ETV Bharat / bharat

RSS Chief attack Left ideology: বাওঁপন্থী মতাদৰ্শই ধ্বংস মাতিছে পৃথিৱীলৈ; মোহন ভাগৱতৰ বিস্ফোৰক ভাষ্য

author img

By ANI

Published : Sep 18, 2023, 7:29 AM IST

RSS Chief attack Left ideology
বাওঁপন্থী আদৰ্শক তীব্ৰ আক্ৰমণ মোহন ভাগৱতৰ

মোহন ভাগৱতৰ মতে বাওঁপন্থী নেতাসকলে মাৰ্ক্সবাদৰ নামত বিশ্বলৈ ধ্বংস আনিছে ৷ সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা ডিএমকে নেতা উধায়ানিধি ষ্টেলিনকো তীব্ৰ সামলোচনা ভাগৱতৰ ।

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ: বাওঁপন্থী আদৰ্শক এইবাৰ আক্ৰমণ কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে । দেওবাৰে এক অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে বাওঁপন্থী নেতাসকলে মাৰ্ক্সবাদৰ নামত বিশ্বলৈ ধ্বংস আনিছে ৷ আৰএছএছৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে বাওঁপন্থী আদৰ্শ আৰু ৰাজনীতিৰ ফলত হোৱা ধ্বংসৰ পৰা বিশ্বক ৰক্ষা কৰাৰ দায়িত্ব ভাৰতৰ ওপৰত ৷

দেওবাৰে পুণেত 'জগলা পোখৰনাৰী দাভি ভালভি' শীৰ্ষক এখন মাৰাঠী গ্ৰন্থ মুকলি কৰাৰ সময়ত ভাগৱতে এই মন্তব্য কৰে ৷ অভিজিত যোগৰ দ্বাৰা ৰচিত আৰু দিলীপৰাজ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনত বামপন্থী আদৰ্শ আৰু ৰাজনীতিৰ ওপৰত দীঘলীয়া বাখ্যা আগবঢ়োৱা হৈছে ৷ মাৰ্ক্সবাদৰ নামত বাওঁপন্থীসকলে পশ্চিমত ধ্বংসৰ বীজ ৰোপণ কৰি আছে বুলিও অভিযোগ কৰে ভাগৱতে ।

মোহন ভাগৱতৰ মতে বাওঁপন্থীসকলে সমাজৰ ক্ষতি কৰিব পৰা ভুল আদৰ্শ আৰু নীতি চলাই আছে । মানুহৰ প্ৰকৃতি আৰু আচৰণ বৰ্বৰতাৰ ফালে ক্ৰমান্বয়ে আগবাঢ়িছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । কেৱল সমাজেই নহয় পৰিয়ালবোৰতো এনে সংকটে দেখা দিছে । তেওঁৰ মতে সমাজৰ এগৰাকী সদস্য হিচাপে সকলোৱে এই সংকটৰ প্ৰতি সজাগ আৰু সতৰ্ক হোৱা প্ৰয়োজন ।

ডিএমকে নেতা উধায়ানিধি ষ্টেলিনে সনাতন ধৰ্মৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাগৱতে কয় যে, সনাতনক সঠিক স্থানলৈ ঘূৰাই অনাৰ বাবে ৰাক্ষসৰ সৈতে যুঁজ চলি আছে । সনাতনৰ বাবে হোৱা এই যুঁজত আমি সকলোৱে দেৱ সংস্কৃতিৰ হৈ একেলগে থিয় হ'ব লাগিব আৰু পৃথিৱীখনক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যাব লাগিব বুলিও তেওঁ দাবী কৰে ।

জি-২০ সন্মিলনৰ সফল পৰিচালনাক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশংসা কৰি ভাগৱতে কয় যে, আয়োজক দেশ হিচাপে আফ্ৰিকান ইউনিয়নক জি-২০ৰ সম্পূৰ্ণ সদস্য বনোৱাৰ ভাৰতৰ প্ৰস্তাৱ প্ৰথম দিনাই গৃহীত হৈছিল । জি ২০ৰ ইতিহাসত পূৰ্বে কেতিয়াও এনে হোৱা নাছিল । তেওঁৰ মতে এইটোৱে দেখুৱাই যে ভাৰত কেনেদৰে দ্ৰুতগতিত আগবাঢ়ি গৈছে ।

লগতে পঢ়ক :PM Vishwakarma Scheme: পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰৰ পৰা ভাৰ্চুৱেলি অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.