ETV Bharat / bharat

FY24 GDP Growth : ২০২৪ বিত্তীয় বৰ্ষত আৰবিআইৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৬.৫

author img

By

Published : Jun 8, 2023, 12:58 PM IST

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে (RBI Governor Shaktikanta Das) কৈছে যে ২০২৩ চনৰ দ্বিতীয় কোৱাৰ্টাৰত বিশ্ব অৰ্থনীতিয়ে পূৰ্বৱৰ্তী তিনিমাহত লাভ কৰা গতি বৰ্তাই ৰাখিছে ।

FY24 GDP Growth
FY24 GDP Growth

নিউজ ডেস্ক, ৮ জুন : ৰিজাৰ্ভ বেংকে (Reserve Bank India) বৃহস্পতিবাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে জিডিপি বৃদ্ধিৰ প্ৰক্ষেপণ ৬.৫ শতাংশতে স্থিৰ ৰাখিছে (RBI retains FY24 GDP growth forecast) । সহায়ক ঘৰুৱা চাহিদাৰ সাম্প্ৰতিক স্থিতিৰ বাবে এই পূৰ্বানুমান বুলি কোৱা হৈছে । এপ্ৰিল মাহত কেন্দ্ৰীয় বেঙ্কটোৱে ২০২৩-২৪ বৰ্ষৰ জিডিপি বৃদ্ধিৰ বাবে যি পূৰ্বানুমান কৰিছিল তাতকৈ সামান্য বৃদ্ধি কৰি ৬.৫ শতাংশলৈ বৃদ্ধি কৰিছে । পূৰ্বতে ইয়াৰ পূৰ্বানুমান আছিল ৬.৪ শতাংশ (GDP growth projection) ।

ঘৰুৱা চাহিদাৰ স্থিতি (Domestic demand condition) বিকাশৰ সহায়ক হৈ আছে আৰু লগতে গ্ৰামাঞ্চলত চাহিদা পুনৰুজ্জীৱিত হোৱাৰ পথত আছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে (RBI Governor Shaktikanta Das) ২০২৩-২৪ বৰ্ষৰ বাবে দ্বিতীয় দ্বি-মাহিলি নীতি ঘোষণা কৰাৰ সময়ত এনেদৰে কয় । উল্লেখ্য, ২০২২-২৩ বৰ্ষৰ চতুৰ্থ তিনিমাহত ভাৰতৰ অৰ্থনীতি ৬.১ শতাংশ বৃদ্ধি পাইছে । যাৰ ফলত বাৰ্ষিক বিকাশৰ হাৰ ৭.২ শতাংশলৈ বৃদ্ধি হৈছে, যিটো পূৰ্বতে আশা কৰা অনুযায়ী ৭ শতাংশ আছিল ।

দাসে কয় যে ২০২২-২৩ বৰ্ষত ৰবি শস্যৰ অধিক উৎপাদন, প্ৰত্যাশিত স্বাভাৱিক বাৰিষা আৰু সেৱাসমূহত নিৰন্তৰ উচ্ছলতাই ব্যক্তিগত ব্যৱহাৰ আৰু চলিত বৰ্ষত সামগ্ৰিক অৰ্থনৈতিক কাৰ্যকলাপত সহায় কৰিব লাগে । মূলধন ব্যয়, সামগ্ৰীৰ মূল্য হ্ৰাস আৰু ঋণ বৃদ্ধিৰ ওপৰত চৰকাৰৰ গুৰুত্বই বিনিয়োগমূলক কাৰ্যকলাপ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে । মুদ্ৰা নীতি বিবৃতি, ২০২৩-২৪-ত এই কথা কোৱা হৈছে ।

আনহাতে, দুৰ্বল বাহ্যিক চাহিদা, ভূ-অৰ্থনৈতিক বিভাজন আৰু দীঘলীয়া ভূ-ৰাজনৈতিক উত্তেজনাই অৱশ্যে এই দৃষ্টিভংগীৰ বাবে বিপদাশংকা সৃষ্টি কৰা বুলিও লগতে কোৱা হৈছে । "এই সকলোবোৰ কাৰক বিবেচনা কৰি, ২০২৩-২৪ বৰ্ষৰ বাবে প্ৰকৃত জিডিপি বৃদ্ধি ৬.৫ শতাংশ হ'ব । ইয়াৰে ভিতৰত প্ৰথম কোৱাৰ্টাৰত ৮ শতাংশ, দ্বিতীয় কোৱাৰ্টাৰত ৬.৫ শতাংশ, তৃতীয় কোৱাৰ্টাৰত ৬ শতাংশ আৰু চতুৰ্থ কোৱাৰ্টাৰত ৫.৭ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে । আনহাতে, বিপদাশংকা সমানভাৱে সন্তুলিত হ'ব ।" আৰবিআইৰ গৱৰ্ণৰে কয় ।

শক্তিকান্ত দাসে লগতে কয় যে ২০২৩ চনৰ দ্বিতীয় কোৱাৰ্টাৰত মুদ্ৰাস্ফীতি হ্ৰাস কৰা, কঠোৰ বিত্তীয় পৰিস্থিতি, বেঙ্কিং খণ্ডৰ চাপ আৰু দীৰ্ঘম্যাদী ভূ-ৰাজনৈতিক সংঘাত সত্ত্বেও বিশ্বৰ অৰ্থনীতিয়ে পূৰ্বৰ তিনিমাহত লাভ কৰা গতি বৰ্তাই ৰাখিছে ।

লগতে পঢ়ক :Petrol Diesel price : হ্ৰাস হ'ব পেট্ৰ'ল আৰু ডিজেলৰ মূল্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.