দলৰ পুনৰুজ্জীৱিতকৰণ অতি প্ৰয়োজন : ছোনিয়া গান্ধী

author img

By

Published : Apr 5, 2022, 4:01 PM IST

Congress
দলৰ পুনৰুজ্জীৱিতকৰণ অতি প্ৰয়োজন ()

শেহতীয়াকৈ ৫ খন ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰদৰ্শনক লৈ অসন্তুষ্ট দলৰ শীৰ্ষ নেতৃত্ব । নিৰ্বাচনী ফলাফলৰ পাছত প্ৰথমখন সংসদীয় সমিতিৰ বৈঠকৰ আহ্বান ছোনিয়া গান্ধীৰ (Congress Parliamentary Party meeting)। দলৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা বৈঠকত । দলৰ পুনৰুজ্জীৱিতকৰণত জোৰ দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

নেশ্যনেল ডেস্ক,৫ এপ্ৰিল : কংগ্ৰেছ দলক পুনৰুজ্জীৱিত কৰাৰ অতি প্ৰয়োজন । এই মন্তব্য কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ । মঙলবাৰে সংসদীয় সমিতিৰ বৈঠকত এই মন্তব্য ছোনিয়া গান্ধীৰ (Sonia Gandhi at Congress Parliamentary Party meeting)। তেওঁৰ মতে শেহতীয়াকৈ হৈ যোৱা নিৰ্বাচনৰ ফলাফলবোৰ কংগ্ৰেছৰ বাবে আচৰিত আৰু বেদনাদায়ক ।

তেওঁৰ মতে দলৰ ভিতৰৰ একতা অতি গুৰুত্বপূৰ্ণ । সেয়ে একতা নিশ্চিত কৰিবলৈ যিকোনো পদক্ষেপ ল'বলৈ তেওঁ সংকল্পবদ্ধ বুলি উল্লেখ কৰে । দলৰ পুনৰুজ্জীৱিতকৰণ কেৱল দলৰ বাবেই নহয়, গণতন্ত্ৰৰ লগতে সমাজৰ বাবেও গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ছোনিয়া গান্ধীয়ে (Sonia Gandhi insists on party revival)।

নেত্ৰীগৰাকীৰ মতে শাসকীয় দল আৰু নেতাসকলৰ বিভাজনমূলক আৰু মেৰুকৰণৰ ৰাজনীতি এতিয়া বিভিন্ন ৰাজ্যত আলোচনাৰ বিষয় হৈ পৰিছে । ঘৃণা আৰু কুসংস্কাৰৰ শক্তিবোৰৰ বিৰুদ্ধে সকলোৱে থিয় হোৱাটো উচিত । লোকসভা আৰু ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদসকলক উদ্দেশ্যি তেওঁ কয় যে শাসকীয় দল আৰু নেতাসকলক বছৰ বছৰ ধৰি চলি অহা সমাজৰ সৌহাৰ্দ্য আৰু সম্প্ৰীতি ধ্বংস কৰিবলৈ দিয়া নহ'ব ।

শাসকীয় পক্ষই বিৰোধী দলৰ নেতা আৰু কৰ্মীসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰি তেওঁ কয় যে তেওঁলোকে বিৰোধীৰ বিৰুদ্ধে ক্ষমতাৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিছে । তেওঁলোকৰ উদ্দেশ্য হৈছে ভয় আৰু ভীতি প্ৰসাৰিত কৰা । তেওঁ লগতে কয় যে এনে ধৰণৰ ভাবুকি আৰু কৌশলে কংগ্ৰেছক ভয় খুৱাব নোৱাৰে ।

সাংসদসকলক উদ্দেশ্যি শেহতীয়া নিৰ্বাচনৰ ফলাফল সম্পৰ্কে তেওঁ কয় যে, তেওঁলোক ইয়াক লৈ কিমান হতাশ হৈছে সেই বিষয়ে তেওঁ ভালদৰে অৱগত । যাৰ বাবে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে (CWC) বিষয়টো পৰ্যালোচনা কৰিবলৈ বৈঠকত মিলিত হৈছে । ছোনিয়া গান্ধীয়ে জনোৱা মতে তেওঁ আন সহকৰ্মীসকলৰ সৈতেও আলোচনা কৰিছে । দলটোক কেনেদৰে শক্তিশালী কৰিব পাৰি তাৰ ওপৰতো তেওঁ বহুতো পৰামৰ্শ লাভ কৰিছে । পৰামৰ্শবোৰৰ বহুতো প্ৰাসংগিক আৰু সেয়ে তেওঁ সেইবোৰৰ ওপৰত কাম কৰি আছে ।

তেওঁ উল্লেখ কৰা মতে, ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুতৰ বাবে দলীয় শিবিৰ সভাৰ আয়োজন কৰা হ'ব । য'ত দলীয় নেতা আৰু দলৰ প্ৰতিনিধিসকলৰ মতামত লোৱা হ'ব । শেহতীয়াভাৱে দলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কেনেদৰে সন্মুখীন হ'ব পাৰি, লগতে আগন্তুক দিনত কি পদক্ষেপ ল'ব পাৰি তাৰ বাবে তেওঁলোকৰ পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ হ'ব বুলিও কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । পাঁচখন ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনত দলটোৰ বিপৰ্যয়ৰ পিছত অনুষ্ঠিত হোৱা এই প্ৰথমখন কংগ্ৰেছ সংসদীয় দলৰ বৈঠকত (Congress Parliamentary Party meeting) প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ উপৰিও সংসদৰ দুয়োখন সদনৰ দলৰ সাংসদসকল উপস্থিত থাকে ।

লগতে পঢ়ক :ৰাহুল গান্ধীক নিজৰ সমস্ত সম্পত্তি অৰ্পণ কৰিলে পুষ্পাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.