ETV Bharat / bharat

Jaishankar Blinken Meet : পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ব্লিংকেনৰ সৈতে জয়শংকৰৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 1:25 PM IST

Updated : Nov 10, 2023, 1:48 PM IST

Jaishankar Blinken Meet
পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ব্লিংকেন সৈতে জয়শংকৰৰ বৈঠক

আমেৰিকাৰ বিদেশ সচিব ব্লিংকেন আৰু প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ পঞ্চম সংস্কৰণৰ আলোচনাৰ বাবে দিল্লীত উপস্থিত হৈছে । এই আলোচনাৰ উদ্দেশ্য হৈছে গভীৰ কৌশলগত সহযোগিতাৰ বাবে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৱিষ্যতৰ ৰোডমেপ প্ৰস্তুত কৰা ।

নিউজ ডেস্ক, ১০ নৱেম্বৰ : আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিংকেন আৰু প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন বৰ্তমান ভাৰত ভ্ৰমণত আছে । শুকুৰবাৰে পুৱা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু আমেৰিকাৰ বিদেশ সচিব ব্লিংকেনে এক বৈঠকত মিলিত হয় । বৈঠকত তেওঁলোকৰ মাজত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ উপায় আৰু হামাছ-ইজৰাইল সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনা হয় । ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ পঞ্চম সংস্কৰণৰ পূৰ্বে জয়শংকৰ-ব্লিংকেনৰ এই বৈঠক অনুষ্ঠিত হয় ।

নিজৰ এক্স পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে আমেৰিকাৰ বিদেশ সচিবৰ সৈতে হোৱা বাৰ্তালাপক 'মুক্ত আৰু গঠনমূলক' বুলি বৰ্ণনা কৰিছে । "আজি পুৱা আমেৰিকাৰ বিদেশ সচিব ব্লিংকেনক সাক্ষাৎ কৰি আনন্দিত হৈছো । আমাৰ কৌশলগত অংশীদাৰিত্বৰ অধিক বিকাশৰ ওপৰত এক মুক্ত আৰু গঠনমূলক আলোচনা হৈছে । লগতে পশ্চিম এছিয়া, ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু অন্যান্য আঞ্চলিক বিষয়ৰ ওপৰতো আলোচনা হৈছে ।" তেওঁ কয় ।

উল্লেখ্য যে, বিগত কেইসপ্তাহমানত আমেৰিকাৰ বিদেশ সচিবে ইজৰাইল-হামাছ যুদ্ধৰ ওপৰত কূটনৈতিক কাৰ্যকলাপত ব্যস্ত হৈ আছে । তাৰ মাজতে ব্লিংকেন আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাৰ পঞ্চম সংস্কৰণৰ বাবে দিল্লীত উপস্থিত হৈছে । ইয়াৰ উদ্দেশ্য হৈছে গভীৰ কৌশলগত সহযোগিতাৰ বাবে ভাৰত-আমেৰিকাৰ ভৱিষ্যতৰ ৰোডমেপ প্ৰস্তুত কৰা ।

আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জয়শংকৰে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰাজনাথ সিং আৰু অষ্টিনৰ মাজত দ্বিপাক্ষিক বৈঠকত কেইবাটাও কৌশলগত, প্ৰতিৰক্ষা আৰু প্ৰযুক্তিৰ বিষয়ত আলোচনা হ'ব বুলি আশা কৰা হৈছে ।

আনহাতে, বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছিল যে এই আলোচনাই প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, প্ৰযুক্তি মূল্য শৃংখলা সহযোগিতা আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ দিশত হোৱা অগ্ৰগতিৰ এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সক্ষম কৰি তুলিব । "মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি জো বাইডেনৰ কল্পনা অনুসৰি ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ ৰোডমেপ প্ৰস্তুতৰ সুযোগ ল'ব । এই বিষয়ত চলিত বছৰৰ জুন আৰু ছেপ্টেম্বৰত তেওঁলোকৰ মাজত আলোচনা হৈছিল ।" বিদেশ মন্ত্ৰালয়ে এক বিবৃতিত কয় ।

লগতে কয় যে দুয়ো পক্ষই সমসাময়িক আঞ্চলিক বিষয়সমূহৰ বুজ ল'ব আৰু বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা বৃদ্ধিৰ বাবে অংশীদাৰী অগ্ৰাধিকাৰৰ বিষয়ে আৰু কোৱাডৰ দৰে আন্তঃগাঁথনিৰ জৰিয়তে মত বিনিময় কৰিব ।

লগতে পঢ়ক :UN Report on Palestinian Economy : পেলেষ্টাইনী অৰ্থনীতিৰ ভয়াৱহ অৱক্ষয়; ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত প্ৰকাশ

Last Updated :Nov 10, 2023, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.