ETV Bharat / bharat

ৰাহুল গান্ধীৰ উপস্থিতিত 29 বছৰৰ পিছত একত্ৰিত হ’ল দুটা সম্প্ৰদায়

author img

By

Published : Oct 3, 2022, 6:13 PM IST

Rahul Gandhi visit Makes Two Communities come together after 29 years
ৰাহুল গান্ধীৰ উপস্থিতিত 29 বছৰৰ পিছত একত্ৰিত হ’ল দুটা সম্প্ৰদায়

ৰাহুল গান্ধীৰ ভ্ৰমণত দুটা সম্প্ৰদায়ৰ মাজত বছৰ বছৰ ধৰি থকা সংঘাত দূৰ হৈ এক নতুন দিগন্তৰ সূচনা হয় ৷ ৰাহুল গান্ধীৰ উপস্থিতিত প্ৰায় 29 বছৰৰ দুয়ো সম্প্ৰদায়ৰ লোক পুনৰ একত্ৰিত হয় (Two Communities come together after 29 years)৷

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ: 2 অক্টোবৰত দেশজুৰি পালন কৰা হৈছে গান্ধী জয়ন্তী (Gandhi jayanti 2022)৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে কৰ্ণাটক জিলাৰ বাদানাভালু গাঁৱত গান্ধী জয়ন্তী পালন কৰিবলৈ উপস্থিত হয়গৈ (Rahul Gandhi visit at Badanavalu village)৷

গান্ধীয়ে খাদী গ্ৰামোদ্যোগ কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ তেওঁ খাদী কেন্দ্ৰটোত আয়োজন কৰা এটা ভোজনৰ এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল ৷ তেওঁ কেন্দ্ৰটোত কেবাটাও গছপুলি ৰোপন কৰে ৷

উল্লেখ্য যে, ৰাহুল গান্ধীৰ এই ভ্ৰমণত দুই সম্প্ৰদায়ৰ মাজত বছৰ বছৰ ধৰি থকা সংঘাত দূৰ হৈ এক নতুন দিগন্তৰ সূচনা হয় ৷ 1993 চনত বাদানুভালু গাঁৱত গাঁওখনত বাস কৰা লিংগায়ত আৰু দলিত সম্প্ৰদায়ৰ মাজত গণহত্যাৰ ঘটনা সংঘটিত হৈছিল (Lingayat and Dalit communities)৷ তাৰ পিছৰে পৰা দুয়ো সম্প্ৰদায়ৰ মাজত কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল ৷ আনকি দুয়োটা সম্প্ৰদায়ৰ লোকে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যাব পৰা পথসমূহো বন্ধ কৰি দিছিল ৷

অতীতক পাহৰি পুনৰ গাঁও দুখনক একেলগ কৰিবলৈ দীৰ্ঘদিনৰ পৰা চেষ্টা অব্যাহত ৰাখিছিল কংগ্ৰেছ দলৰ কৰ্মীসকলে ৷ অৱশেষত ৰাহুল গান্ধীৰ উপস্থিতিত প্ৰায় 29 বছৰৰ দুয়ো সম্প্ৰদায়ৰ লোক পুনৰ একত্ৰিত হয় (Two Communities come together after 29 years)৷

ভাৰত জোড়ো যাত্ৰা (Bharat Jodo yatra)অভিযানৰ অধীনত কংগ্ৰেছী নেতাসকলে গাঁও দুখনৰ লোকে আহ-জাহ কৰিব পৰাকৈ পথ নিৰ্মাণ কৰি দিয়ে ৷ ৰাহুলৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰ, সিদ্ধাৰামাইয়া, ৰণদীপ সিং সুৰজেৱালা, কে চি বেণুগোপাল আৰু অন্যান্য কেবাজনো দলীয় কৰ্মী উপস্থিত আছিল ৷

ৰাহুল গান্ধীৰ লগত দুয়োখন গাঁৱৰ লোকে ভোজন অনুষ্ঠানত একেলগে ভোজন গ্ৰহণ কৰে ৷ ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি জ্ঞাপন কৰে, আৰু গণ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে ৷

তাৎপৰ্যপূৰ্ণ যে 1932 চনত মহাত্মা গান্ধীয়ে 7.5 একৰ ভূমিত থকা বাদনাভালু আৰু খাদী কেন্দ্ৰ পৰিদৰ্শন কৰিছিল (Mahatma Gandhi visited Badanavalu)৷ বুৰঞ্জীবিদসকলে কয় যে তেওঁৰ অনুগামী তাগাদুৰ ৰামচন্দ্ৰ ৰাৱে তেওঁক জোৰ দিয়াৰ পিছত তেওঁ বদনাৱালুলৈ আহিছিল বাদানুভালুৰ খাদী সামগ্ৰী দেখি প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল ৷

মহাত্মা গান্ধীৰ ভ্ৰমণক চিৰস্মৰণীয় কৰি ৰাখিবলৈ কেন্দ্ৰটোৱে পৰৱৰ্তী সময়ত কেন্দ্ৰটোৰ চৌহদত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰে ৷

লগতে পঢ়ক: অপৰাধীৰ তালিকাত নাম থকা প্ৰাৰ্থীক ভোট দিব নে গুজৰাটৰ ৰাইজে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.