ETV Bharat / bharat

PM Modi leaves for Egypt : আমেৰিকাৰ পৰা ইজিপ্তলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jun 24, 2023, 9:58 AM IST

দুদিনীয়া ভ্ৰমণসূচীৰে ইজিপ্তলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোডী । ১৯৯৭ চনৰ পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো ইজিপ্ত ভ্ৰমণ । বিভিন্ন কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

PM Modi leaves for Egypt
আমেৰিকাৰ পৰা ইজিপ্তিলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক,২৪ জুন : আমেৰিকাৰ ভ্ৰমণ সামৰি ইজিপ্তলৈ ৰাওনা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথম ইজিপ্ত ভ্ৰমণ । ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিৰ আমন্ত্ৰণত দুদিনীয়া ইজিপ্ত ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকী । ১৯৯৭ চনৰ পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ ।

ইজিপ্ত ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোডীয়ে চিচিৰ সৈতে আলোচনা কৰাৰ উপৰিও ইজিপ্ত চৰকাৰ, ইজিপ্তিৰ বিশিষ্ট ব্যক্তি আৰু ভাৰতীয় সম্প্ৰদায়ৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকলৰ সৈতেও তেওঁ বাৰ্তালাপ কৰাৰ সম্ভাৱনা আছে ।

যোৱা জানুৱাৰী মাহত, চিচিৰ ভাৰত ভ্ৰমণৰ সময়ত, দুয়োখন দেশে তেওঁলোকৰ সম্পৰ্কক এক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ সন্মত হয় । প্ৰধানমন্ত্ৰীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্ত আৰু পেলেষ্টাইনত সেৱা আগবঢ়োৱা আৰু শ্বহীদ হোৱা ভাৰতীয় সেনাৰ প্ৰায় ৪,০০০ সৈনিকৰ স্মাৰকৰ স্থান কায়ৰোৰ হেলিঅ'পলিছ কমনৱেলথ ৱাৰ গ্ৰেভ কবৰস্থান পৰিদৰ্শন কৰিব ।

তেওঁ দাউদী বোহৰা সম্প্ৰদায়ৰ সহায়ত পুনৰুদ্ধাৰ কৰা একাদশ শতিকাৰ আল-হাকিম মছজিদও পৰিদৰ্শন কৰিব । ভ্ৰমণ সম্পৰ্কে ২০ জুনত এক বিবৃতিত কোৱা হৈছিল যে তেওঁ প্ৰথমবাৰৰ বাবে এখন ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ দেশলৈ ৰাজ্যিক ভ্ৰমণ কৰিবলৈ পাই উৎসাহিত ।

এই বছৰ গণৰাজ্য দিৱসত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি মুখ্য অতিথি হিচাপে উপস্থিত আছিল । আনফালে কেইমাহমানৰ ভিতৰত এই দুয়োটা ভ্ৰমণ ইজিপ্তৰ সৈতে ভাৰতৰ দ্ৰুত গতিত বিকশিত হোৱা অংশীদাৰিত্বৰ প্ৰতিফলন, যাক ৰাষ্ট্ৰপতি চিচিৰ ভ্ৰমণৰ সময়ত এক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল বুলিও বিবৃতিত উল্লেখ কৰা হৈছিল ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । এই ভ্ৰমণকালত ভাৰত আৰু আমেৰিকাৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হৈছে । দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে । হোৱাইট হাউচত ৰাজ্যিক নৈশভোজত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । য'ত বিশ্বৰ শীৰ্ষ উদ্যোগপতিসকলেও অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক :PM Modi Egypt Visit : শনিবাৰে ইজিপ্ত ভ্ৰমণলৈ মোদী; ভ্ৰমণ কৰিব একাদশ শতিকাৰ আল হাকিম মছজিদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.