ETV Bharat / bharat

Prohibited medicines recovered: অভিনেতা সতীশ কৌশিকৰ ফাৰ্ম হাউচত নিষিদ্ধ ঔষধ উদ্ধাৰ

author img

By

Published : Mar 11, 2023, 2:15 PM IST

Prohibited medicines recovered
অভিনেতা সতীশ কৌশিকৰ ফাৰ্ম হাউচত নিষিদ্ধ ঔষধ উদ্ধাৰ

৯ মাৰ্চত দিল্লীৰ কাপাছেৰাত মৃত্য়ু হৈছিল জনপ্ৰিয় অভিনেতা সতীশ কৌশিকৰ(Satish Kaushik death) । অভিনেতাগৰাকীৰ মৃত্য়ু অস্বাভাৱিকভাৱে হোৱা বুলি সন্দেহ কৰি আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া(Satish kaushik Death Issue) । বৰ্তমানো অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰি আছে তদন্তকাৰী আৰক্ষীৰ দলটোৱে । ইয়াৰ মাজতে অভিনেতাগৰাকীৰ ফাৰ্ম হাউচৰ পৰা উদ্ধাৰ কৰা হয় নিষিদ্ধ ঔষধ ।

নেশ্যনেল ডেস্ক,১১ মাৰ্চ: দিল্লী আৰক্ষীয়ে হোলীৰ নিশা দিল্লীৰ এখন ফাৰ্মহাউচত বলীউডৰ প্ৰযোজক-পৰিচালক তথা জনপ্ৰিয় অভিনেতা সতীশ কৌশিকৰ মৃত্যুৰ তদন্ত অব্য়াহত ৰাখিছে(Satish Kaushik death) । চিকিৎসালয়ৰ পৰা সতীশ কৌশিকৰ মৃত্যুৰ পিছত আৰক্ষীয়ে এক বিতং মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে(Satish Kaushik Post Mortem Report) । য'ত কৌশিকৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল সেয়া পোহৰলৈ অহাৰ আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে(Satish kaushik Death Issue) ।

জানিবপৰা মতে হোলী পাৰ্টিৰ বাবে কাপাছেৰা অঞ্চলত অৱস্থিত ফাৰ্ম হাউচত উপস্থিত হৈছিল অভিনেতা সতীশ কৌশিক(Satish Kaushik death reason) । সেয়ে, দক্ষিণ পশ্চিম জিলাৰ অপৰাধ অনুসন্ধানকাৰী দলটো ফাৰ্ম হাউচত উপস্থিত হৈ আৰম্ভ কৰে অনুসন্ধান(Delhi Police investigation) । তদন্ত চলাই থকাৰ সময়তে ফাৰ্ম হাউচৰ পৰা কিছু পৰিমাণে নিষিদ্ধ ঔষধ উদ্ধাৰ কৰা হয় বুলি অনুসন্ধানকাৰী দলটোৱে প্ৰকাশ কৰে । একে সময়তে, আৰক্ষীয়ে সেইদিনা পাৰ্টিত উপস্থিত হোৱা অতিথিসকলৰ এখন তালিকাও প্ৰস্তুত কৰিছে । যাতে সেই অতিথিসকলকো সোধা-পোছা কৰিব পৰা যায়(Satish Kaushik Death News) ।

কৌশিকে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা বুলি কোৱাৰ লগে লগে নিশা ১২.১০ বজাত গুৰুগ্ৰামৰ ফৰ্টিছ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । কিন্তু চিকিৎসালয়ৰ প্ৰৱেশ দ্বাৰতে মৃত্যু হৈছিল অভিনেতাগৰাকীৰ । এই ক্ষেত্ৰত, আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থা হিচাপে পশ্চিম দিল্লীৰ হৰি নগৰৰ দীন দয়াল উপাধ্যায় চিকিৎসালয়ৰ চিকিৎসকৰ পৰিষদৰ দ্বাৰা সতীশ কৌশিকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল । যাতে পিছত তেওঁৰ মৃত্যুৰ বিষয়ে কোনো প্ৰশ্ন নাথাকে । লগতে, যদি প্ৰতিবেদনত এনে কোনো সন্দেহজক বিষয় লক্ষ্য কৰা হয়, তেনেহ'লে ইয়াৰ আধাৰত অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে তদন্তকাৰী আৰক্ষীৰ দলটোৱে ।

আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, পাৰ্টিটো আয়োজন কৰা ফাৰ্ম হাউচটো এটা গুটখা কোম্পানীৰ মালিকৰ । লগতে জানিব পৰা গৈছে যে কোম্পানীটোৰ গৰাকী এটা ধৰ্ষণৰ গোচৰত অভিযুক্ত আৰু তেওঁ বৰ্তমানো পলাতক হৈ আছে । তথ্য অনুসৰি, ফাৰ্ম হাউচৰ স্বত্বাধিকাৰীগৰাকী হোলীৰ নিশা পাৰ্টিটোত জড়িত আছিল । কিন্তু সতীশ কৌশিকৰ মৃত্যুৰ পিছত, তেওঁৰ কোনো সন্ধান পোৱা নাই ।

এক সুত্ৰৰ পৰা জানিব পৰা গৈছে যে তেওঁ বৰ্তমান দেশ এৰি গৈছে । অৱশ্যে, এই সমগ্ৰ বিষয় সন্দৰ্ভত দিল্লী আৰক্ষীৰ বিষয়াসকলে কোনো আনুষ্ঠানিক তথ্য প্ৰদান কৰা নাই । কাপাছেৰা আৰক্ষী থানাৰ আৰক্ষীয়ে জনাই যে দিল্লী আৰক্ষীয়ে এই বিষয় সন্দৰ্ভত নিৰন্তৰ অনুসন্ধান কৰি আছে । কোনো বিশেষ তথ্য লাভ কৰাৰ লগে লগে জিলা কৰ্তৃপক্ষই এই বিষয়ত সংবাদ মাধ্যমক তথ্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Protest in Manipur for encroaching tribal lands : 144 ধাৰা ওফৰাই মণিপুৰত জনজাতীয় ভূমি ৰক্ষাৰ বাবে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.