ETV Bharat / bharat

ৰাজস্থান বিধানসভা ভংগ ৰাজ্যপাল কলৰাজ মিশ্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 2:10 PM IST

15 নং ৰাজস্থান বিধানসভা ভংগ ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰৰ ৷ 2023 চনৰ ৰাজস্থান বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে 200 খন আসনৰ ভিতৰত 115 খন আসনত সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷

Rajasthan Assembly election results 2023
ৰাজস্থান বিধানসভা ভংগৰ নিৰ্দেশ ৰাজ্যপাল কলৰাজ মিশ্ৰৰ

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে 200 খন আসনৰ ভিতৰত 115 খন আসন লাভ কৰি বিজয় সাব্যস্ত কৰাৰ পিছত সোমবাৰে ৰাজস্থানৰ ৰাজ্যপাল কলৰাজ মিশ্ৰই বিধানসভা ভংগৰ নিৰ্দেশ দিয়ে । ইয়াৰ পূৰ্বে দেওবাৰে ফলাফল ঘোষণাৰ দিনাই মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে, দেওবাৰে ঘোষণা কৰা 2023 চনৰ ৰাজস্থান বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে 200 খন আসনৰ ভিতৰত 115 খন আসন দখলেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ বিপৰীতে কংগ্ৰেছে 69 খন আসনত জয়ী হৈ দ্বিতীয় স্থানত আছে । সূত্ৰই জনোৱা মতে, বিধানসভাখন ভংগ হোৱাৰ পাছত কলৰাজ মিশ্ৰই ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে গেৰুৱা দলটোক আমন্ত্ৰণ জনাব ।

উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰী বাচনিৰ ক্ষেত্ৰত বিজেপি দল সন্মুখীন হৈছে সমস্যাৰ ৷ মুখ্যমন্ত্ৰী পদৰ বাবে আগশাৰীৰ স্থানত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, বাবা বালক নাথ আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত । সোমবাৰে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ কেইবাগৰাকীও বিজয়ী প্ৰাৰ্থীয়ে বসুন্ধৰা ৰাজেক তেওঁৰ জয়পুৰৰ চিভিল লাইন 13 নং বাংলোত অৱস্থিত বাসগৃহত সাক্ষাৎ কৰে ৷ ৰাজেৰ বাসগৃহত সাক্ষাৎ কৰা নেতাসকলৰ ভিতৰত আছিল কালিচৰণ চৰফ, বাবু সিং ৰাথোড়, প্ৰেমচান্দ বৈৰৱা, গোবিন্দ ৰাণীপুৰীয়া, ললিত মীনা, কনৱাৰলাল মীনা, ৰামস্বৰূপ লাম্বাৰ লগতে অন্যান্য কৰ্মীসকল ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতা ৰামস্বৰূপ লাম্বাই উক্ত সাক্ষাতক সৌজন্যমূলক সাক্ষাৎ আখ্যা দিয়ে আৰু বিজয়ৰ বাবে শুভেচ্ছা জনাবলৈহে আহিছিল বুলি জনায় ।

লগতে পঢ়ক: পুনৰ বসুন্ধৰা ৰাজেই হ'ব নেকি ৰাজস্থানৰ মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.