

"ভাৰতীয় অৰ্থনীতিৰ মৌলিক বিষয়বোৰ (Fundamentals of Indian economy) ভাল, সূক্ষ্ম-অৰ্থনৈতিক মৌলিকতা ভাল । বৈদেশিক মুদ্ৰা সংৰক্ষণ ভাল । মই এইটোৱেই পুনৰাবৃত্তি কৰি আছোঁ যে মুদ্ৰাস্ফীতিও এক নিয়ন্ত্ৰণযোগ্য স্তৰত আছে ।" সীতাৰমণে কয় । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আইএমএফ (International Monetary Fund) আৰু বিশ্ব বেংকৰ (World Bank) বৈঠকৰ সময়ত ২৪ খন দ্বিপাক্ষিক আৰু প্ৰায় এক ডজন বহুপাক্ষিক বৈঠক অনুষ্ঠিত কৰা সীতাৰমণে কয় যে তেওঁ মুদ্ৰাস্ফীতিক ছয় শতাংশৰ তললৈ আনিবলৈ ভাল পাব আৰু চৰকাৰে ইয়াৰ বাবে প্ৰচেষ্টা চলাই আছে ।

তুৰস্কৰ দৰে বিশ্বৰ কেইবাখনো দেশে দুটা অংকৰ মুদ্ৰাস্ফীতিৰ (inflation) সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে উক্ত দেশসমূহ বাহ্যিক কাৰকৰ জৰিয়তে অতি গুৰুতৰভাৱে প্ৰভাৱিত হৈছে । আমিও বাহ্যিক কাৰকৰ জৰিয়তেও প্ৰভাৱিত হৈ আছোঁ । কিন্তু প্ৰতিবাৰেই আমি সময়মতে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আছোঁ, যাৰ বাবে আমি ইয়াক এই স্তৰলৈ আনিবলৈ সক্ষম হওঁ আৰু যাতে ইয়াক ধৰি ৰাখিব পাৰোঁ । আদৰ্শগতভাৱে এই সময়ত ইয়াক চাৰিলৈ অনাটো অতি ভাল হ'ব, কিন্তু আমি চেষ্টা কৰি আছোঁ । তেওঁ লগতে কয় ।

সেয়েহে আমি বাকী বিশ্বৰ তুলনাত যি স্থিতিত আছোঁ তাৰ বিষয়ে সচেতন হ'ব লাগিব । মই উদযাপনৰ কৰাৰ কথা ক'ব বিচৰা নাই । কিন্তু এইটো সঁচা যে আমি ইয়াক ধৰি ৰাখিছোঁ । আৰু মই বিশেষকৈ বিত্তীয় ঘাটিৰ (fiscal deficit) বিষয়ে যথেষ্ট সচেতন । সীতাৰমণে এনেদৰে কয় ।

আনহাতে, ভাৰতীয় টকাৰ মূল্য অৱনমনৰ (sliding of Indian rupees) ওপৰত কৰা আন এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে ইয়াৰ কাৰণ হৈছে শক্তিশালী ডলাৰ ।

লগতে পঢ়ক :CBI summons Sisodia : দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক চিবিআইৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.