ETV Bharat / bharat

মুম্বাইত ৰেল যাত্ৰীৰ বাবে জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

author img

By

Published : Apr 19, 2021, 12:38 PM IST

মুম্বাইত বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছৰ প্ৰকোপৰ বাবে চহৰখনত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা ৷ ৰেল যাত্ৰী সকলৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা ৷ এতিয়াৰে পৰা কৰ'ণাৰ লক্ষণ নোহোৱা লোকসকলে মুম্বাইলৈ যাত্ৰা কৰিব পাৰিব ৷

six states as Sensitive Origins
six states as Sensitive Origins

নিউজ ডেস্ক, 19এপ্ৰিল : সমগ্ৰ দেশ তথা বিশ্বতে পুনৰ ক'ভিড-19য়ে সৃষ্টি কৰিছে ত্ৰাসৰ ৷ ইতিমধ্যে এই ভাইৰাছৰ বাবে বহুকেইখন ৰাজ্যত ঘোষণা কৰা হৈছে সান্ধ্য আইন ৷ মায়ানগৰী মুম্বাইতো যোৱা কেইদিনমান ধৰি বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ প্ৰকোপ ৷ যাৰ বাবে মুম্বাইত ঘোষণা কৰা হৈছে সাপ্তাহিক লক ডাউন ৷ ইয়াৰোপৰি, ৰাজ্য চৰকাৰে দেওবাৰে কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ 'ব্ৰেক ডা চেইন' কাৰ্যসূচীৰ অধীনত জাৰি কৰিছে নতুন নিৰ্দেশনা ৷ ৰাজ্য চৰকাৰে জাৰি কৰা ঘোষণা অনুসৰি, কেৰালা, গোৱা, ৰাজস্থান, দিল্লী-এনচিআৰ আৰু উত্তৰাখণ্ড হৈছে কৰ'ণাৰ সংবেদনশীল উৎস ৷ এই ৰাজ্য সমূহৰ পৰা ৰেলযোগে মহাৰাষ্ট্ৰলৈ অহা প্ৰতিগৰাকী নাগৰিকে 48 ঘণ্টাৰ ভিতৰত আৰটি-পিচিআৰ পৰীক্ষা কৰিব লাগিব ৷

মুম্বাইত ৰেল যাত্ৰীৰ বাবে জাৰি কৰা হৈছে নতুন নিৰ্দেশনা
মুম্বাইত ৰেল যাত্ৰীৰ বাবে জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

জাৰি কৰা নিৰ্দেশ অনুসৰি, যাত্ৰীসকলে ক'ভিড-19ৰ সকলো নিয়ম মানি চলিব লাগিব ৷ যাত্ৰী সকলে যাত্ৰা কালত মাস্ক,সামাজিক দূৰত্ব মানি চলিব লাগিব ৷ দীঘলীয়া দূৰত্বৰ যাত্ৰা কৰাসকলৰ পৰীক্ষা কৰা হ'ব ৷ কৰ'ণাৰ লক্ষণ নোহোৱা যাত্ৰী সকলকহে ৰেলযোগে যাত্ৰা কৰিবলৈ অনুমতি দিয়া হ'ব ৷ সংৰক্ষণ অবিহনে মহাৰাষ্ট্ৰলৈ অহা ৰেল সমূহত টিকট জাৰী কৰা নহ'ব । ইয়াৰ উপৰিও, স্থানীয় প্ৰশাসনক ৰেলৱে বিভাগে সকলো তথ্য প্ৰদান কৰিব লাগিব । বৰ্তমান প্ৰস্থানৰ ৰেল ষ্টেচনত যাত্ৰী সকলক পৰীক্ষা কৰা নহয় । ষ্টেচন সমূহত সৰ্বাধিক স্ক্ৰীণিং মেচিন স্থাপন কৰা হ'ব । এই নতুন নিয়মাৱলী আজিৰে পৰা কৰ'ণা মহামাৰী সমাপ্ত হোৱালৈকে কাৰ্যকৰী হ'ব বুলি জানিবলৈ দিয়ে মু্ম্বাই প্ৰশাসনে ৷

অন্য এক খবৰৰ বাবে: গোলাঘাটত পৃথকে-পৃথকে পথ দুৰ্ঘটনাত নিহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.