Change name of West Bengal to Bangla: ৰাজ্য চৰকাৰে দিলে পশ্চিমবংগৰ নাম সলনিৰ প্ৰস্তাৱ: গৃহ মন্ত্ৰালয়

author img

By

Published : Jul 19, 2022, 5:23 PM IST

WB

পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ নাম সলনি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে (State government proposes to rename West Bengal)। গৃহ মন্ত্ৰালয়ক দিয়া প্ৰস্তাৱ অনুসৰি ৰাজ্যখনৰ নাম বাংলা কৰিব লাগে । বিগত ৫ বছৰত বিভিন্ন চহৰৰ নাম সলনিৰ বাবে লাভ কৰা প্ৰস্তাৱসমূহক NOC প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে ।

নেশ্যনেল ডেস্ক,১৯ জুলাই: পশ্চিমবংগৰ নাম সলনি কৰাৰ অনুৰোধ । খোদ পশ্চিমবংগ চৰকাৰে এই অনুৰোধ জনালে । পশ্চমিবংগৰ স্থানত ৰাজ্যখনৰ নাম হ'ব লাগে বাংলা (West Bengal should be named Bangla)। গৃহ মন্ত্ৰালয়ে মঙলবাৰে সংসদক জনোৱা মতে ৰাজ্য চৰকাৰে পশ্চিমবংগৰ নাম বাংলা ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে (State government proposes to rename West Bengal)। বাংলা, ইংৰাজী আৰু হিন্দী, এই তিনিওটা ভাষাতে ৰাজ্যখনৰ নাম বাংলা হিচাপে পুনৰ নামাকৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছে ।

গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এক লিখিত উত্তৰত কয় যে মন্ত্ৰালয়ে দেশৰ চহৰসমূহৰ নাম সলনি কৰাৰ বাবে যোৱা পাঁচ বছৰত লাভ কৰা প্ৰস্তাৱসমূহক অনাপত্তি প্ৰমাণপত্ৰ প্ৰদান কৰিছে । সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ (AITC) সাংসদ ছাইদা আহমেদে সমগ্ৰ দেশৰ চহৰসমূহৰ নাম পৰিৱৰ্তনৰ বাবে অনুমোদন লাভ কৰাৰ বাবে গৃহ মন্ত্ৰালয়ে লাভ কৰা প্ৰস্তাৱৰ বিৱৰণ আৰু সংখ্যা, আৰু চৰকাৰে ঐতিহ্যবাহী স্থানসমূহৰ নাম সলনি কৰাৰ বাবে নিৰ্দেশনাসমূহ পুনৰ বিবেচনা কৰিছে নেকি সেই বিষয়ে প্ৰশ্ন কৰিছিল ।

ৰায়ে উত্তৰত কয় যে ঐতিহ্যবাহী স্থানসমূহৰ নাম সলনি কৰাৰ বাবে গৃহ মন্ত্ৰালয়ৰ এনে কোনো নিৰ্দেশনা নাই । ২০১৭ চনত, অন্ধ্ৰ প্ৰদেশৰ ৰাজমুন্দ্ৰীৰ নাম সলনি কৰি ৰাজমহেন্দ্ৰভাৰাম কৰা হয় । ২০১৮ চনত, ঝাৰখণ্ডৰ নগৰ উন্টাৰীৰ নাম শ্ৰী বংশীধৰ নগৰলৈ সলনি কৰা হয় ।

একে বছৰতে, মধ্য প্ৰদেশ নগৰ পঞ্চায়ত চহৰ বিৰশিংপুৰ পালিক মা বিৰাচিনী ধামলৈ পৰিৱৰ্তন কৰা হয় । আনহাতে উত্তৰ প্ৰদেশৰ এলাহাবাদৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰা হয় । ২০২১ চনত, মধ্য প্ৰদেশৰ হোচঙ্গাবাদ নগৰৰ নাম নৰ্মদাপুৰমলৈ সলনি কৰা হয় আৰু বাবাই চহৰৰ নাম সলনি কৰি মাখন নগৰ কৰা হয় ।

২০২২ চনত, পাঞ্জাৱৰ চহৰ শ্ৰী হৰগোবিন্দপুৰৰ নাম সলনি কৰি শ্ৰী হৰগোবিন্দপুৰ চাহিব ৰখা হয় । ৰায়ে লগতে জনায় যে মধ্য প্ৰদেশ চৰকাৰৰ পৰা ২০২২ চনৰ ২৫ এপ্ৰিলত গৃহ মন্ত্ৰালয়ে নছৰুল্লাগঞ্জ নগৰৰ নাম ভৈৰুণ্ডালৈ সলনি কৰাৰ প্ৰস্তাৱ লাভ কৰিছে ।

লগতে পঢ়ক :Covid cases increase in Tripura: ত্ৰিপুৰা অসামৰিক প্ৰশাসনৰ গণ সজাগতা শিবিৰ, মাস্ক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.