ETV Bharat / bharat

Rakesh Tikait supports former Twitter CEO : টুইটাৰৰ প্ৰাক্তন বিষয়াৰ দাবীৰ প্ৰসংগৰে চৰকাৰক সমালোচনা টিকাইটৰ

author img

By

Published : Jun 13, 2023, 4:22 PM IST

কৃষকৰ প্ৰতিবাদ বন্ধ কৰাৰ চেষ্টা কৰিছিল চৰকাৰে । তাৰ অংশস্বৰূপে টুইটাৰ বন্ধৰো ভাবুকি দিছিল চৰকাৰে । টুইটাৰৰ প্ৰাক্তন বিষয়াক সমৰ্থন কৃষক নেতা ৰাকেশ টিকাইটৰ ।

Rakesh Tikait supports former Twitter CEO
টুইটাৰৰ প্ৰাক্তন বিষয়াৰ দাবীৰ প্ৰসংগৰে চৰকাৰক সমালোচনা টিকাইটৰ

নেশ্যনেল ডেস্ক,১৩ জুন : শেহতীয়াকৈ টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্ছিয়ে দাবী কৰিছে যে কৃষকসকলৰ প্ৰতিবাদ আৰু চৰকাৰৰ সমালোচনা কৰা একাউণ্টসমূহ বন্ধ কৰিবলৈ ভাৰতে টুইটাৰক বহুতো অনুৰোধ জনাইছিল । আনকি টুইটাৰক বিভিন্ন ধৰণে ভাবুকিও প্ৰদান কৰিছিল ভাৰতে । প্ৰাক্তন বিষয়াগৰাকীৰ এই মন্তব্যৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কৃষক নেতা ৰাকেশ টিকাইটে প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্ছিৰ সমৰ্থনত এইবাৰ টুইট কৰিছে । টিকাইটে কয় যে কৃষকসকলৰ প্ৰতিবাদৰ সময়ত মাইক্ৰ'ব্লগিং ছাইটটোক ভাৰতে হেঁচা প্ৰয়োগ কৰিছিল আৰু তেওঁলোকৰ ওচৰত তথ্য আছে যে প্ৰতিবাদটোৱে আশা কৰা ধৰণে সামাজিক মাধ্যমত প্ৰাধান্য পোৱা নাছিল ।

উল্লেখ্য যে দুবছৰ পূৰ্বে ৩ খন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা টিকাইটে অভিযোগ কৰিছে যে চৰকাৰে স্থানীয় পৰ্যায়ত প্ৰতিবাদ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল । ডৰ্ছিয়ে এতিয়া বিষয়টো সঠিকভাৱে আঙুলিয়াই দিছে । টিকাইটৰ মতে যেতিয়াই চৰকাৰে কোনো চাপৰ সন্মুখীন হয় তেতিয়াই এনে কোম্পানীবোৰ বন্ধ কৰিবলৈ চেষ্টা কৰে । ভাৰত চৰকাৰে নিশ্চয় এনে ধৰণৰ প্ৰয়াস কৰিছিল ।

২০২০ চনত বিতৰ্কিত ৩ খন কৃষি আইনক লৈ দেশজুৰি বৃহৎ প্ৰতিবাদ হৈছিল । নিৰন্তৰ প্ৰতিবাদৰ পাছত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী বছৰত সেই আইন বাতিল কৰাৰ কথা ঘোষণা কৰে ।

ইফালে টুইটাৰৰ প্ৰাক্তন বিষয়া ডৰ্ছিয়ে অভিযোগ কৰিছিল যে কোম্পানীটোৱে ভাৰত চৰকাৰৰ পৰা কৃষকসকলৰ প্ৰতিবাদ আৰু চৰকাৰৰ সমালোচনা কৰা একাউণ্টবোৰ বন্ধ কৰিবলৈ অনুৰোধ লাভ কৰিছিল । সোমবাৰে ভাৰতীয় যুৱ কংগ্ৰেছ আৰু নেচনেল ষ্টুডেণ্টছ ইউনিয়ন অৱ ইণ্ডিয়াই এটা ইউটিউব চেনেলত তেওঁৰ সাক্ষাৎকাৰৰ এটা ক্লিপ টুইটাৰত শ্বেয়াৰ কৰে ।

যোৱা বছৰ টুইটাৰ ব'ৰ্ডৰ পৰা পদত্যাগ কৰা ডৰ্ছিয়ে সাক্ষাৎকাৰটোত কয় যে ভাৰত সেই দেশবোৰৰ ভিতৰত আছিল যিয়ে মাইক্ৰ'ব্লগিং ছাইটটোক কৃষকসকলৰ প্ৰতিবাদ আৰু চৰকাৰৰ সমালোচনা কৰা সাংবাদিকসকলৰ বিষয়ে কৈছিল । তেওঁ দাবী কৰিছে যে ভাৰতত টুইটাৰ বন্ধ কৰা আৰু তেওঁলোকৰ কৰ্মচাৰীসকলৰ ঘৰত অভিযান চলোৱাৰো ভাবুকি দিছিল ভাৰত চৰকাৰে ।

লগতে পঢ়ক :Former Twitter CEO vs Govt : ভাৰত চৰকাৰে দিছিল টুইটাৰ কাৰ্যালয় বন্ধৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.