কংগ্ৰেছে ৰাজস্থানৰ লোকক লুটিছে: প্ৰধানমন্ত্ৰী
Published: Nov 21, 2023, 3:44 PM

কংগ্ৰেছে ৰাজস্থানৰ লোকক লুটিছে: প্ৰধানমন্ত্ৰী
Published: Nov 21, 2023, 3:44 PM
ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে । মঙলবাৰে বাৰণত নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । মুখ্যমন্ত্ৰী গেহলটকো সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে ।
নেশ্যনেল ডেস্ক,২১ নৱেম্বৰ : ৰাজস্থানৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিস্ফোৰণ । কংগ্ৰেছে ৰাজস্থানৰ লোকসকলক লুণ্ঠন কৰিছে । এই অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । মঙলবাৰে ৰাজস্থানৰ বাৰণত এখন নিৰ্বাচনী জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ এবাৰ লাল ডায়েৰী বিতৰ্ক উত্থাপন কৰে । প্ৰধানমন্ত্ৰীৰ অভিযোগ অনুসৰি দুস্কৃতিকাৰী আৰু অপৰাধীসকলে ৰাজ্যখনত শাসন কৰি আছে ।
প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে হিন্দুৰ উৎসৱসমূহত কংগ্ৰেছৰ শাসনৰ অধীনত হিংসা আৰু ধ্বংসযজ্ঞ হয় । তেওঁ কয় যে কংগ্ৰেছ শাসকসকলে জনসাধাৰণৰ কল্যাণৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে দুৰ্নীতিৰ ধনেৰে নিজৰ পকেট ভৰ্তি কৰাত ব্যস্ত হৈ আছে । ৰাজ্যখনত দুস্কৃতিকাৰী আৰু অপৰাধীসকলৰ বাবে ৰঙা দলিচা পাৰি দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰিছে ।
কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছে দেশ বিৰোধী উপাদানসমূহক ক্ষমতা প্ৰদান কৰিছে । মোদীয়ে দৃঢ়তাৰে কয় যে ৰাজস্থানৰ ভোটাৰসকলে কংগ্ৰেছক বিদায় জনোৱাৰ সিদ্ধান্ত লৈছে । ৰাইজে অশোক গেহলট চৰকাৰক বিদায় জনাব বুলিও তেওঁ দাবী কৰিছে ।
প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক 'যাদুকৰ' বুলি অভিহিত কৰি কয় যে কংগ্ৰেছৰ শাসনকালত ভূমি, বন আৰু জল কেনেদৰে বিক্ৰী কৰা হৈছে তাৰ নথিপত্ৰ থকা লাল ডায়েৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ভাবমূৰ্তি ম্লান পৰিছে । লক্ষণীয়ভাৱে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি নেতাসকল লাল ডায়েৰীৰ প্ৰশংস যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা দেখা গৈছে । লাল ডায়েৰীৰ প্ৰসংগ উত্থাপন কৰি বিজেপিয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছে ।
লগতে পঢ়ক :তেলেংগানাৰ নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন ডিএমকেৰ
