ETV Bharat / bharat

Rajasthan Assembly Election 2023: ৰাজস্থানত বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৭ জন সাংসদক অন্তৰ্ভুক্ত

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 8:38 PM IST

ৰাজস্থানত বিজেপিয়ে প্ৰকাশ কৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ৷ প্ৰকাশ কৰা তালিকাত ৪১ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে ৷

Rajasthan Assembly Election 2023
ৰাজস্থানত বিজেপিয়ে প্ৰকাশ কৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ : ৰাজস্থানত নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ লগে লগে বিজেপিয়ে প্ৰকাশ কৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ৷ দলৰ কাৰ্যালয়ে প্ৰকাশ কৰা তালিকাত ৪১ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে ৷ বিশেষ কথাটো হ’ল দলটোৱে ৭ জন সাংসদক প্ৰক্ষেপ কৰিছে ৷ তাতোকৈ ডাঙৰ কথাটো হ’ল প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে, বিৰোধী দলপতি ৰাজেন্দ্র ৰাথোৰ আৰু বিৰোধী দলৰ উপনেতা সতীশ পুনিয়াৰ নাম প্রথম তালিকাত নাই ৷

Rajasthan Assembly Election 2023
ৰাজস্থানত বিজেপিৰ প্ৰথম তালিকা প্ৰকাশ

বিজেপিয়ে প্ৰকাশ কৰা তালিকাত গংগানগৰৰ পৰা জয়দীপ বিহানী, ভদ্ৰৰাৰ পৰা সঞ্জীৱ বেনিৱাল, ডুংগৰপুৰৰ পৰা তাৰচান্দ সৰস্বত, সুজানগৰৰ পৰা সন্তোষ মেঘৱাল, ঝুনঝুনুৰ পৰা বাবলু চৌধুৰী, মাণ্ডোৱাৰ পৰা নৰেন্দ্ৰ কুমাৰ, নৱালগড়ৰ পৰা বিক্ৰম সিং জাখল, উদয়পুৰৱতী শ্ৰাৱণ চৌধুৰী, ফাটেহপুৰীৰ পৰা শুভকৰণ চৌধুৰী, লক্ষ্মনগড়ৰ পৰা সুভাষ মহৰিয়া, ডাটা ৰামগড়ৰ পৰা গজানন্দ কুমাৱত, কোটপুতলীৰ পৰা হন্সৰাজ পেটেল গুৰ্জাৰ, দুডুৰ পৰা প্ৰেমচান্দ বেৰৱা, ঝোটৱাৰাৰ পৰা ৰাজ্যবৰ্ধন সিং ৰাথোৰ, বিদ্যাধৰ নগৰৰ পৰা দিয়া কুমাৰী, বছিৰ পৰা চন্দ্ৰ মোহন মীনা, তিজাৰাৰ পৰা বাবালাক নাথ, বনছুৰ পৰা দেৱী সিং শ্বেখাৱট ৷

Rajasthan Assembly Election 2023
ৰাজস্থানত বিজেপিৰ প্ৰথম তালিকা প্ৰকাশ

ইফালে আলৱাৰ গ্ৰাম্যৰ পৰা জয় ৰাম জাটাৱ, নগৰৰ পৰা জৱাহৰ সিং বেদাম, ভাইৰৰ পৰা বাহাদুৰ সিং কোহলী, হিন্দাউনৰ পৰা ৰাজকুমাৰী জাটাভ, সপোত্ৰৰ পৰা হন্সৰাজ মীনা, বন্দিকুইৰ পৰা ভাগচন্দ ডকৰা, লালসোটৰ পৰা ৰামবিলাছ মীনা, বামনৱাসৰ পৰা ৰাজেন্দ্ৰ মীনা, সাৱাই কিৰ’ডি মাধোপুৰৰ পৰা লাল মীনা, দেৱলী ইউনিয়াৰাৰ পৰা বিজয় বেইনছলা, কিশনগড়ৰ পৰা ভগীৰথ চৌধুৰী, কেকডিৰ পৰা শত্ৰুঘন গৌতম, বিলাডাৰ পৰা অৰ্জুন লাল গাৰ্গ, বায়তুৰ পৰা বলৰাম মুন্ধক প্ৰদান কৰা হৈছে টিকট ৷

Rajasthan Assembly Election 2023
ৰাজস্থানত বিজেপিৰ প্ৰথম তালিকা প্ৰকাশ

আনহাতে ছানচোৰৰ পৰা দেৱজী পেটেল, খেৰৱাড়াৰ পৰা নানা লাল আহৰি, সাগৱাদাৰ ডুংগাৰপুৰৰ পৰা বনচিলাল কাত্ৰ, ডেচাৰ পৰা শংকৰ লাল, চৌৰাচীৰ পৰা সুশীল কটাৰা, বগীদৌৰাৰ পৰা কৃষ্ণ কটাৰা, কুশলগড়ৰ পৰা ভীমা ভাই ডামোৰ, মণ্ডলৰ পৰা উদয়লাল ভদনা আৰু সাহাদাৰ পৰা দাদুৰাম পিতলীয়াক টিকট প্ৰদান কৰা হৈছে ৷

এইসকল সাংসদক প্ৰদান কৰা হৈছে টিকট - আলৱাৰৰ সাংসদ বাবা বালাক নাথ, জয়পুৰ গ্ৰাম্য সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোৰ, ৰাজসামন্দ দিয়া কুমাৰী, ৰাজ্যসভাৰ সাংসদ কিৰোৰী লাল মীনা, জালৌৰ-চিৰোহি দেৱজী পেটেল, আজমেৰ ভাগীৰথ চৌধুৰী, ঝুনঝুনু নৰেন্দ্ৰ কুমাৰ ৷

লগতে পঢ়ক : Assembly Elections 2023: মিজোৰামকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.