তেলেংগানাৰ নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন ডিএমকেৰ
Published: Nov 21, 2023, 12:54 PM

তেলেংগানাৰ নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন ডিএমকেৰ
Published: Nov 21, 2023, 12:54 PM
মঙলবাৰে তামিলনাডুৰ শাসকীয় দল দ্ৰাবিড় মুন্নেত্ৰা কাজাগমে (ডিএমকে) আগন্তুক তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।
নিউজ ডেস্ক, ২১ নৱেম্বৰ : তেলেংগানা বিধানসভা নিৰ্বাচন সমাগত । অহা ৩০ নৱেম্বৰত এটা পৰ্যায়ত তেলেগু ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় দল বিআৰএছ আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে । এই ক্ষেত্ৰত বিজেপিও পিছপৰি থকা নাই । অৱশ্যে এতিয়ালৈকে প্ৰকাশিত নিৰ্বাচনী সমীক্ষাত ৰাজ্যখনৰ শাসনাধিষ্ঠিত দল বিআৰএছৰ স্থিতি সিমান এটা সুবিধাজনক নহয় । বিজেপিয়েও বিশেষ এটা প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই ।
ইয়াৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছ কিছু সন্তোষজনক স্থিতিত থকা বুলি ৰাজনৈতিক বিশ্লেষকসকলে প্ৰকাশ কৰিছে । তাৰ মাজতে বিআৰএছ তথা বিজেপিৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰাত দলটোৰ শক্তি বৃদ্ধি পাইছে । তাৰ মাজতে মঙলবাৰে তামিলনাডুৰ শাসকীয় দল দ্ৰাবিড় মুন্নেত্ৰা কাজাগমে (ডিএমকে) আগন্তুক তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ১১৯ খন আসনৰ তেলেংগানা বিধানসভা নিৰ্বাচনৰ ফলাফল আন চাৰিখন ৰাজ্যৰ সৈতে একেলগে অহা ৩ ডিচেম্বৰত প্ৰকাশ পাব ।
উল্লেখ্য যে ২০১৮ চনৰ তেলেংগানা বিধানসভা নিৰ্বাচনত ভাৰত ৰাষ্ট্ৰ সমিতি বিজয়ী হৈ শাসনত অধিষ্ঠিত হৈছিল । আনহাতে, তেলেগু ৰাজ্যখনত কংগ্ৰেছ আছিল দ্বিতীয় স্থানত । ইতিমধ্যে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সকলো ৰাষ্ট্ৰীয় নেতাই ৰাজ্যখনত সক্ৰিয়ভাৱে প্ৰচাৰ চলাই আছে ।
তাৰ মাজতে ডিএমকেয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে দলটোৱে তেলেংগানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দলক সমৰ্থন কৰিব । আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে, "ধৰ্মনিৰপেক্ষ প্ৰগতিশীল মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীসকলে ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া তেলেংগানা বিধানসভা নিৰ্বাচনত জয়ী হ'ব লাগে । লগতে তেলেংগানা ৰাজ্যিক ডিএমকেকে ধৰি সকলো সংগঠনৰ প্ৰশাসক আৰু সহকৰ্মীসকলক এখন নিৰ্বাচনী কাৰ্যসমিতি গঠন কৰিবলৈ আৰু কংগ্ৰেছ দলৰ সৈতে একেলগে কাম কৰিবলৈ অনুৰোধ জনোৱা হৈছে, যাতে দলটোৰ প্ৰাৰ্থীসকল বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয় ।"
