ETV Bharat / bharat

নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত অসীম দে’ক গ্ৰেপ্তাৰ

author img

By

Published : Jul 12, 2021, 10:26 AM IST

ৰে'লৱে নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত অসীম দে’ক গ্ৰেপ্তাৰ
ৰে'লৱে নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত অসীম দে’ক গ্ৰেপ্তাৰ

এয়া সমগ্ৰ দেশতে সক্ৰিয় এটা ৰেকেট । তেওঁলোকে চাকৰি প্ৰাৰ্থীসকলক লক্ষ্য কৰি লৈ ছ’চিয়েল মিডিয়া(Social Media) ৰ জৰিয়তে চাকৰিৰ জাননী প্ৰেৰণ কৰে । তেওঁলোকে ভূৱা প্ৰশিক্ষণ শিবিৰো চলাই আছে ।

আগৰতলা, 12 জুলাই : ৰে'ল বিভাগৰ নিযুক্তি কেলেংকাৰী(Railway Recruitment Scam) ৰ মূল অভিযুক্ত অসীম দে’ক ত্ৰিপুৰা আৰক্ষীৰ অপৰাধ শাখা(Tripura police’s crime Branch) ই গ্ৰেপ্তাৰ কৰিছে ৷ অসীম দে’-এ সমগ্ৰ দেশৰ লক্ষাধিক চাকৰি প্ৰাৰ্থীক প্ৰতাৰিত কৰিবলৈ ভূৱা নিযুক্তিৰ ৱেবছাইট খুলিছিল । ত্ৰিপুৰাত এতিয়ালৈকে নিয়ুক্তিৰ নামত আবেদনকাৰীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত প্ৰায় 5-6 লাখ টকা মাচুল সংগ্ৰহ কৰাৰ পিছতো নিযুক্তি নিদিয়াৰ প্ৰায় ছটা ঘটনা পোহৰলৈ আহিছে ৷ অৱশ্যে তেওঁলোকক নিযুক্তি পত্ৰ দিয়া হৈছিল যি পৰৱৰ্তী সময়ত ভূৱা প্ৰমাণিত হৈছিল ।

ৰে'ল নিযুক্তি কেলেংকাৰী(Railway Recruitment Scam) ৰ সন্দৰ্ভত উদয়পুৰৰ ৰাধা কিশোৰপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইন (Indian Penal Code) ৰ ৪২০ আৰু ৩৪ নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰ পূৰ্বে ত্ৰিপুৰা আৰক্ষীৰ অপৰাধ শাখা(Tripura police’s crime Branch) ই এই কেলেংকাৰী (Railway Recruitment Scam) ৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু অসীম দে’ক গ্ৰেপ্তাৰ কৰাতো আৰক্ষীৰ এটা বৃহৎ সফলতা হিচাপে গণ্য কৰা হৈছে ।

ত্ৰিপুৰা আৰক্ষীৰ অপৰাধ শাখা(Tripura police’s crime Branch) আৰু বৈখোৰা আৰক্ষী থানাৰ বিষয়াই যুটীয়াভাৱে অভিযান চলাই দক্ষিণ ত্ৰিপুৰাৰ অন্তৰ্গত বাইখোৰাৰ পৰা অসীম দে’(৩৭) ক আটক কৰে ।

ৰে'লৱে নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত অসীম দে’ক গ্ৰেপ্তাৰ
অভিযুক্ত অসীম দে’

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, "এয়া সমগ্ৰ দেশতে সক্ৰিয় এটা ৰেকেট । তেওঁলোকে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলক লক্ষ্য কৰি লৈ ছ’চিয়েল মিডিয়া (Social Media)ৰ জৰিয়তে চাকৰিৰ জাননী প্ৰেৰণ কৰে । তেওঁলোকে ভূৱা প্ৰশিক্ষণ শিবিৰো চলাই আছে ।

সূত্ৰটোৰ অনুসৰি, অভিযুক্ত অসীম দে’ক গান্দাচেৰাত আইটিআই (ITI) প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল ৷ আৰক্ষীয়ে ইতিমধ্যে অসীম দে’ৰ সহযোগী অংকুশ দেৱনাথ, অৰিন্দম দেৱনাথ আৰু সুমেন দাসক কৰায়ত্ত কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে । সম্প্ৰতি অসীম দে’ক জেৰাৰ বাবে আমতালী আৰক্ষী চকীলৈ অনা হৈছে ।

লগতে পঢ়ক : উচ্চবৰ্ণীয় প্ৰেমিকাৰ পৰিয়ালৰ আক্ৰমণৰ বলি দলিত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.