ETV Bharat / bharat

Cricket World Cup 2023: ক্ৰিকেট বিশ্বকাপ; আঘাতপ্ৰাপ্ত অক্ষৰ পেটেলৰ ঠাইত ভাৰতীয় দলত আৰ অশ্বিনৰ প্ৰত্যাৱৰ্তন

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:55 PM IST

Cricket World Cup 2023
ৰবিচন্দ্ৰন অশ্বিনক বিশ্বকাপৰ দলত অন্তৰ্ভূক্ত

অক্ষৰ পেটেলৰ সলনি অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক বিশ্বকাপৰ দলত অন্তৰ্ভূক্ত কৰা হৈছে ৷ অলৰাউণ্ডাৰ অক্ষৰ পেটেল আঘাতৰ পৰা সুস্থ হৈ উঠিব নোৱাৰাৰ বাবে ভাৰতে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ 2023 ৰ 15 জনীয়া দলটোত পলমকৈ পৰিৱৰ্তন আনিছে ৷

স্পৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ : বিশ্বকাপৰ সময়তে ভাৰতীয় স্পীনাৰ তথা অলৰাউণ্ডাৰ অক্ষৰ পেটেল আঘাতৰ পৰা সুস্থ হৈ উঠিব নোৱাৰাৰ বাবে ভাৰতে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ 2023 ৰ 15 জনীয়া দলটোত পলমকৈ পৰিৱৰ্তন আনিছে ৷

অক্ষৰ পেটেলৰ সলনি অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক দলত অন্তৰ্ভূক্ত কৰা হৈছে ৷ এছিয়া কাপ ছুপাৰ ফৰৰ বাংলাদেশৰ বিৰুদ্ধে হোৱা খেলত অক্ষৰ পেটেল আঘাতৰ সন্মুখীন হৈছিল ৷ ফলত স্পীন বলিং অলৰাউণ্ডাৰগৰাকীয়ে এছিয়া কাপৰ ফাইনেলত অংশ ল’ব নোৱাৰিলে ৷

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমাপ্ত হোৱা শৃংখলাত এদিনীয়া ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়ত অশ্বিনে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল ৷ য’ত তেওঁ দুখন খেলত 4 টা উইকেট দখল কৰিছিল ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চূড়ান্ত এদিনীয়া খেলৰ বাবে চৰ্তসাপেক্ষে অক্ষৰ পেটেলক নিজৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰি দলত স্থান দিয়া হৈছিল যদিও ৰাজকোটত ভাৰতে 66 ৰানত পৰাস্ত হোৱা খেলখন খেলিব নোৱাৰিলে ৷

অক্ষৰৰ ঠাইত স্থলাভিষিক্ত হোৱা অশ্বিনৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিছে ভাৰতীয় দলে ৷ ইয়াৰ উপৰিও অশ্বিনে ভাৰতৰ বিশ্বকাপৰ দলত পূৰ্বে নোহোৱা অফ স্পিনিংৰ বিকল্প আনে ৷ যিটো 46 দিনীয়া এই প্ৰতিযোগিতাখনত যেতিয়া পিটচৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিব তেতিয়া গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে ৷

37 বছৰীয়া খেলুৱৈগৰাকীয়ে ভাৰতৰ হৈ বিশ্বকাপৰ 2011 আৰু 2015 সংস্কৰণত অংশগ্ৰহণ কৰি খেলাৰ অভিজ্ঞতাও আছে ৷ ডাউন আণ্ডাৰ প্ৰতিযোগিতাখনত, অশ্বিনে ছেমি ফাইনেলত ভাৰতৰ আঠখন মেচত 13 টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, 5 অক্টোবৰৰ আৰম্ভ হ’ব আই চি চি ক্ৰিকেট বিশ্বকাপ 2023 ৷ আয়োজক দেশ হিচাবে এইবাৰৰ ক্ৰিকেট বিশ্বকাপত হট ফেভাৰিট হিচাবে আছে ভাৰতীয় ক্ৰিকেট দলতো ৷ ইতিমধ্যে বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা তিনিখনীয়া এদিনীয়া শৃংখলা 2-1 ব্যৱধানত দখল কৰিছে ভাৰতে ৷ 30 ছেপ্টেম্বৰত ইংলেণ্ডৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগা প্ৰস্তুতি মেচৰ বাবে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলতো ৷

লগতে পঢ়ক : World Cup 2023 : বিশ্বকাপৰ খিতাপ, অন্ত পৰিবনে ১২ বছৰীয়া অপেক্ষাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.