Dollar vs Rupee : ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ সৰ্বকালৰ ৰেকৰ্ড পতন

author img

By

Published : Jul 19, 2022, 5:13 PM IST

a

আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য 80-ত মুকলি হৈছিল (rupee opened at 80 against American dollar), তাৰ পিছত পতন 80.05-লৈ নামি গৈছিল । যিটো অন্তিমবাৰ বন্ধৰ সময়তকৈ 7 পইচা হ্ৰাস পাইছিল ।

নিউজ ডেস্ক, ১৯ জুলাই : আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ পতনৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে মঙলবাৰে (rupee depreciated all time low against US dollar) । মঙলবাৰে আন্তৰ্জাতিক প্ৰাৰম্ভিক বাণিজ্যত আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭ পইচা হ্ৰাস হৈ সৰ্বকালৰ সৰ্বনিম্ন ৮০.০৫ হয় । যিটোৱে আন্তৰ্জাতিক বজাৰত আমেৰিকান মুদ্ৰা আৰু খাৰুৱা তেলৰ মূল্যত ব্যাপক প্ৰভাৱ পেলাইছে (American currency and firm crude oil prices) । আন্তঃবেংক বৈদেশিক মুদ্ৰাত (interbank foreign exchange) আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য 80 টকাত মুকলি হয় । তাৰ পিছত 80.05 টকালৈ ইয়াৰ পতন ঘটে । যিটো অন্তিমবাৰ বন্ধতকৈ 7 পইচা হ্ৰাস হয় ।

প্ৰাৰম্ভিক বাণিজ্যত স্থানীয় ক্ষেত্ৰত আমেৰিকান মুদ্ৰাৰ বিপৰীতে 79.90 টকা স্পৰ্শ কৰিছিল । সোমবাৰে খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু নিৰন্তৰ বিদেশী পুঁজিৰ প্ৰবাহৰ মাজত (crude oil prices and unrelenting foreign fund outflows) টকা প্ৰথমবাৰ ইণ্ট্ৰা-ডে স্পট ট্ৰেডিঙত (intra day spot trading) আমেৰিকান ডলাৰৰ বিপৰীতে ৮০ টকাৰ তললৈ পতন ঘটে, ছেছন শেষ হোৱাৰ পূৰ্বে 16 পইচা হ্ৰাস হৈ 79.98 টকাত সমাপ্ত হয় ।

ৰিলায়েন্স ছিকিউৰিটিজৰ জ্যেষ্ঠ গৱেষণা বিশ্লেষক শ্ৰীৰাম আয়াৰে (Senior Research Analyst at Reliance Securities Sriram Iyer) কয় যে মঙলবাৰে পুৱা টকাৰ মূল্য দুৰ্বলভাৱে মুকলি কৰা হৈছিল । আয়াৰে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (lack of intervention from Reserve Bank of India) হস্তক্ষেপৰ অভাৱেও ইয়াক প্ৰভাৱিত কৰিব পাৰে ।

আয়াৰৰ মতে, মঙলবাৰৰ ছেছনৰ বাবে আমেৰিকান ডলাৰ/ভাৰতীয় মুদ্ৰাৰ যোৰাৰ পৰিসৰ হৈছে 79.75-80.12 । ইফালে, ছয়টা মুদ্ৰাৰ বাস্কেটৰ (basket of six currencies) বিপৰীতে গ্ৰীণবেকৰ শক্তি নিৰ্ধাৰণ কৰা ডলাৰ সূচক (dollar index) 0.12 শতাংশ বৃদ্ধি হৈ 107.49-ত ব্যৱসায় কৰি আছিল । গোলকীয় তেলৰ মানদণ্ড ব্ৰেণ্ট ক্ৰুড ফিউচাৰ (Global oil benchmark Brent crude futures) ০.৩৫ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ১০৫.৯০ আমেৰিকান ডলাৰ হৈছে ।

ঘৰুৱা ইকুইটি বজাৰৰ ক্ষেত্ৰত, 30-শ্বেয়াৰ ছেঞ্চেক্স (Sensex) 86.4 পইণ্ট বা 0.16 শতাংশ হ্ৰাস হৈ 54,434.75-ত ব্যৱসায় কৰি আছিল । আনহাতে, বিস্তৃত এনএছই নিফটি (broader NSE Nifty fell ) 26.75 পইণ্ট বা 0.16 শতাংশ হ্ৰাস হৈ 16,251.75 হয় । ষ্টক এক্সচেঞ্জৰ তথ্য অনুসৰি, বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকল (Foreign institutional investors) সোমবাৰে মূলধনী বজাৰত (capital market) মুঠ ক্ৰেতা আছিল । কিয়নো তেওঁলোকে 156.08 কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰে ।

লগতে পঢ়ক :লণ্ডনৰ বজাৰ পালেগৈ খাৰুপেটীয়াৰ নেমু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.