ETV Bharat / bharat

জম্মুত প্ৰতিবাদত নামিল বন্দী চিআৰপিএফৰ পৰিয়াল

author img

By

Published : Apr 7, 2021, 4:27 PM IST

মাওবাদীৰ কবলৰ পৰা চিআৰপিএফ জোৱান ৰাকেশ্বৰ সিং মনহাছক মুকলি কৰাত চৰকাৰে পলম কৰাৰ অভিযোগ তুলি জম্মুত প্ৰতিবাদ সাব্যস্ত কৰিলে জোৱান গৰাকীৰ পৰিয়ালে । শনিবাৰে সন্ধিয়া ছত্তিশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষৰ সময়ত ২২ গৰাকী জোৱানে প্ৰাণ হেৰুওৱাৰ লগতে ৰাকেশ্বৰ সিং মনহাছ নামৰ জোৱানজনক মাওবাদীয়ে অপহৰণ কৰিছিল ।

জম্মুত বন্দী চি আৰ পি এফ জোৱানৰ আত্মীয়ৰ প্ৰতিবাদ
জম্মুত বন্দী চি আৰ পি এফ জোৱানৰ আত্মীয়ৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: চিআৰপিএফৰ কোব্ৰা জোৱান ৰাকেশ্বৰ সিং মনহাছক শীঘ্ৰে মাওবাদীৰ কবলৰ পৰা সুৰক্ষিতভাৱে মুকলি কৰাৰ দাবীত জম্মুত বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জোৱানজনৰ আত্মীয় আৰু গাঁৱৰ ৰাইজে । জোৱানজনক মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰে পলম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাকেশ্বৰ সিং মনহাছৰ পৰিয়ালে । উল্লেখ্য যে, শনিবাৰে সন্ধিয়া ছত্তিশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষৰ সময়ত ২২ গৰাকী জোৱানে প্ৰাণ হেৰুৱাইছিল ।

এই সংঘৰ্ষৰ সময়তে ৰাকেশ্বৰ সিং মনহাছ নামৰ এজন জোৱানক মাওবাদীয়ে অপহৰণ কৰে । জোৱানজনৰ ঘৰ জম্মু চহৰৰ উপকণ্ঠ অঞ্চল বৰ্ণাইৰ নেত্ৰকোঠী গাঁৱত । মঙলবাৰে চৰকাৰী কৰ্তৃপক্ষই নিশ্চিত কৰিছিল যে, মনহাছ এতিয়াও মাওবাদীৰ কবলতে আছে ।

বন্দী জোৱানজনৰ আত্মীয়সহ গাঁৱৰ লোকসকলে বুধবাৰে বৰ্ণাইত একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । এগৰাকী প্ৰতিবাদকাৰীয়ে ইটিভি ভাৰতৰ আগত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে, বন্দী জোৱানজনৰ সুৰক্ষিত মুক্তি নিশ্চিত কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । লগতে তেওঁলোকে গৃহমন্ত্ৰী অমিত শ্বাহকো বিভিন্ন শ্ল'গানেৰে সমালোচনা কৰে ।

আনহাতে, প্ৰতিবাদস্থলীত উপস্থিত হৈ স্থানীয় দণ্ডাধীশে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । দণ্ডাধীশ গৰাকীক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে প্ৰতিবাদকাৰীয়ে । ইফালে, স্বামীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বন্দী জোৱানজনৰ পত্নীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো আহ্বান জনায় ।

তেওঁ কয় যে, তেওঁৰ স্বামী মাওবাদীৰ জিম্মাত আছে । লগতে স্বামীৰ মুক্তি তৎক্ষণাৎ নিশ্চিত কৰিবলৈ চৰকাৰক অনুৰোধ কৰে । জোৱানজনে এটা দশক ধৰি দেশৰ হকে যুঁজ দি আহিছে । আজি তেওঁৰ হৈ যুঁজ দিয়াটো দেশৰ দায়িত্ব । মনহাছৰ কন্যাই পিতৃৰ মুক্তিৰ বাবে ইতিমধ্যে আবেদন জনাইছিল ।

লগতে পঢ়ক: বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.