ETV Bharat / bharat

Cyber crime in India : আৰক্ষী মহাপৰিদৰ্শকৰ নামত ভাবুকিপূৰ্ণ মেছেজ দিয়া যুৱকক গ্ৰেপ্তাৰ

author img

By

Published : Mar 28, 2023, 9:47 PM IST

ভগ্নীলৈ অবাঞ্ছিত মেছেজ পঠিওৱাৰ বাবেই ভাতৃয়ে আৰক্ষী মহাপৰিদৰ্শকৰ নামত এজন যুৱকk দিলে ভাবুকি (Threatening messages in the name of IG)। হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ যুৱকজনক । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Cyber crime in India
আৰক্ষী মহাপৰিদৰ্শকৰ নামত ভাবুকিপূৰ্ণ মেছেজ দি গ্ৰেপ্তাৰ যুৱক

নেশ্যনেল ডেস্ক, 28 মাৰ্চ : দেশত চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । একাংশ দুষ্টচক্ৰই আনকি নিজকে আৰক্ষী বা সেনা বিষয়া বুলি পৰিচয় দি বিভিন্ন ধৰণৰ ভাবুকি বা লুণ্ঠন চলাইছে । ইয়াৰ মাজতে হায়দৰাবাদত গ্ৰেপ্তাৰ এটা প্ৰৱঞ্চক । নিজকে আৰক্ষী মহাপৰিদৰ্শক বুলি পৰিচয় দি এজন লোকক ভাবুকিপূৰ্ণ মেছেজ কৰিছিল যুৱকজনে (Youth misuses Ajmer IG official data)।

আজমেৰ ৰেঞ্জৰ আইজি ৰূপিন্দৰ সিঙৰ নামত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰি ভাবুকি দিছিল যুৱকজনে । ৰাজস্থান আৰক্ষীয়ে অভিযুক্ত বেদান্ত সাইক হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে । চিভিল লাইনছ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বলবীৰ সিঙে প্ৰকাশ কৰা মতে 20 মাৰ্চত আজমেৰ ৰেঞ্জৰ আইজি কাৰ্যালয়ৰ এএছআই চৰফৰাজে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল ।

আৰক্ষী বিষয়াগৰাকীৰ মতে, আজমেৰ ৰেঞ্জৰ আইজি হোৱাৰ সময়ত ৰূপিন্দৰ সিঙৰ নাম গুগলত পঞ্জীয়ন কৰা হৈছিল । আইজিৰ ম'বাইল নম্বৰ, অফিচ নম্বৰ আৰু বাসস্থান নম্বৰ প্ৰতিলিপি কৰি বেদান্ত সাই নামৰ লোকজনে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰি এজনক ভাবুকি দিছিল । অনুসন্ধানত প্ৰকাশ পাইছে যে মধ্য প্ৰদেশৰ ভূপালৰ বাসিন্দা হানি চুগলানি নামৰ এজন লোকক ভাবুকিপূৰ্ণ বাৰ্তা দিয়া হৈছিল ।

আনহাতে, আইজিপিৰ ফোন নম্বৰ আৰু মেছেজ পঠিওৱা অভিযুক্তৰ ফোন নম্বৰ দুয়োটা বেলেগ পোৱা গৈছে । মেছেজটো চুগলানিক ভাবুকি দিয়া হৈছিল যে, ৰাজস্থানত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে 418 আইপিচি আৰু 66 ডি আইটি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । ইফালে ম'বাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ ভিত্তিত অভিযুক্তজনক চিনাক্ত কৰাৰ পাছত আৰক্ষীয়ে হায়দৰাবাদৰ পৰা অভিযুক্ত বেদান্ত সাইক গ্ৰেপ্তাৰ কৰা হৈছে (Youth arrested for misuse IG official data)।

চিভিল লাইনচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বলবীৰ সিঙে কোৱা মতে মধ্য প্ৰদেশৰ ভূপালৰ বাসিন্দা হানি চুগলানীয়ে অভিযুক্তৰ পৰা মেছেজটো পোৱাৰ পাছত উদ্বিগ্ন হৈ পৰিছিল । তেওঁ মেছেজটোত দিয়া নম্বৰৰ ওপৰত ভিত্তি কৰি আইজিৰ সৈতে কথা পাতিছিল আৰু অভিযুক্তৰ ভাবুকিপূৰ্ণ মেছেজৰ বিষয়ে কৈছিল । পাছত, এটা গোচৰ ৰুজু কৰা হৈছিল য'ত কোৱা হৈছিল যে আজমেৰ আইজিৰ ইমেইল আইডি আৰু ফোন নম্বৰৰ অপব্যৱহাৰ কৰি অপৰাধমূলক উদ্দেশ্যৰে ধন দাবী কৰা হৈছে (Threatening messages in the name of IG)।

অভিযুক্ত বেদান্ত বৰ্তমান চিক্কাডপল্লী অঞ্চলৰ আৰটিচি ক্ৰছ ৰোডৰ জানকী ৰাও এপাৰ্টমেণ্টত বাস কৰি আছিল । অভিযুক্তজনে কোৱা মতে হানি চুগলানিয়ে তেওঁৰ ভনীয়েকলৈ অবাঞ্ছিত মেছেজ কৰি আছিল । যাৰ বাবে তেওঁ আইজিপিৰ নামত হানি চুগলানিলৈ হোৱাটছএপত ভাবুকিপূৰ্ণ মেছেজ প্ৰেৰণ কৰিছিল ।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে সাধাৰণ ৰাইজক সতৰ্ক কৰি দিছে যদি এনে ধৰণৰ কোনো বিভ্ৰান্তিকৰ মেছেজ পোৱা যায় । তেন্তে লগে লগে সংশ্লিষ্ট আৰক্ষী বিষয়াজনক অৱগত কৰাৰ লগতে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক :Ragging at Sainik School : গোৱালপাৰাৰ সৈনিক স্কুলত ৰেগিং কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.