ETV Bharat / bharat

ৰাজস্থান বিধানসভা নিৰ্বাচন ২০২৩; প্ৰচাৰৰ অন্তিম দিনত বিজেপিৰ ৰথী-মহাৰথীৰ ভিৰ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 11:26 AM IST

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুপৰীয়া ১২.৩০ বজাত আৰজি ষ্টেডিয়াম দেওগড়ত এখন ৰাজহুৱা সভা সম্বোধন কৰিব । একেদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পুৱা ১১ বজাত হোটেল ললিতত সংবাদ মাধ্যমক সম্বোধন কৰিব ।

PM Modi in Rajasthan election rally
ৰাজস্থান বিধানসভা নিৰ্বাচন ২০২৩

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজস্থান বিধানসভাৰ নিৰ্বাচন । তাৰ বাবে প্ৰচাৰ অভিযান এতিয়া চূড়ান্ত পৰ্যায়ত আছে । আনহাতে, বৃহস্পতিবাৰে সন্ধিয়া অন্ত পৰিব প্ৰচাৰ অভিযানৰ । এনে পৰিস্থিতিত আজিৰ দিনটোত সকলো ৰাজনৈতিক দলেই তেওঁলোকৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি প্ৰচাৰ কাৰ্যত নামি পৰিব ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue | Welding experts have been called from Delhi to the Silkyara tunnel site where the rescue operation is underway to bring out the trapped workers. pic.twitter.com/QsNVZKg2Tq

    — ANI (@ANI) November 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰচাৰৰ এই অন্তিম পৰ্যায়ত বিজেপিৰ সকলো ডাঙৰ ডাঙৰ নেতায়ে বিভিন্ন বিধানসভা সমষ্টিত ৰাজহুৱা সভা আৰু ৰোড শ্ব'ৰ জৰিয়তে দলটোৰ সপক্ষে এক পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি কেইবাজনো কেন্দ্ৰীয় নেতাই বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিব ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue | Chief Scientist and tunnel expert from Roorkee, RD Dwivedi reaches the Silkyara tunnel site where the rescue operation is underway to bring out the trapped workers.

    RD Dwivedi says "A total of three people have come here from… pic.twitter.com/Q17hy9Jbau

    — ANI (@ANI) November 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুপৰীয়া ১২.৩০ বজাত আৰজি ষ্টেডিয়াম দেওগড়ত এখন ৰাজহুৱা সভা সম্বোধন কৰিব । একেদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পুৱা ১১ বজাত হোটেল ললিতত সংবাদ মাধ্যমক সম্বোধন কৰিব । ইয়াৰ পিছত তেওঁ নিম্বাহেৰাত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিব । মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিশে সংগনাৰ আৰু আদৰ্শ নগৰ অঞ্চলত ৰোড শ্ব' অনুষ্ঠিত কৰিব ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue | On welding experts from Delhi arrived at the incident site, welder Radhe Raman Dubey; says, "We are here to weld MS pipe inside the tunnel. Five welders have come here for the same...We'll do it with the help of welding machines" pic.twitter.com/b1NncG2fc4

    — ANI (@ANI) November 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

একে সময়তে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আলৱাৰৰ ৰাজগড়ৰ চাহাদাত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যাধ নগৰ আৰু চিভিল লাইনছ এলেকাত ৰোড শ্ব' অনুষ্ঠিত কৰিব আৰু চিতোৰগড়ৰ সুজনগড়ত ৰাজহুৱা সভাত অংশ ল'ব । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেয়ে হাৱামহল অঞ্চলত এক ৰোড শ্ব' অনুষ্ঠিত কৰিব । ইয়াৰ পিছতে তেওঁ কোটপুতলীৰ মনোহৰপুৰত জনসভা সম্বোধন কৰিব ।

একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঝোটৱাৰাত এক ৰোড শ্ব' আৰু ৰাজখেদাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব । আনহাতে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰামগঞ্জমাণ্ডি আৰু পিপলদাত ৰাজহুৱা সভা অনুষ্ঠিত কৰিব । বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধাংশু ত্ৰিবেদী, সাংসদ মনোজ তিৱাৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশী, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, ৰাজ্যসভাৰ সাংসদ কিৰোৰী লাল মীনাইও বিভিন্ন বিধানসভা সমষ্টিত ৰাজহুৱা সভা সম্বোধন কৰিব ।

লগতে পঢ়ক :অসমত ৫ মিনিটত বিষয়টো নিষ্পত্তি হ'লহেঁতেন; আকবৰুদ্দিন ওৱেইচিৰ ভাবুকি সন্দৰ্ভত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.