ETV Bharat / bharat

Indo US 2 plus 2 Dialogue : ভাৰত-আমেৰিকাৰ সম্পৰ্কত কৌশলগত একত্ৰীকৰণৰ আগ্ৰহ বৃদ্ধি পাইছে; ৰাজনাথ সিং

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:06 PM IST

ভাৰত-আমেৰিকাৰ সম্পৰ্কত কৌশলগত একত্ৰীকৰণৰ আগ্ৰহ বৃদ্ধি পাইছে; ৰাজনাথ সিং
Indo US 2 plus 2 Dialogue

শুকুৰবাৰে আৰম্ভ হৈছে ভাৰত-আমেৰিকাৰ মাজত 'টু প্লাছ টু' বৈঠক । এই আলোচনাৰ উদ্বোধনী ভাষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতে সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে আশাবাদী ।

নিউজ ডেস্ক, ১০ নৱেম্বৰ : ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কত কৌশলগত সমন্বয় আৰু বৰ্ধিত প্ৰতিৰক্ষা সহযোগিতাৰ আগ্ৰহ বৃদ্ধি পাইছে । শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-আমেৰিকাৰ 'টু প্লাছ টু' আলোচনাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনেদৰে কয় । তেওঁৰ উদ্বোধনী ভাষণত ৰাজনাথ সিঙে কয় যে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা 'আমাৰ দ্বিপাক্ষিক সম্পৰ্ক'ৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হৈ আছে । ৰাজনাথ সিঙে কয়, "আমি সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে আশাবাদী ।"

উল্লেখ্য যে ভাৰত আৰু আমেৰিকাই অধিক প্ৰতিৰক্ষা ঔদ্যোগিক সম্পৰ্কৰ জৰিয়তে দুয়োখন দেশৰ বিশ্বজনীন কৌশলগত অংশীদাৰিত্ব অধিক সম্প্ৰসাৰিত কৰা, ভাৰত-প্ৰশান্ত মহাসাগৰীয় সম্পৰ্ক বৃদ্ধি কৰা আৰু গুৰুত্বপূৰ্ণ খনিজ আৰু উচ্চ-প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে বিস্তৃতভাৱে আলোচনা কৰে । বৈদেশিক মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মন্ত্ৰী পৰ্যায়ৰ এই আলোচনাত আমেৰিকাৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে দেশখনৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে ।

আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰতীয় পক্ষৰ নেতৃত্ব প্ৰদান কৰিছে । জয়শংকৰে তেওঁৰ প্ৰাৰম্ভিক ভাষণত কয়, "আজি আমাৰ আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ এক ডাঙৰ সুযোগ হ'ব, যাতে আগবাঢ়ি যোৱা অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত এক অংশীদাৰী গোলকীয় কাৰ্যসূচী গঢ়ি তুলিব পৰা যায় ।" তেওঁ লগতে কয়, "আমি গুৰুত্বপূৰ্ণ প্ৰযুক্তি, অসামৰিক বাহ্যিক মহাকাশ সহযোগিতা আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ অন্বেষণ কৰি আছোঁ ।"

উল্লেখ্য, আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন বৰ্তমান ভাৰত ভ্ৰমণত আছে । শুকুৰবাৰে পুৱা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু আমেৰিকাৰ বিদেশ সচিব ব্লিঙ্কেনে এক বৈঠকত মিলিত হয় । বৈঠকত তেওঁলোকৰ মাজত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ উপায় আৰু হামাছ-ইজৰাইল সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনা হয় । ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ পঞ্চম সংস্কৰণৰ পূৰ্বে জয়শংকৰ-ব্লিঙ্কেনৰ এই বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক :Jaishankar Blinken Meet : পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ব্লিংকেনৰ সৈতে জয়শংকৰৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.