Indira Gandhi : দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীক 104 সংখ্যক জন্মদিনত স্মৰণ

author img

By

Published : Nov 19, 2021, 2:02 PM IST

India Gandhi: Remembering country's first female PM on her 104th birthday

নিজৰ জীৱনকালত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যক্ৰমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আজি 104 সংখ্যক জন্মবাৰ্ষিকী ৷ জন্মবাৰ্ষিকীত দেশজুৰি স্মৰণ ইন্দিৰা গান্ধীক ৷

নিউজ ডেস্ক, 19 নৱেম্বৰ : আজি ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ 104 সংখ্যক জন্মজয়ন্তী ৷ 1917 চনৰ 19 নৱেম্বৰত জন্মলাভ কৰা ইন্দিৰা প্ৰিয়দৰ্শিনী পণ্ডিত জৱাহৰলাল নেহৰুৰ কন্যা আছিল ৷ তেওঁ নিজৰ জীৱনকালত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যক্ৰমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

India Gandhi: Remembering country's first female PM on her 104th birthday
ফটো সৌজন্য Google

1959 চনত ইন্দিৰা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ৷ 1964 চনত পিতৃ জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হৈছিল আৰু লাল বাহদুৰ শাস্ত্ৰীৰ কেবিনেটত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

লাল বাহদুৰ শাস্ত্ৰীৰ পিছত দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে আসন শুৱনি কৰিছিল ইন্দিৰা গান্ধীয়ে ৷ ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনৰ পৰা ১৯৭৭ চনলৈ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম কাৰ্যকাল পালন কৰিছিল ৷ আৰু ১৯৮১ চনৰ পৰা ১৯৮৪ চনলৈ দ্বিতীয়টো কাৰ্যকালতে তেওঁৰ নিজৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক গুলিয়াই হত্যা কৰিছিল ৷

India Gandhi: Remembering country's first female PM on her 104th birthday
ফটো সৌজন্য Google

১৯৭৭ চনৰ শেষৰ ফালে ইন্দিৰা গান্ধীয়ে দেশৰ ৰাজনৈতিক কেনভাচত এনে প্ৰভাৱ পেলাইছিল যে তেতিয়াৰ কংগ্ৰেছ দলৰ সভাপতি দেৱকান্ত বৰুৱাই "India is Indira and Indira is India." বাক্যাংশটো উল্লেখ কৰিছিল ।

1999 চনত BBC ৰ এক অনলাইন জৰীপৰ জৰিয়তে ইন্দিৰা গান্ধীক “Woman of the Millennium” বুলি অভিহিত কৰা হৈছিল । শেহতীয়াকৈ 2020 চনত তেওঁক ‘টাইম আলোচনী’ৰ দ্বাৰা যোৱা শতিকাৰ বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ এগৰাকী হিচাপে নামকৰণ কৰা হৈছিল ৷

লগতে পঢ়ক : Govt to repeal all three farm laws : দেশবাসীক সম্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.