ETV Bharat / bharat

উত্তৰ প্ৰদেশত ৰে’লত উদ্ধাৰ ১.৪ কোটি টকা

author img

By

Published : Feb 17, 2021, 1:42 PM IST

দিল্লীৰ পৰা বিহাৰৰ জয়নগৰলৈ যোৱা স্বতন্ত্ৰতা সংগ্ৰাম সেনানী বিশেষ ৰে’লত উদ্ধাৰ হৈছে এটা ৰঙা ট্ৰলী বেগ । পৰীক্ষাৰ অন্তত ৰে’ল আৰক্ষীয়ে বেগটোৰ পৰা উদ্ধাৰ কৰে ১.৪ কোটি টকা । এতিয়ালৈ বেগটোৰ গৰাকীৰ সন্ধান ওলোৱা নাই ।

উত্তৰ প্ৰদেশত ৰেলত উদ্ধাৰ ১.৪ কোটি টকা
উত্তৰ প্ৰদেশত ৰেলত উদ্ধাৰ ১.৪ কোটি টকা

নিউজ ডেস্ক,১৭ ফেব্ৰুৱাৰী: দিল্লীৰ পৰা বিহাৰৰ জয়নগৰলৈ যোৱা স্বতন্ত্ৰতা সংগ্ৰাম সেনানি বিশেষ ৰে’লত উদ্ধাৰ বৃহৎ পৰিমাণৰ ধন । গৰাকী বিহীন এটা ৰঙা ট্ৰলী বেগত ১.৪ কোটি টকা উদ্ধাৰ কৰা হয় । বেগটো ৰে’লখনৰ আহাৰ তৈয়াৰ কৰা ডবাত কৰ্মচাৰীসকলে উদ্ধাৰ কৰিছিল ৷ পৰৱৰ্তী সময়ত ৰে’লখন সোমবাৰে নিশা কাণপুৰ আহি পোৱাৰ পিছতে ৰে’ল আৰক্ষীক অৱগত কৰা হৈছিল বিষয়টো । ৰে’ল আৰক্ষীয়ে বেগটো খোলাৰ পিছত ভিতৰত বৃহৎ পৰিমাণৰ মুদ্ৰা আৰু নোট প্ৰত্যক্ষ কৰে । অতি গোপনীয় আৰু সুৰক্ষিত স্থানত বেগটো ৰখা হয় আৰু আয়কৰ বিভাগক পুৱা খবৰ দিয়া হয় । বেগটো উদ্ধাৰ কৰা কৰ্মচাৰীগৰাকীয়ে বেগটো তাত কোনে এৰি থৈ গৈছে সেই কথা গম পোৱা নাছিল ।

ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াই জনোৱা মতে এতিয়ালৈ বেগৰ গৰাকীৰ সন্ধান ওলোৱা নাই । ৰে’লখনে পৰৱৰ্তী যাত্ৰা আৰম্ভ কৰে যদিও এতিয়ালৈ কোনো এটা ষ্টেচনতে বেগ হেৰুওৱাৰ বিষয়ে কোনো ব্যক্তিয়ে অভিযোগ দিয়া নাই বুলি জনাই বিষয়া গৰাকীয়ে । বিষয়াগৰাকীৰ মতে বেগটোৰ গৰাকীৰ সন্ধানৰ বাবে এতিয়া সংশ্লিষ্ট বিভাগে তদন্ত আৰম্ভ কৰিব ।

লগতে পঢ়ক: মধ্য প্ৰদেশৰ বাছ দুৰ্ঘটনা: 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.